ETV Bharat / state

নাৰায়ণপুৰত প্ৰতিস্থিত ব্যৱসায়ীৰ বিৰুদ্ধে ক্ষুদ্ৰ চাহ খেতিয়কৰ প্ৰতিবাদ

author img

By

Published : Sep 4, 2021, 8:29 PM IST

বংশীগোপাল চাহ বাগিছাৰ স্বত্বাধিকাৰ ননী শইকীয়াই গুণ্ডাগিৰিৰে দোৰপাং-বিষ্ণুপুৰ চাহ বাগিছাৰ নামত আৱন্টিত ৭৫ বিঘা ভূমি দখল কৰাৰ অভিযোগ উত্থাপন কৰিছে ক্ষুদ্ৰ চাহ খেতিয়ক সকলে ।

নাৰায়ণপুৰত প্ৰতিস্থিত ব্যৱসায়ীৰ বিৰুদ্ধে ক্ষুদ্ৰ চাহ খেতিয়কৰ প্ৰতিবাদ
নাৰায়ণপুৰত প্ৰতিস্থিত ব্যৱসায়ীৰ বিৰুদ্ধে ক্ষুদ্ৰ চাহ খেতিয়কৰ প্ৰতিবাদ

বিহপুৰীয়া,4 ছেপ্তেম্বৰ: লখিমপুৰ জিলাৰ নাৰায়ণপুৰত ক্ষুদ্ৰ চাহ খেতিয়কক ভাতে মৰাৰ অভিযোগ উত্থাপন হৈছে লখিমপুৰৰ প্ৰতিস্থিত ব্যৱসায়ী নিকুঞ্জ নাৰায়ণ শইকীয়া ওৰফে ননী শইকীয়াৰ বিৰুদ্ধে । উল্লেখযোগ্য যে, নাৰায়ণপুৰৰ অসম-অৰুণাচল সীমান্তৱৰ্তী বিষ্ণুপুৰত সংঘটিত হৈছে এই কাণ্ড ।

বংশীগোপাল চাহ বাগিছাৰ স্বত্বাধিকাৰ ননী শইকীয়াই গুণ্ডাগিৰিৰে দোৰপাং-বিষ্ণুপুৰ চাহ বাগিছাৰ নামত আৱন্টিত ৭৫ বিঘা ভূমি দখল কৰাৰ অভিযোগ উত্থাপন কৰিছে ক্ষুদ্ৰ চাহ খেতিয়ক সকলে ।

নাৰায়ণপুৰত প্ৰতিস্থিত ব্যৱসায়ীৰ বিৰুদ্ধে ক্ষুদ্ৰ চাহ খেতিয়কৰ প্ৰতিবাদ
নাৰায়ণপুৰত প্ৰতিস্থিত ব্যৱসায়ীৰ বিৰুদ্ধে ক্ষুদ্ৰ চাহ খেতিয়কৰ প্ৰতিবাদ

ইপিনে ন্যায়ালয়ৰ নিৰ্দেশকো বৃদ্ধাংগুষ্ঠ প্ৰদৰ্শন কৰি ননী শইকীয়াই আৰক্ষীৰ জৰিয়তে বিষ্ণুপুৰ চাহ বাগিছা সন্থাৰ বিষয়-ববীয়া সকলক ভাবুকি দি দোৰপাং-বিষ্ণুপুৰ চাহ বাগিচাৰ ভূমি সমূহ দখল কৰাৰ অভিযোগ উত্থাপন হৈছে ৷

নাৰায়ণপুৰত প্ৰতিস্থিত ব্যৱসায়ীৰ বিৰুদ্ধে ক্ষুদ্ৰ চাহ খেতিয়কৰ প্ৰতিবাদ

আনহাতে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশকো কেৰেপ নকৰা এইগৰাকী ব্যৱসায়ীৰ বিৰুদ্ধে উপায়ন্তৰ হৈ অৱশেষত ওলাই আহিল ক্ষুদ্ৰ চাহ খেতিয়ক সকল । সংবাদ মাধ্যমৰ জৰিয়তে চৰকাৰ-প্ৰশাসনক তেওঁলোকক ন্যায় প্ৰদান কৰিবলৈ দাবী জনাইছে দোৰপাঙ-বিষ্ণুপুৰ ক্ষুদ্ৰ চাহ খেতিয়ক সকলে ।

অন্যথা ননী শইকীয়াৰ বিৰুদ্ধে ক্ষুদ্ৰ চাহ খেতিক সকলে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰিবলৈ বাধ্য হ’ব বুলি চৰকাৰ প্ৰশাসনক সকীয়াই দিছে ৷

লগতে পঢ়ক: পোন্ধৰ দিনৰ ভিতৰত কাগজ কলৰ কৰ্মচাৰীক ঘৰ খালী কৰাৰ নিৰ্দেশ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.