ETV Bharat / state

সাত মিনিটত তিনি বিঘা শস্যত ঔষধ ছটিয়াব পাৰিব কৃষকে

মৰিগাঁও উদৰী-বাখৰবড়ীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ মতবিনিম অনুষ্ঠানৰ লগত সংগতি ৰাখি আধুনিক কৃষি সজুলি প্ৰদৰ্শন ।

Exhibition of machinery in modern agricultural system
মৰিগাঁৱত আধুনিক কৃষি পদ্ধতিত যন্ত্ৰপাতিৰ প্ৰদৰ্শনী

Published : December 9, 2023 at 7:49 PM IST

Choose ETV Bharat
মৰিগাঁৱত আধুনিক কৃষি পদ্ধতিত যন্ত্ৰপাতিৰ প্ৰদৰ্শনী

মৰিগাঁও, ৯ ডিচেম্বৰঃ এতিয়াৰ পৰা কৃষকসকলে পিঠিত ষোল্ল লিটাৰ ঔষধ লৈ মুখত কাপোৰ বান্ধি পথাৰত ঔষধ ছটিয়াব নালাগে । এতিয়া দ্ৰোণৰ সহায়ত প্ৰতি সাত মিনিটত তিনি বিঘা মাটিৰ শস্যত ঔষধ ছটিয়াবলৈ সক্ষম হ'ব । শনিবাৰে এইদৰে মন্তব্য আগবঢ়াই মৰিগাঁও জিলা কৃষি বিষয়া অশোক কুমাৰ শৰ্মাই । আজি মৰিগাঁৱত আধুনিক কৃষি পদ্ধতিত যন্ত্ৰপাতিৰ প্ৰদৰ্শনীত অংশগ্ৰহণ কৰি জিলাখনৰ কৃষক সকল উপকৃত কৰাৰ বাবে কৃষি বিভাগৰ দ্বাৰা এই ব্যৱস্থা গ্ৰহণ কৰাৰ বিষয়ে তেওঁ সদৰী কৰে ।

ৰাজ্যৰ আন প্ৰান্তৰ কৃষক সকলৰ সমান্তৰালকৈ মৰিগাঁও জিলাৰ তিনিটা বিধানসভা সমষ্টি ক্ৰমে মৰিগাঁও,জাগীৰোড আৰু লাহৰীঘাট সমষ্টিত তিনিটা অত্যাধুনিক দ্ৰোণ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে এটা ব্যক্তিগত প্ৰতিষ্ঠানে । জিলাখনৰ কৃষকসকলক পৰম্পৰাগত স্প্ৰে কৰাৰ বিপৰীতে আধুনিক পদ্ধতি স্প্ৰে কৰাৰ বাবে সকলো কৃষকে সুবিধা লাভ কৰিব বুলিও তেওঁ উল্লেখ কৰে । কাৰ্যতঃ জিলাখনৰ সকলো কৃষকে ব্যৱহাৰ কৰিব পৰাকৈ প্ৰতিটো অঞ্চলৰ কৃষক উৎপাদক গোট সমূহত এই অত্যাধুনিক দ্ৰোণ স্প্ৰেটো উপলব্ধ হ'ব । তাৰ পৰা সকলো কৃষকে উপকৃত হ'ব বুলি মৰিগাঁও জিলা কৃষি বিষয়া অশোক কুমাৰ শৰ্মাই কয় । আনহাতে, এই অত্যাধুনিক দ্ৰোণটোৰ দাম পাঁচ লাখ টকা হ'ব বুলি সদৰী কৰে কৃষি বিষয়া গৰাকীয়ে। শনিবাৰে এই দ্ৰোণ স্প্ৰেটো উদ্ধোধন কৰে মৰিগাঁও জিলা আয়ুক্ত দেবাশীষ শৰ্মাই ।

ইফালে, বিকশিত ভাৰত সংকল্প যাত্ৰা কাৰ্যসূচীৰ লগত সংগতি ৰাখি মৰিগাঁও জিলা প্ৰশাসনৰ উদ্যোগত উদৰী-বাখৰবড়ীত আয়োজিত সভাত উন্নয়নমূলক কামৰ এক প্ৰদৰ্শনী তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ মতবিনিময় অনুষ্ঠিত কাৰ্যসূচীত অংশগ্ৰহণ কৰি ৰাইজক প্ৰশংসা কৰে জিলা আয়ুক্ত দেবাশীষ শৰ্মাই ।এই কাৰ্যসূচীত জিলাখনৰ উচ্চপদস্থ বিষয়া সকলৰ লগতে তিৱা স্বায়ত্ত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য জীৱন চন্দ্ৰ কোঁৱৰো উপস্থিত থাকে ।

লগতে পঢ়ক:নগাঁৱত কংগ্ৰেছৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ জিলা বিজেপিৰ