ETV Bharat / state

Ajp slams state BJP president: ভৱেশ কলিতাক অস্তিত্বহীন সজালে দুলু আহমেদে

author img

By ETV Bharat Assamese Team

Published : Sep 1, 2023, 12:23 PM IST

ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ দুলু আহমেদৰ ৷ প্ৰতিটো ছিণ্ডিকেটৰ কমিছন ভৱেশ কলিতাই লাভ কৰে বুলি বিস্ফোৰক অভিযোগ দুলু আহমেদৰ ৷

Ajp slams state BJP president
ভৱেশ কলিতাৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ দুলু আহমেদৰ

অসম জাতীয় পৰিষদৰ কেন্দ্ৰীয় উপ সভাপতি দুলু আহমেদ

ৰঙিয়া, 1 আগষ্ট: এটাৰ পিচত আনটো বিতৰ্কত নাম সাঙোৰ খাইছে ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ ৷ এইবাৰ ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ তুলিছে অসম জাতীয় পৰিষদৰ কেন্দ্ৰীয় উপ-সভাপতি দুলু আহমেদে । বিজেপিত যদি চাকৰিৰ দুৰ্নীতি হৈছে, টোলগেটৰ কমিছন পাইছে, চেক গেটৰ কমিছন পাইছে, যদি চুপাৰীৰ চিণ্ডিকেট হৈছে, বালিৰ চিণ্ডিকেট হৈছে প্ৰথম ভাগটো ৰাজ্যিক বিজেপিৰ সভাপতি হিচাপে ৰঙিয়াৰ বিধায়ক ভৱেশ কলিতাৰ হাতলৈ । কাৰণ তেওঁ বিজেপিৰ শীৰ্ষ পৰ্যায়ত আছে ‌। প্ৰতিটো কামৰ চিণ্ডিকেটত জড়িত ৰঙিয়াৰ বিধায়ক তথা ৰাজ্যিক বিজেপি সভাপতি ভৱেশ কলিতা ।

আহমেদে পুনৰ কয়, "বৰ্তমান ভৱেশ কলিতা দুৰ্নীতিত লুতুৰি-পুতুৰি হৈছে । আজিৰ তাৰিখত ৰাজনীতিত ভৱেশ কলিতা কোনো ফেক্টৰে নহয় বুলিও বিস্ফোৰক মন্তব্য কৰে অসম জাতীয় পৰিষদৰ নেতা দুলু আহমেদে । ইফালে বিজেপি কাৰ্যালয়ত সন্ধিয়া 7 বজাৰ পিছত মহিলাৰ প্ৰৱেশ বন্ধ কৰা সন্দৰ্ভত মন্তব্য কৰি কয় যে, বিজেপিৰ কথা বতৰাই প্ৰমাণ কৰিছে যে, তাত সন্ধিয়া 7 বজাৰ পিছত অবৈধ কাম চলিছিল । যদি বিজেপি কাৰ্যালয়ত দুৰ্নীতি চলে তেন্তে অসমৰ আন মন্ত্ৰী, বিধায়কৰ কথা বাদে তাৰ বাবে প্ৰথম দায়ী ভৱেশ কলিতা, কাৰণ তেওঁ ৰাজ্যিক বিজেপিৰ সভাপতি হয় ।’’

আনহাতে, ইন্দ্ৰাণী তদবিলদাৰ নামৰ মহিলাগৰাকীৰ আত্মহত্যাৰ প্ৰসংগ উত্থাপন কৰি আহমেদে কয়, "কি কাৰণে কৰিছে, ক’ত টকাৰ লেনদেন হৈছিলে, ক’ত টকা দিছিলে, ক’ত ওপৰৰ মালে টকা লৈছিলে এইবিলাক বিৰোধীয়ে কৈ থকা নাই । তেখেতসকলৰ ( বিজেপি) লগত জড়িত থকা আৰক্ষীৰ জিম্মাত থকা জেৰাৰ সন্মুখীন হৈ এইবোৰ কথা কৈ আছে ।"

আহমেদে পুনৰ কয়, "চাকৰিৰ কথা বিৰোধীয়ে কৈ থকা নাই । যিগৰাকী মহিলাই আত্মহত্যা কৰিছে অন্য দলৰ সদস্য নহয় বিজেপিৰ কিষাণ মৰ্চাৰ সদস্য । যিসকল গ্ৰেপ্তাৰ হৈছে গোটেই বিজেপি দলৰ লগত থকা সদস্য । চাকৰিৰ কমিচনৰ লগতে প্ৰত্যেকটো কমিচনত জড়িত ভৱেশ কলিতা । গতিকে ভৱেশ কলিতাই অসম জাতীয় পৰিষদক জ্ঞানৰ পোহৰ বিলোৱাৰ কোনো দৰকাৰ নাই বুলি সকীয়াই দিয়ে ভৱেশ কলিতাক । যিজন ব্যক্তিৰ নিজৰে জ্ঞান নাই সেইগৰাকী ব্যক্তিয়ে শিল্পীক জ্ঞান দিব লাগে, বুলি আমাক শিকাব নালাগে ৷’’

লগতে পঢ়ক: Bhupen Bora to BJP: কংগ্ৰেছৰ অফিচটো দেখিবলৈ বেয়া কিন্তু মানুহবিলাকৰ অন্তৰ ভাল; ভূপেন বৰা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.