ETV Bharat / state

ABSU Protest in Kokrajhar: বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অপসাৰণৰ দাবীত এবছুৰ প্ৰতিবাদ

author img

By ETV Bharat Assamese Team

Published : Oct 10, 2023, 4:14 PM IST

ABSU Protest in Kokrajhar
বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অপসাৰণৰ দাবীত এবছুৰ প্ৰতিবাদ

বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ উপাচাৰ্য লাইশ্ৰাম লাড্ডু সিঙক অপসাৰণৰ দাবীত এবছুৰ প্ৰতিবাদী কাৰ্যসূচী অব্যাহত ৷ মঙলবাৰে বিটিআৰৰ পাঁচখন জিলাৰ বিভিন্ন মহাবিদ্যালয়ৰ পৰা অহা সহস্ৰাধিক ছাত্ৰ-ছাত্ৰীয়ে প্ৰতিবাদত অংশগ্ৰহণ কৰে ৷ উপাচাৰ্য লাইশ্ৰাম লাড্ডু সিঙক অপসাৰণ নকৰিলে অনিৰ্দিষ্টকাললৈ বড়োলেণ্ড বিশ্ববিদ্যালয় বন্ধ আৰু ৰাষ্ট্ৰীয় ঘাইপথ বন্ধ কৰাৰ হুংকাৰ এবছুৰ ৷

বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অপসাৰণৰ দাবীত এবছুৰ প্ৰতিবাদ

কোকৰাঝাৰ 10 অক্টোবৰ : বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ উপাচাৰ্য লাইশ্ৰাম লাড্ডু সিঙক অপসাৰণ আৰু নতুন উপাচাৰ্য নিযুক্তিৰ দাবীত এবছুৱে অব্যাহত ৰাখিছে প্ৰতিবাদী কাৰ্যসূচী ৷ বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ মুখ্য প্ৰৱেশদ্বাৰত যোৱা 6 আগষ্টৰ পৰা বিভিন্ন দল-সংগঠনে অব্যাহত ৰাখিছে প্ৰতিবাদ ৷

মঙলবাৰেও এবছুৱে বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ উপাচাৰ্য লাইশ্ৰাম লাড্ডু সিঙক অপসাৰণৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে ৷ প্ৰতিবাদত অংশ গ্ৰহণ কৰি উপাচাৰ্য লাইশ্ৰাম লাড্ডু সিঙৰ বিৰুদ্ধে সৰৱ হৈ পৰে এবছুৰ সভাপতি দ্বীপেন বড়োৱে ।

আজিৰ প্ৰতিবাদত বিটিআৰৰ পাঁচখন জিলাৰ বিভিন্ন কলেজৰ পৰা অহা সহস্ৰাধিক ছাত্ৰ-ছাত্ৰীয়ে এবছুৰ প্ৰতিবাদী কাৰ্যসূচীত অংশ লয় ৷ বিভিন্ন শ্ল’গানেৰে উপাচাৰ্য লাইশ্ৰাম লাড্ডু সিং আৰু ৰাজভৱনৰ শৈক্ষিক উপদেষ্টা মিহিৰ কান্তি চৌধুৰীৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ৷

উল্লেখ্য যে, প্ৰতিবাদকাৰীয়ে আজি বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ প্ৰৱেশদ্বাৰ অৱৰোধ কৰি ছাত্ৰ-ছাত্ৰীক বিশ্ববিদ্যালয়ত প্ৰৱেশত বাধা প্ৰদান কৰে ৷ আনহাতে এবছুৰ কেন্দ্ৰীয় সভাপতি দ্বীপেন বড়োই উপাচাৰ্য লাইশ্ৰাম লাড্ডু সিঙক অপসাৰণ নকৰালৈকে আন্দোলন অব্যাহত থাকিব বুলি স্পষ্ট কৰি দিয়ে ৷

‘‘দুৰ্নীতিগ্ৰস্ত আৰু অনিয়মৰ নায়ক লাড্ডু সিং ইয়াৰ পৰা যাবই লাগিব ৷ অন্যথা ৰাজপথ অৱৰোধ কৰা হ’ব ৷ ৰাজভৱনৰ শৈক্ষিক উপদেষ্টা মিহিৰ কান্তি চৌধুৰীয়ে লাড্ডু সিঙক ৰক্ষণাবেক্ষণ দিছে ৷ এনে কাৰ্য গৰিহণাৰ যোগ্য ৷ সময়মতে পৰীক্ষা অনুষ্ঠিত কৰিব নোৱাৰে, সময়মতে পাঠ্যক্ৰম যুগুত কৰিব নোৱাৰে, সময়মতে ফলাফল প্ৰকাশ কৰিব নোৱাৰাত ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যৎ অন্ধকাৰৰ দিশে গতি কৰিছে ৷’’ এই মন্তব্য এবছুৰ সভাপতি দ্বীপেন বড়োৰ ৷

উপাচাৰ্য লাইশ্ৰাম লাড্ডু সিঙৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ উত্থাপন কৰি শীঘ্ৰে উপাচাৰ্যগৰাকীক গ্ৰেপ্তাৰ কৰাৰ দাবী জনায় প্ৰতিবাদকাৰীয়ে ৷

লগতে পঢ়ক:Protest at Bodoland University : বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ উপাচাৰ্যক অপসাৰনৰ দাবীত উত্তাল প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.