ETV Bharat / state

কাইলৈ সৰুসজাইত নৰ্থ ইষ্ট ইউনাইটেড এফ চি আৰু উৰিষ্যা এফ চিৰ মহাৰণ

author img

By

Published : Oct 25, 2019, 11:09 PM IST

নৰ্থ ইষ্ট ইউনাইটেড এফ চিত অন্তৰ্ভূক্ত অসমৰ বিনিত ৰয়

2019 বৰ্ষৰ "ইণ্ডিয়ান চুপাৰ লিগ"ৰ নৰ্থ ইষ্ট ইউনাইটেড এফ চি দলত অন্তৰ্ভুক্ত অসমৰ বিনিত ৰয় ৷ শনিবাৰে উৰিষ্যা এফ চিৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব দলটো ৷

গুৱাহাটী, 25 অক্টোবৰঃ শনিবাৰে গুৱাহাটীৰ ইণ্ডিৰা গান্ধী এথেলেটিক ষ্টেডিয়ামত নৰ্থ ইষ্ট ইউনাইটেড এফ চি আৰু উৰিষ্যা এফ চিৰ মাজত অনুষ্ঠিত হ'ব ফুটবলৰ মহাৰণ। ইতিমধ্যেই গুৱাহাটীত আহি উপস্থিত হৈছে দুয়োটা দল। 2019 বৰ্ষৰ "ইণ্ডিয়ান চুপাৰ লিগ"ৰ দ্বিতীয়খন খেলত অৱতীৰ্ণ হ'ব "নৰ্থ ইষ্ট ইউনাইটেড এফ চি" ৷ শুকুৰবাৰে সৰুসজাই ষ্টেডিয়ামৰ সভাকক্ষত দুয়োটা দলৰ প্ৰশিক্ষকে পৃথকে পৃথকে সংবাদমেল সম্বোধন কৰে ৷ উৰিষ্যাৰ বিৰুদ্ধে খেলখনত নৰ্থ ইষ্ট ইউনাইটেড এফ চি দলত অন্তৰ্ভুক্ত কৰা হৈছে অসমৰ খেলুৱৈ বিনিত ৰয়ক ৷ বিনিত ৰায় আৰু দলটোৰ প্ৰশিক্ষণ জোচেপ গমবাৱে কাইলৈৰ মেচৰ বাবে দলটোৰ সম্পূৰ্ণ সাজু বুলি সংবাদমেলত মন্তব্য কৰে ।

নৰ্থ ইষ্ট ইউনাইটেড এফ চিত অন্তৰ্ভুক্ত অসমৰ বিনিত ৰয়

লগতে পঢ়কঃ পৰ্যটকক আদৰিবলৈ সাজু টাৱাং ৷ 29 -31 অক্টোবৰলৈ টাৱাং মহোৎসৱ-2019

Intro:কাইলৈ গুৱাহাটীৰ ইণ্ডিৰা গান্ধী এথেলেটিক ষ্টেডিয়ামত নৰ্থ ইষ্ট ইউনাইটেড এফ চি আৰু উৰিষ্যা এফ চিৰ মাজত অনুষ্ঠিত হ'ব মহাৰণ। ইতিমধ্যেই গুৱাহাটীত আহি উপস্থিত হৈছে দুয়োটা দল। শুকুৰবাৰে সৰুসজাই ষ্টেডিয়ামৰ সভাকক্ষত দুয়োটা দলৰ প্ৰশিক্ষকে পৃথকে পৃথকে সংবাদমেল সম্বোধন কৰে। নতুনকৈ আই এছ এলত এইবাৰ অন্তৰ্ভুক্ত হোৱা দলটোত থাকিব অসমৰ বিনিত ৰায়। বিনিত ৰায় আৰু দলটোৰ প্ৰশিক্ষণ জোচেপ গমবাৱে কাইলৈৰ মেচৰ বাবে দলটোৰ সম্পূৰ্ণ সাজু বুলি সংবাদমেলত মন্তব্য কৰে।


Body:এইবাৰ আই এছ এলত শ্ৰেষ্ঠত্বৰ অৰ্জনৰ বাবে কঠোৰ অনুশীলন কৰাৰ কথাও জানিবলৈ দিয়ে প্ৰশিক্ষকগৰাকীয়ে। ঘৰুৱা দৰ্শকৰ সন্মুখত ভাল খেল প্ৰদৰ্শন কৰিম বুলি কয় বিনিত ৰায়ে। ইফালে উৰিষ্যাক পৰাজিত কৰিবলৈ সম্পূৰ্ণ প্ৰস্তুত নৰ্থ ইষ্ট ইউনাইটেড এফ চি। ইতিমধ্যেই দলটোৱে বাংগালোৰু এফ চিৰ লগত মুখামুখি হৈ নিজৰ পাৰদৰ্শিতা দেখুৱাইছে। মেচখন ড্ৰ হৈছিল যদিও তীব্ৰ প্ৰতিদ্বন্দিতা আছিল খেলখন। ইফালে নৰ্থ ইষ্ট ইউনাইটেড এফ চিৰ এছামো জ্ঞানৰ ওপৰত দৃষ্টি নিক্ষেপ থাকিব দৰ্শকৰ।


Conclusion:HIRUL HAQUE I GUWAHATI
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.