ETV Bharat / state

Dighalipukhuri Eviction: খাও গল্লিত উচ্ছেদ নচলে; কিন্তু কঠোৰ নিয়ম প্ৰয়োজ্য হ’ব

author img

By ETV Bharat Assamese Team

Published : Oct 8, 2023, 7:09 PM IST

‘খাও গল্লি’ৰ উচ্ছেদৰ প্ৰসংগত মুখ খুলিলে মেয়ৰ মৃগনে শৰণীয়াই ৷ ‘‘উচ্ছেদ নহয় ‘খাও গাল্লি’ ৷ কঠোৰ নীতি-নিয়মহে প্ৰণয়ন কৰা হ’ব ৷’’ এই মন্তব্য মৃগেন শৰণীয়াৰ ৷

GMC Mayor Mrigen Sarania
খাও গল্লিৰ বাবে নতুন নীতি নিয়ম লৈ আহি আছে GMC

খাও গল্লিৰ বাবে নতুন নীতি নিয়ম লৈ আহি আছে GMC

গুৱাহাটী, 8 অক্টোবৰ: মহানগৰীৰ দীঘলী পুখুৰীৰ ‘খাও গল্লি’ৰ স্পাইৰেল পটেট’ খাইছে আপুনি ! স্পাইৰেল পটেট’ৰ বাবে এৰাতিৰ ভিতৰতে জনপ্ৰিয় হোৱা মহানগাৰীৰ ‘খাও গল্লি’ত থকা দোকানসমূহ উচ্ছেদ কৰিব নেকি মহানগৰ প্ৰশাসনে ! কিয়নো ‘খাও গল্লি’ৰ দোকান-পোহাৰসমূহ উচ্ছেদ কৰাৰ কথা চৰ্চিত হৈছে ৷

প্ৰকৃততে ‘খাও গল্লি’ত থকা দোকানসমূহ উচ্ছেদ কৰিব নে নকৰে তাৰ সন্দৰ্ভত এইবাৰ স্পষ্টীকৰণ দিলে মেয়ৰ মৃগেন শৰণীয়াই ৷ দেওবাৰে লতাশিলত অনুষ্ঠিত অমৃত কলহ যাত্ৰা কাৰ্যসূচীত অংশ লৈ উচ্ছেদৰ প্ৰসংগত মেয়ৰ শৰণীয়াই কয়, ‘‘বন্ধ নহয় দীঘলী পুখুৰীৰ ‘খাও গল্লি’ । পূৰ্বৰ দৰে চলি থাকিব দোকানবোৰ ।’’

তেওঁ লগতে কয়, ‘‘অচিৰেই অধিক কঠোৰ নীতি নিয়মৰ অধীনলৈ আহিব এই ব্যৱসায়িক প্ৰতিষ্ঠানসমূহ । জি এম চিয়ে জাৰি কৰিব কেতবোৰ নীতি-নিৰ্দেশনা ৷ এই নিৰ্দেশসমূহ মানি চলিব লাগিব । ড্ৰেচ কোড, আইকাৰ্ড, ব্যৱসায়ী পঞ্জীয়ন থাকিব প্ৰতিষ্ঠানসমূহৰ ৷’’

‘‘মহানগৰীত খাও গল্লিৰ কথা কেৱল ঘোষণাহে কৰা হৈছে ৷ এতিয়ালৈকে নিৰ্দেশনা দিয়া হোৱা নাই । দীঘলীপুখুৰীকে ধৰি গুৱাহাটীৰ কেইবাটাও স্থানত হ’ব `খাও গল্লি’ । দীঘলীপুখুৰীত থকা খাও গল্লিত বিশৃংখল পৰিস্থিতি সৃষ্টি হোৱাৰ বাবেহে মাইকযোগে জাননী দিয়া হৈছিল । শীঘ্ৰে ‘খাও গল্লি’ৰ ক্ষেত্ৰত প্ৰযোজ্য হ'ব নীতি-নিয়ম ।’’ এই মন্তব্য মেয়ৰ শৰণীয়াৰ ৷

আনহাতে অসমীয়া যুৱক-যুৱতীয়ে ব্যৱসায় কৰাৰ বাবে ‘খাও গল্লি’ৰ পৰা দোকানসূহ উচ্ছেদ কৰা হ’ব নেকি বুলি সাংবাদিকে কৰা প্ৰশ্ন উত্তৰত মেয়ৰ গৰাকীয়ে কয় যে পূৰ্বৰে পৰা থকা যুৱক-যুৱতীসকলে কৰি থাকিব পাৰিব ব্যৱসায় । পৌৰ নিগমে নীতি-নিয়ম নিৰ্ধাৰণ কৰাৰ পিচত চৰ্ত অনুসৰিহে ‘খাও গল্লি’ত কৰিব পাৰিব ব্যৱসায় । সদ্যহতে ‘খাও গল্লি'ত উচ্ছেদ চলোৱা নহয় ।

লগতে পঢ়ক:Assam CM on Amrit Kalash Yatra; কংগ্ৰেছে অমৃত কলহ যাত্ৰাক অপমান কৰাক লৈ মই দুখ পাইছো : মুখ্যমন্ত্ৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.