ETV Bharat / state

কৰিমগঞ্জৰ পোৱামাৰাৰ পথ দুৰ্ঘটনাত নিহত এজন

author img

By

Published : Jun 8, 2021, 10:43 PM IST

road accident at karimganj
কৰিমগঞ্জৰ পোৱামাৰাৰ পথ দুৰ্ঘটনাত নিহত এজন

কৰিমগঞ্জৰ পোৱামাৰাৰ অসম-ত্ৰিপুৰা সংযোগী ৰাষ্ট্ৰীয় ঘাইপথত এখন তেল ভৰ্তি ট্ৰাক আৰু এখন বাইকৰ মাজত মুখামুখি সংঘৰ্ষ হয় ৷ এই দুৰ্ঘটনাটোত গোপাল দাস নামৰ এজন বাইক আৰোহী থিতাতে নিহত হোৱাৰ লগতে আনগৰাকী আৰোহী গুৰুতৰভাৱে আহত হয় ৷

কৰিমগঞ্জ, 8জুন: মঙলবাৰে কৰিমগঞ্জৰ পোৱামাৰাত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা ৷ অসম-ত্ৰিপুৰা সংযোগী ৰাষ্ট্ৰীয় ঘাইপথত এখন তেল ভৰ্তি ট্ৰাক আৰু এখন বাইকৰ মাজত হোৱা মুখামুখি সংঘৰ্ষত গোপাল দাস নামৰ এজন বাইক আৰোহী থিতাতে নিহত হোৱাৰ লগতে আনগৰাকী আৰোহী গুৰুতৰভাৱে আহত হয় ৷

সম্প্ৰতি ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ নিহত বাইক আৰোহীজনৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে কৰিমগঞ্জ জিলা হাস্পতাললৈ প্ৰেৰণ কৰাৰ লগতে দুৰ্ঘটনাত পতিত দুয়োখন বাহন আৰক্ষী থানালৈ লৈ আহে ৷

লগতে পঢ়ক: ডুমডুমাত বোকাময় পথৰ বাবে অতিষ্ঠ জনসাধাৰণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.