ETV Bharat / state

কৰিমগঞ্জত বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ: আটক 2

author img

By

Published : Jun 28, 2021, 9:25 AM IST

AS_KRJ_drugs-seized-at-karimganj-etv-bharat-assam-vis
কৰিমগঞ্জত বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ: আটক-2

পাথাৰকান্দি আৰক্ষী (Patharkandi Police) য়ে গোপন সূত্ৰৰ ভিত্তিত আব্দুল মান্নানৰ ঘৰত অভিযান চলাই ড্ৰাগছ (Drugs) খিনি জব্দ কৰে । আৰক্ষীয়ে আব্দুল মান্নানৰ স্বীকাৰোক্তিৰ ভিত্তিত আচু বিবি নামৰ এগৰাকী মহিলা ড্ৰাগছ (Drugs) ব্যৱসায়ীক গ্ৰেপ্তাৰ কৰে ।

কৰিমগঞ্জ, 28 জুন : কৰিমগঞ্জ জিলাৰ পাথাৰকান্দি আৰক্ষী (Patharkandi Police) য়ে দেওবাৰে অভিযান চলাই বৃহৎ পৰিমাণৰ ড্ৰাগছ (Drugs) জব্দ কৰে । কৰিমগঞ্জ জিলাৰ আচিমগঞ্জ বজাৰৰ পৰা পাথাৰকান্দি আৰক্ষী (Patharkandi Police) থানাৰ বিষয়া সঞ্জীৱ তেৰঙৰ নেতৃত্বত এটা দলে এই অভিযান চলায় ৷ আৰক্ষীয়ে আব্দুল মান্নান নামৰ এজন সৰবৰাহকাৰীক আটক কৰাৰ লগতে প্ৰায় 53 টা কন্টাইনাৰত উদ্ধাৰ কৰে ড্ৰাগছখিনি । আব্দুল মান্নানৰ ঘৰ পাথাৰকান্দিৰ হাটখলা গাঁৱত ।

পাথাৰকান্দি আৰক্ষী (Patharkandi Police) য়ে গোপন সূত্ৰৰ ভিত্তিত আব্দুল মান্নানৰ ঘৰত অভিযান চলাই ড্ৰাগছ (Drugs) খিনি জব্দ কৰে । আৰক্ষীয়ে আব্দুল মান্নানৰ স্বীকাৰোক্তিৰ ভিত্তিত আচু বিবি নামৰ এগৰাকী মহিলা ড্ৰাগছ (Drugs) ব্যৱসায়ীক গ্ৰেপ্তাৰ কৰে । বৰ্তমান আৰক্ষীয়ে আচু বিবিৰ জেৰা অব্যাহত ৰাখিছে ৷

কৰিমগঞ্জত বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ: আটক-2

উল্লেখ্য যে, পাথাৰকান্দিত ত সুলভ হৈ পৰিছে বৰবিষ ড্ৰাগছ (Drugs) । কিন্তু মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা Himanta Biswa Sarma)ই ড্ৰাগছ মুক্ত অসম গঢ়াৰ কথা কোৱাৰ পাচতেই ৰাজ্যৰ পৰা ড্ৰাগছ তথা নিচাজাতীয় সামগ্ৰীৰ ঘাটি উৎখাত কৰাৰ বাবে তৎপৰ হৈছে অসম আৰক্ষী ৷

ইতিমধ্যে ৰাজ্যৰ প্ৰশাসনিক বিভাগতো ব্যাপক ৰদবদল কৰা হৈছে ৷ যাৰবাবে প্ৰতিদিনে আৰক্ষীৰ কৱলত পৰিছে ড্ৰাগছ, নিচাজাতীয় সামগ্ৰীৰ লগতে সৰবৰাহকাৰী ৷ আৰক্ষীৰ লগতে ড্ৰাগছ আৰু নিচাজাতীয় সামগ্ৰী সৰবৰাহৰ বিৰুদ্ধে সজাগ হৈ উঠিছে সাধাৰণ জনতাও ৷

কৰিমগঞ্জ আৰক্ষী (Karimganj Police)য়ে 5 জুনত কৰিমগঞ্জৰ নিলাম বজাৰৰ পৰা বুজন পৰিমাণৰ ড্ৰাগছ, নগদ ধনসহ এজন ড্ৰাগছ ব্যৱসায়ীক গ্ৰেপ্তাৰ কৰে ৷ আৰক্ষীয়ে গোপন সূত্ৰৰ তথ্যৰ ভিত্তিত বুৰহান উদ্দিন নামৰ এজন যুৱকৰ ঘৰত অভিযান চলাই প্ৰায় এক লাখ টকাৰ মূল্যৰ ড্ৰাগছ (Drugs) খিনি জব্দ কৰে ৷ আৰক্ষীয়ে সৰবৰাহকাৰীজনৰ ঘৰৰ পৰা প্ৰায় এক লাখ টকাৰ নগদ ধনো উদ্ধাৰ কৰে ৷

লগতে পঢ়ক : ডিগবৈত কিশোৰী সৰবৰাহকাৰী সন্দেহত আটক এজন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.