ETV Bharat / state

মিজো আগ্ৰাসনৰ বুজ ল’বলৈ পুনৰ কৰিমগঞ্জত উপস্থিত গৃহ বিভাগৰ সচিব

author img

By

Published : Jul 2, 2021, 1:57 PM IST

বিগত 11 জুনত অসম-মিজোৰাম সীমান্ত (Assam-Mizoram border) পৰিদৰ্শন কৰিবলৈ গৈ অসমৰ অতিৰিক্ত মুখ্য সচিব জি ডি ত্ৰিপাঠীয়ে মিজো দুৰ্বৃত্তৰ ৰোষত পৰাৰ পিছত বৃহস্পতিবাৰে পুনৰ উক্ত অঞ্চল পৰিদৰ্শনৰ বাবে উপস্থিত হয় গৃহ বিভাগৰ সচিবগৰাকী ৷

AS_KRJ_home-secretary-j-d-tripathi-visits-assam-mizoram-border-vis
মিজো আগ্ৰাসনৰ বুজ ল’বলৈ পুনৰ কৰিমগঞ্জত উপস্থিত গৃহ বিভাগৰ সচিব

কৰিমগঞ্জ, 2 জুলাই : মিজো আগ্ৰাসনৰ বুজ লবলৈ কৰিমগঞ্জৰ অসম মিজোৰাম (Assam-Mizoram border) সীমান্তত উপস্থিত গৃহ বিভাগৰ সচিব জি ডি ত্ৰিপাঠী ৷ কৰিমগঞ্জৰ প্ৰায় দুই কিলোমিটাৰ অঞ্চলত মিজো আৰক্ষীয়ে আগ্ৰাসন চলাইছে ৷ অসমৰ বন বিভাগৰ কাৰ্যালয় দখল কৰি মিজো আৰক্ষীয়ে কেম্প স্থাপন কৰাৰ লগতে পথ নিৰ্মান কৰিছে ৷ এই অঞ্চলত মিজো আৰক্ষী (Mozoram police) মিজোৰামৰ চাইনবোৰ্ড লগোৱাৰ উপৰিও অসম চৰকাৰে নিৰ্মান কৰা দলঙৰ প্ৰায় 50 % স্থান দখল কৰিছে ৷

বৃহস্পতিবাৰে এই সমগ্ৰ আঞ্চল পৰ্যবেক্ষণ কৰে গৃহ বিভাগৰ সচিবগৰাকীয়ে ৷ কৰিমগঞ্জ বন বিভাগে সচিবগৰাকীক প্ৰদান কৰা তথ্য অনুসৰি 1986 চনতে মিজোৰামে অসমৰ ভূমিত আগ্ৰাসন চলাইছিল ৷ ইয়াৰ পিছতে 2020 পুনৰ চনত ক’ভিড পৰীক্ষাৰ সুৰুঙা লৈ আগ্ৰাসন বৃদ্ধি কৰিছে মিজোৰামে ৷ সীমান্তত উপস্থিত হৈ মিজো আৰক্ষীৰ সৈতে বাৰ্তালাপ কৰে সচিব জি ডি ত্ৰিপাঠীয়ে ৷

কৰিমগঞ্জত উপস্থিত গৃহ বিভাগৰ সচিব

মিজোৰামে এইপৰ্যন্ত অসমৰ কিমান হেক্টাৰ ভূমি দখল কৰিছে এই তথ্য প্ৰকাশ কৰাৰ পৰা বিৰত থাকে গৃহ বিভাগৰ সচিবগৰাকী ৷ তেখেতে কেৱল সীমা সমস্যাৰ বুজ ল’বলৈ উপস্থিত হোৱা বুলি জনায় ৷

উল্লেখ্য যে, বিগত 11 জুনত অসম-মিজোৰাম সীমান্ত (Assam-Mizoram border) পৰিদৰ্শন কৰিবলৈ গৈ আৰু মিজো দুৰ্বৃত্তৰ ৰোষত পৰিছিল অসমৰ অতিৰিক্ত মুখ্য সচিৱ (Additional Chief Secretary of Assam )জি ডি ত্ৰিপাঠী ৷ দীৰ্ঘদিনে মিজোয়ে আগ্ৰাসন চলাই অহা অঞ্চল পৰিদৰ্শন কৰিবলৈ যোৱাত অসম-মিজোৰাম সীমান্ত (Assam-Mizoram border)ৰ লায়লাপুৰত অতিৰিক্ত মুখ্য সচিৱ গৰাকীক মিজো প্ৰশাসনে বাধা প্ৰদান কৰি দখলকৃত ভূমি মিজোৰামৰ বুলি দাবী কৰে ৷ লগতে উক্ত অঞ্চলত প্ৰৱেশৰ বাবে মিজোৰাম চৰকাৰৰ অনুমতিৰ প্ৰয়োজন হ'ব বুলি কয় ৷

তাৰ পাচতে কাছাৰ জিলা প্ৰশাসনৰ তথা আৰক্ষী বিষয়াৰ লগত মিজো আৰক্ষী আৰু দুৰ্বৃত্তৰ দলটোৰ মাজত বাক-বিতণ্ডাৰ সৃষ্টি হয় ৷ কাছাৰ জিলা প্ৰশাসনৰ মতে, অসম ভূমিত প্ৰৱেশৰ বাবে মিজোৰামৰ অনুমতিৰ কি প্ৰয়োজন নাই ৷ ঘটনাৰ সময়ত মিজো দুস্কৃতিকাৰীৰ দলটোৰ লগত উপস্থিত আছিল কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ কিছু লোক । ইয়াৰোপৰি অতিৰিক্ত মুখ্য সচিৱগৰাকীৰ কনভয়ক বাট আগচি ধৰে মিজো দুৰ্বৃত্তৰ দলটোৱে ৷

উভয় পক্ষৰ বাক-বিতণ্ডাৰ অন্তত ঘটনাস্থলীৰ পৰা উভতি আহে অতিৰিক্ত মুখ্য সচিৱ জি ডি ত্ৰিপাঠী ৷ পোনে পোনে ধলাই বন বিভাগৰ কাৰ্যালয়ত উপস্থিত হৈ জিলাখনৰ শীৰ্ষ বিষায়ৰ সৈতে সীমান্ত পৰিস্থিতি সন্দৰ্ভত এখন বৈঠকত মিলিত হয়৷ বৈঠকত অসমৰ প্ৰায় 3 কিলোমিটাৰ ভূমি মিজোৱে অধিগ্ৰহণ কৰাৰ তথ্য পোহৰলৈ আহে ৷ আলোচনাৰ অন্তত পোনে পোনে সচিৱ গৰাকী হাইলাকান্দিলৈ ৰাওনা হয় ৷

লগতে পঢ়ক- বিজেপিৰ ৰাজনীতিত দুৰ্নীতি বিৰোধী শূণ্য সহনশীলতা আজি অচল টকা !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.