ETV Bharat / state

পাঁচ বজাৰ শীৰ্ষ দহটা বাতৰি...

author img

By

Published : May 3, 2021, 5:12 PM IST

পাঁচ বজাৰ শীৰ্ষ দহটা বাতৰি...

Top ten news at at 5 Pm
পাঁচ বজাৰ শীৰ্ষ দহটা বাতৰি

হিমন্ত বিশ্ব শৰ্মাৰ বাসগৃহত উপস্থিত অতুল বৰা-কেশৱ মহন্ত

মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ বাসগৃহত উপস্থিত অগপৰ সভাপতি অতুল বৰা আৰু কাৰ্যকৰী সভাপতি কেশৱ মহন্ত । এই সাক্ষাৎ এক সৌজন্যমূলক সাক্ষাৎ বুলি মন্তব্য অগপৰ সভাপতি গৰাকীৰ ৷

বৃন্দাবন গোস্বামীৰ চৰকাৰী আৱাসগৃহ বাচনি কৰিলে অখিল গগৈয়ে

শিৱসাগৰ সমষ্টিৰ পৰা বৃহৎ জয়লাভৰ পাচতে সোমবাৰে 53 নং বিধায়কৰ চৰকাৰী আৱসাগৃহটো বাচনি অখিল গগৈৰ ৷ পূৰ্বে এই আৱাসগৃহটোত আছিল প্ৰাক্তন অগপ নেতা বৃন্দাবন গোস্বামী ৷

ক'ভিড-১৯: ভাৰতত নতুনকৈ ৩.৬৮ লাখ লোক আক্ৰান্ত

সমগ্ৰ দেশতে অব্যাহত আছে কৰ'ণা মহামাৰীৰ বিভীষিকা । বিগত ২৪ ঘণ্টাত ভাৰতত মহামাৰীৰ কবলত পৰিছে ৩.৬৮ লাখ লোক আৰু প্ৰাণ হেৰুৱাইছে ৩,৪১৭ জনে ।

দ্বিতীয়বাৰলৈ মাহমাৰৰ বিধায়ক হিচাপে নিৰ্বাচিত মন্ত্ৰী যোগেন মহন

দ্বিতীয়বাৰলৈ মাহমৰাৰ বিধায়ক হিচাপে নিৰ্বাচিত হ'ল মন্ত্ৰী যোগেন মহন ৷ কংগ্ৰেছ, ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদে মন্ত্ৰীগৰাকীৰ ভোট যুদ্ধত কিছু প্ৰত্যাহ্বান সৃষ্টি কৰিব বুলি ভৱা হৈছিল যদিও দেওবাৰে ঘোষণা কৰা নিৰ্বাচনৰ ফলাফলত বিপুল ভোটত জয় লাভ কৰিবলৈ সক্ষম হ'ল বিজেপি প্ৰাৰ্থী যোগেন মহন ৷

নিৰ্বাচনৰ ফলাফলক লৈ সন্তুষ্ট প্ৰমোদ বড়ো

সংবাদমাধ্যমৰ আগত ৰাজ্যৰ ভোটগণনাৰ ফলাফলক লৈ সন্তোষ্ট প্ৰকাশ কৰি বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য তথা ইউপিপিএল দলৰ সভাপতি প্ৰমোদ বড়োই কয়, ভোটাৰ ৰাইজে পৰিৱৰ্তন বিচাৰিছে আৰু ভোটদানেৰে ৰাইজে পৰিৱৰ্তন আনি দিলে ৷

কৰ্ণাটকত অক্সিজেনৰ অভাৱত ২৪ গৰাকী ক'ভিড ৰোগীৰ মৃত্যু

কৰ্ণাটকৰ চামৰাজনগৰ ক'ভিড চিকিৎসালয়ত অক্সিজেনৰ অভাৱ আৰু আন সমস্যাৰ বাবে ২৪ ঘণ্টাৰ ভিতৰত ২৪ গৰাকী ৰোগীৰ মৃত্যু হয় । চিকিৎসালয়খনৰ আই চি ইউত চিকিৎসাধীন ৫০ জনতকৈও অধিক ৰোগী ভুগি আছে অক্সিজেনৰ অভাৱত ।

