ETV Bharat / state

Road Accident at Rangia: ভয়ংকৰ পথ দুৰ্ঘটনাত আহত 15 যাত্ৰী

author img

By

Published : Aug 2, 2022, 9:40 PM IST

ৰঙিয়াত সংঘটিত হোৱা এক ভয়ংকৰ পথ দূৰ্ঘটনাত আহত হয় প্ৰায় 15 জন বাছ যাত্ৰী ৷ আল্ট্ৰা বাছ আৰু টেইলৰৰ মুখামুখী সংঘৰ্ষৰ ফলত এই দুৰ্ঘটনাটো সংঘটিত হয় (Road Accident at Rangia)।

Road Accident at Rangia
ভয়ংকৰ পথ দুৰ্ঘটনাত আহত হ’ল প্ৰায় 15 জন যাত্ৰী

ৰঙিয়া, 2 আগষ্ট: ৰঙিয়াত আজি ৩১ নং ঘাইপথৰ বালাগাঁৱত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় (Road Accident at Rangia)। নলবাৰীৰ পৰা গুৱাহাটী অভিমুখী এখন আল্ট্ৰা বাছ আৰু গুৱাহাটীৰ পৰা নলবাৰী অভিমুখী এখন টেইলৰৰ মুখামুখী সংঘৰ্ষৰ ফলত এই দুৰ্ঘটনাটো সংঘটিত হয় ।

ভয়ংকৰ পথ দুৰ্ঘটনাত আহত হ’ল প্ৰায় 15 জন যাত্ৰী

দুৰ্ঘটনাগ্ৰস্ত বাছখনৰ নম্বৰ AS01FC7610 আৰু টেইলৰখনৰ নম্বৰ AS01NC6797 ৷ প্ৰত্যক্ষদৰ্শীৰ ভাষ্য অনুসৰি গুৱাহাটীৰ পৰা নলবাৰী অভিমুখে গৈ থকা টেইলৰখনে বালাগাঁৱৰ ডিভাইডাৰেৰে পথ সলনি কৰাৰ সময়তে বিপৰীত দিশৰ পৰা অহা আল্ট্ৰা বাছখনে খুন্দা মাৰে (Bus trailer collision at Rangia) । দুৰ্ঘটনা সংঘটিত কৰিয়েই টেইলৰখনৰ চালক হেণ্ডিমেনে স্থান এৰি পলায়ন কৰে ।

দুৰ্ঘটনাটোৰ ফলত বাছখনত থকা প্ৰায় পোন্ধৰজন যাত্ৰী আহত হয় । যাত্ৰীসকলে প্ৰথমিক চিকিৎসা গ্ৰহণ কৰাৰ পিছত অন্য বাছেৰে গন্তব্য স্থানলৈ যাত্ৰা কৰে ।

লগতে পঢ়ক: Road accident at Naharkatia : নাহৰকটীয়াত মৃত্যুদূতৰ ৰূপত এখন i20

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.