ETV Bharat / state

Rangia artificial flood : কৃত্ৰিম বানৰ সমস্যাত জৰ্জৰিত ৰঙিয়াৰ ৩ নং ৱাৰ্ডৰ ৰাইজ

author img

By

Published : Nov 3, 2022, 12:15 PM IST

ৰঙিয়াৰ ৩ নং ৱাৰ্ডৰ সাহিত্য সভা পথৰ দুৰৱস্থাই সমস্যাত পেলাইছে ৰাইজক (Road problem in Rangia)। বছৰৰ প্ৰতিটো সময়তে কৃত্ৰিম বানত ডুূবি থাকে পথটো । ফলত শিক্ষাৰ্থী, ৰোগী আৰু আন পথচাৰী অতি বিপদসংকুলভাৱে পাৰ হ'বলগীয়া হয় পথটোৰে । পৌৰসভাৰ হেমাহিৰ বাবে এই সমস্যাত অঞ্চলটোৰ ৰাইজ ।

Rangia
কৃত্ৰিম বানৰ সমস্যাত জৰ্জৰিত ৰঙিয়াৰ ৩ নং ৱাৰ্ডৰ ৰাইজ

ৰঙিয়া,৩ নৱেম্বৰ : কৃত্ৰিম বানৰ সমস্যাত ৰঙিয়াৰ এটা অঞ্চলৰ ৰাইজ (Artificial flood in Rangia)। কি বাৰিষা, কি খৰালি, বছৰৰ প্ৰতিটো সময়তে কৃত্ৰিম বানৰ সমস্যাৰ বাবে দুৰ্ভোগ ভুগি আহিছে অঞ্চলটোৰ ৰাইজে । কৃত্ৰিম বানৰ বাবে ৰঙিয়াৰ মাজমজিয়াৰ ৩ নং ৱাৰ্ডৰ ৰাইজে হাৰাশাস্তি ভুগিবলগীয়া হৈছে ।

ৱাৰ্ডটোৰ ৰঙিয়া সাহিত্য সভা পথটো বছৰৰ প্ৰতিটো সময়তে পানীৰ তলত ডুবি থাকে । এজাক বৰষুণতে পথটোত একাঠু পৰ্যন্ত পানী হয় (Artificial flood in Rangia ward no 3)। ফলস্বৰূপে পথ বা পদপথেৰে আহিব নোৱাৰে পথচাৰী । আনহাতে লেতেৰা, আৱৰ্জনাৰে ভৰা পানী গচকি বিদ্যালয়, মহাবিদ্যালয়ৰ শিক্ষাৰ্থী আৰু আন লোকসকলেও পথটো পাৰ হ'বলগীয়া হয় ।

বছৰৰ প্ৰতিটো সময়তে পানীত ডুবি থকা পথটো সম্প্ৰতি জহি-খহি গৈছে (Rangia road poor condition)। এই কৃত্ৰিম বানৰ বাবে ৰাইজে ৰঙিয়া পৌৰসভাক দোষাৰোপ কৰিছে । প্ৰতিবছৰে নলা-নৰ্দমা পৰিষ্কাৰ কৰাৰ দাবী কৰি আহিছে যদিও পৌৰসভাই সঠিকভাৱে কাম নকৰাৰ বাবেই নলাবোৰ নিষ্কাষণ নহয় । ফলস্বৰূপে আৱৰ্জনা ভৰ্তি নলাৰে পানী যাব নোৱাৰি পথত কৃত্ৰিম বানৰ সৃষ্টি কৰে (Public slams Rangia municipality)।

ইফালে উক্ত পথটোৰ কাষতে আছে ৰঙিয়া মহকুমা ন্যায়িক দণ্ডাধীশৰ আদালত, ৰঙিয়া ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়, ৰঙিয়া সাহিত্য সভা ভৱন লগতে কেইবাখনো ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠান আৰু চৰকাৰী কাৰ্যালয় । বিশেষকৈ শিক্ষাৰ্থীসকলে নিতৌ বোকা-পানী গচকি পাৰ হ'বলগীয়া হোৱাৰ বাবে ছালৰ ৰোগকে ধৰি বিভিন্ন সমস্যাৰ সন্মুখীন হৈছে । এজাক বৰষুণতে পানীৰে ভৰি পৰা পথটোত আনকি বহু দুৰ্ঘটনাও সংঘটিত হৈছে ।

ৰাইজে এই ক্ষেত্ৰত ৰাজ্যিক বিজেপিৰ সভাপতি তথা স্থানীয় বিধায়ক ভৱেশ কলিতা আৰু ৰঙিয়া পৌৰসভা কাৰ্যালয়ত বাৰে বাৰে আবেদন নিবেদন কৰাৰ পিছতো কোনো গুৰুত্ব দিয়া নাই । যাৰ বাবে বছৰ বছৰ ধৰি এনেদৰে কৃত্ৰিম বান আৰু অ-স্বাস্থ্যকৰ পৰিৱেশত যাতায়াত কৰিবলগীয়া হৈছে ৰাইজে । ৰঙিয়াৰ মাজমজিয়াৰ এই গুৰুত্বপূৰ্ণ পথটো পুনঃনিৰ্মাণ কৰাৰ লগতে নলা-নৰ্দমাসমূহ নিষ্কাষণ কৰিবলৈ পুনৰবাৰ দাবী জনাইছে অঞ্চলটোৰ ৰাইজে ।

লগতে পঢ়ক :Dengue cases increasing: কাৰ্বি আংলঙত ডেংগুত আক্ৰান্ত শতাধিক লোক, তিনিগৰাকীৰ মৃত্যু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.