ETV Bharat / state

M-13 নে কাৰ্বি পথ : ক’ত হ’ব সোণোৱালৰ নতুন ঠিকনা ?

author img

By

Published : Jun 4, 2021, 8:31 PM IST

Updated : Jun 5, 2021, 6:56 PM IST

জুন মাহৰ ভিতৰতেই প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ত্যাগ কৰিব খাৰঘুলি পাহাৰৰ ব্ৰহ্মপুত্ৰ ৰাজ্যিক অতিথিশালা । মুখ্যমন্ত্ৰী হোৱা দিনৰে পৰাই এই অতিথিশালাটো সোণোৱালে তেওঁৰ বাসগৃহ হিচাপে ব্যৱহাৰ কৰি আহিছে । ব্ৰহ্মপুত্ৰ অতিথিশালাৰ পৰা আহি সোণোৱালে প্ৰৱেশ কৰিব দিছপুৰৰ মিনিষ্টাৰ্ছ কলনিত । পাহাৰৰ পৰা ভৈয়ামলৈ নামিব প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ৷ খাৰঘুলি পাহাৰৰ ব্ৰহ্মপুত্ৰ ৰাজ্যিক অতিথিশালাৰ ঠিকনা এৰি নতুন ঠিকনা ল’ব সৰ্বানন্দ সোণোৱালে ৷ সৰ্বানন্দ সোণোৱালৰ বাবে নতুনকৈ সজোৱা হৈছে মিনিষ্টাৰ্ছ কলনীৰ M-13 নং কোৱাটাৰটো ৷ ইয়াৰোপৰি গুৱাহাটী মহানগৰীৰ জ্যোতিকুছি অঞ্চলৰ এক নং কাৰ্বি পথত আছে সৰ্বানন্দ সোণোৱালৰ নিজা আৱাসগৃহ । সজাই তোলা হৈছে এইটো বাসগৃহও ৷ কিন্তু এতিয়াও নিশ্চিত হোৱা নাই ক’ত থাকিব সৰ্বানন্দ সোণোৱাল ৷

sonowal new house
সৰ্বানন্দ সোণোৱালৰ বাবে বাস্তুশাস্ত্ৰ মতে সজোৱা হৈছে M-13

গুৱাহাটী, ৪ জুন : অচিৰেই সলনি হ’ব প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ঠিকনা ৷ সোণোৱালৰ ঠিকনা হ’ব পাৰে দিছপুৰৰ মিনিষ্টাৰ্ছ কলনীৰ M-13 নং কোৱাটাৰ ৷ এতিয়া M-13 ত পূৰ্ণোদ্যমে চলিছে নতুনকৈ ইয়াক সজাই পৰাই তোলাৰ কাম । কিয়নো চলিত মাহৰ ভিতৰতে এই ঘৰটোলৈ আহিব এগৰাকী নতুন আবাসী । তেওঁৰ পচন্দমতেই বাস্তুশাস্ত্ৰৰ বিধি অনুসৰি M-13 ক নতুন ৰূপ দিয়া হৈছে । উল্লেখযোগ্য যে, জুন মাহৰ ভিতৰতেই প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ত্যাগ কৰিব খাৰঘুলি পাহাৰৰ ব্ৰহ্মপুত্ৰ ৰাজ্যিক অতিথিশালা । মুখ্যমন্ত্ৰী হোৱা দিনৰে পৰাই এই অতিথিশালাটো সোণোৱালে তেওঁৰ বাসগৃহ হিচাপে ব্যৱহাৰ কৰি আহিছে । ব্ৰহ্মপুত্ৰ অতিথিশালাৰ পৰা আহি সোণোৱালে প্ৰৱেশ কৰিব দিছপুৰৰ মিনিষ্টাৰ্ছ কলনিত । তেওঁৰ নতুন ঠিকনা হ’ব M-13 । সেয়েহে তেওঁ যি ধৰণে বিচাৰিছে সেই ধৰণে সজাই পৰাই তোলা হৈছে কোৱাৰ্টাৰটো ।

বাস্তু বিশেষজ্ঞৰ পৰামৰ্শ অনুসৰি ঘৰটোৰ প্ৰৱেশদ্বাৰ দক্ষিণ দিশৰ পৰা পূৱ দিশলৈ সলনি কৰা হৈছে । একেদৰে পূৰ্বতে শোৱনী কোঠা আছিল উত্তৰ দিশত । এতিয়া ইয়াক পশ্চিম দিশে সজোৱাৰ ব্যৱস্থা কৰা হৈছে । এই সকলোবিলাক কাম সম্পূৰ্ণ হৈ উঠিলেই M-13 ত গৃহ প্ৰৱেশ ঘটিব সৰ্বানন্দ সোণোৱালৰ ৷

দিছপুৰৰ মিনিষ্টাৰ্ছ কলনিৰ কোৱাৰ্টাৰ নম্বৰ M-13 । পূৰ্বৰ বিজেপি নেতৃত্বাধীন চৰকাৰখনৰ কাৰ্যকালত এই ঘৰটোৰ আবাসী আছিল সেই সময়ৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ পৰম বান্ধৱ তথা তেতিয়াৰ তেওঁৰ মিডিয়া উপদেষ্টা হৃষীকেশ গোস্বামীৰ । কেবিনেট মৰ্যাদাৰে অধিষ্ঠিত হৈ আছিল মুখ্যমন্ত্ৰীৰ মিডিয়া উপদেষ্টা গৰাকী । দিন বাগৰিল । দিছপুৰত চৰকাৰ সলনি হ'ল, মুখ্যমন্ত্ৰীও সলনি হ'ল । বিধি অনুসৰি হৃষীকেশ গোস্বামীয়েও খালি কৰিবলগীয়া হ'ল M- 13 ।

লগতে পঢ়কঃ ঠিকনা সলনি হ’ব সৰ্বানন্দ সোণোৱালৰ !

Last Updated : Jun 5, 2021, 6:56 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.