জনীয়া সমষ্টিত জয় এআইইউডিএফৰ প্ৰাৰ্থী ড৹ হাফিজ ৰফিকুল ইছলামৰ

জনীয়া বিধানসভা সমষ্টিত তৃতীয় বাৰৰ বাবে ১,৫৫,৯১৭ টা ভোট লাভ কৰি এ আই ইউ ডি এফৰ প্ৰাৰ্থী ড৹ হাফিজ ৰফিকুল ইছলামে বৃহৎ ভোটৰ ব্যৱধানত জয়ী হ’বলৈ সক্ষম হয় । ড৹ ৰফিকুল ইছলামৰ প্ৰতিদ্বন্দী বিজেপি প্ৰাৰ্থী স্বহিদুল ইছলামে ১১,৩৫৩ টা ভোট পাবলৈ সক্ষম হয় ।

এপ্ৰিলত ইন্দোৰত ১৫০০ৰো অধিক লোকৰ শেষকৃত্য সম্পন্ন

কৰ'ণা আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ প্ৰকৃত সংখ্যা লুকুওৱাৰ অভিযোগ উত্থাপন হৈছে মধ্য প্ৰদেশ চৰকাৰৰ বিৰুদ্ধে । শ্মশানত কৰ্মৰত হৈ থকা লোকসকলৰ মতে, যোৱা এপ্ৰিল মাহত ইন্দোৰৰ মাত্ৰ এখন শ্মশানত ১৫০০ৰো অধিক লোকৰ শেষকৃত্য সম্পন্ন হৈছে । এই সংখ্যা আৰু চৰকাৰে প্ৰকাশ কৰা মৃতকৰ সংখ্যাৰ মাজত আছে বৃহৎ পাৰ্থক্য ।

সৰ্বানন্দ সোণোৱালৰ জয়ত মাজুলীত আনন্দৰ বন্যা

মাজুলী সমষ্টিত সৰ্বানন্দ সোণোৱালে জয় লাভ কৰাৰ পাচতে সমষ্টিবাসীৰ মাজত এক প্ৰকাৰ বিজয় উল্লাস দেখিবলৈ পোৱা গৈছে ৷ সমষ্টিটোৰ পৰা বিপুল সংখ্যক ভোটত জয় লাভ কৰাৰ পাছতেই ডেকা শেনছোৱাৰ গাঁওবাসীয়ে আনন্দতে 3 হাজাৰ বন্তি জ্বলাই ক’ভিড প্ৰ’টকলৰ মাজেৰে ‘আকৌ এবাৰ সৰ্বা চৰকাৰ’ লিখি বিজয় উৎসৱ অনুষ্ঠিত কৰে ৷ ইফালে, ৰাজ্যৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী হিচাপে সৰ্বানন্দ সোণোৱালকে বিচাৰিলে মাজুলীবাসীয়ে ৷

অনুষ্টুপীয়াকৈ অনুষ্ঠিত হ'ব শপত গ্ৰহণ সমাৰোহঃ ষ্টেলিন

তামিলনাডুত চৰকাৰ গঠন কৰিবলৈ সাজু ডি এম কে । বিধানসভা নিৰ্বাচনত জয় লাভ কৰাৰ বাবে আনন্দিত হ'লেও এইবাৰ তামিলনাডুত অনুষ্টুপীয়াকৈ অনুষ্ঠিত হ'ব শপত গ্ৰহণ সমাৰোহ । মহামাৰীৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে বুলি জানিবলৈ দিছে ডি এম কে প্ৰধান এম.কে ষ্টেলিনে । ৭ মে'ত মুখ্যমন্ত্ৰীৰ আসন অলংকৃত কৰিব এম.কে ষ্টেলিনে ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.