ETV Bharat / state

Assam New DGP : ডিজিপিৰ দায়িত্ব লৈয়েই জনসাধাৰণক দুৰ্ব্যৱহাৰ কৰা আৰক্ষীক সকিয়নী জি পি সিঙৰ

author img

By

Published : Jan 31, 2023, 7:50 PM IST

Updated : Jan 31, 2023, 8:23 PM IST

Assam New DGP
অসম আৰক্ষীৰ নতুন সঞ্চালক প্ৰধান জিপি সিং

জনসাধাৰণক দুৰ্ব্যৱহাৰ কৰিব নোৱাৰিব অসম আৰক্ষীৰ কোনো লোকে ৷ মঙলবাৰে অসম আৰক্ষীৰ সঞ্চালক প্ৰধান হিচাবে দায়িত্ব লৈয়েই এইক্ষেত্ৰত সজাগ হৈছে জি পি সিং (IPS G P Singh)৷ আৰক্ষী আৰু জনসাধাৰণৰ মাজৰ দূৰত্ব নাইকিয়া কৰাৰ বাবে কেতবোৰ বিশেষ পদক্ষেপ গ্ৰহণৰ কথাও উল্লেখ কৰিলে নৱনিযুক্ত আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে ৷

অসম আৰক্ষীৰ নতুন সঞ্চালক প্ৰধান জি পি সিং

গুৱাহাটী, 31 জানুৱাৰী : জি পি সিঙে অসম আৰক্ষীৰ সঞ্চালক প্ৰধানৰ দায়িত্ব গ্ৰহণ কৰিয়েই আৰক্ষীক ৰাইজৰ লগত সদ্ব্যৱহাৰ কৰাৰ বাবে সকিয়নী দিয়ে ৷ উল্লেখ্য যে মঙলবাৰে অসম আৰক্ষীৰ বিদায়ী আৰক্ষী সঞ্চালকপ্ৰধান ভাস্কৰজ্যোতি মহন্তই আনুষ্ঠানিকভাবে নৱনিযুক্ত অসম আৰক্ষীৰ আৰক্ষী সঞ্চালকপ্ৰধান জি পি সিঙক(IPS GP Singh) দায়িত্বভাৰ অৰ্পণ কৰে ৷

অসম আৰক্ষীৰ বিদায়ী আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তই আনুষ্ঠানিকভাৱে নৱনিযুক্ত অসম আৰক্ষীৰ আৰক্ষী সঞ্চালকপ্ৰধান জি পি সিঙক দায়িত্বভাৰ অৰ্পণ কৰি কয়- ‘‘জি পি সিঙৰ লগত আগতে কাম কৰিছিলোঁ । তেওঁ নিশ্চয় ভালদৰে অসমৰ ৰাইজৰ বাবে সেৱা আগবঢ়াব’’(IPS Bhaskar Jyoti Mahanta Retired)৷ বিদায় বেলাত স্বভাৱজাত ৰসিকতাৰে মহন্তই তেওঁৰ উত্তৰসূৰী জি পি সিঙৰ কাণে কাণে কৈ থৈ গ'ল- "ভালকে থাকিব ৷ বৰ বেছি খং-ছং কৰি নাথাকিব ৷"

ইপিনে জি পি সিঙে অসম আৰক্ষীৰ সঞ্চালক প্ৰধানৰ দায়িত্ব গ্ৰহণ কৰি উলুবাৰীস্থিত অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়ত(Assam Police Headquarter Ulubari) আজি এক সংবাদমেল সম্বোধন কৰি কয়- ‘‘অসম আৰক্ষীৰ কোনো লোকে ৰাইজক অনাহকত বেয়া ব্যৱহাৰ কৰিব নোৱাৰিব ৷ বেয়া ব্যৱহাৰ অসম আৰক্ষীত সহ্য কৰা নহ'ব ৷ অন্যথা কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব ৷ মোৰ অসমৰ‌ ৰাইজৰ প্ৰতি এয়া প্ৰতিশ্ৰুতি’’ ৷

তেওঁ কয় -‘‘মোৰ কামৰ প্ৰথম অগ্ৰাধিকাৰ হিচাবে সকলোৱে সমান সম্মান পাব ৷ কিন্তু তেওঁলোকে ভালদৰে ৰাইজৰ সেৱা কৰিব লাগিব’’৷ ভাস্কৰজোতি মহন্তৰ লগত সান্নিধ্যৰ কথা সুঁৱৰি তেওঁ কয় যে ভাস্কৰজোতি মহন্তই যিসমূহ পৰিকল্পনা কৰিছিল সেইসমূহ তেওঁৰ কাৰ্যকালত কাৰ্যকৰী কৰা কৰা হ'ব ৷

জি পি সিঙে লগতে কয় - ‘‘ৰাইজে প্ৰত্যক্ষভাবে আৰক্ষীৰ উচ্চ বিষয়াৰ লগত যোগাযোগ কৰিব পাৰিব ৷ আৰক্ষীৰ জিলা মুখ্য কাৰ্যালয়ত ২ ঘন্টাৰ বাবে ৰাইজৰ অভাৱ অভিযোগ শুনাৰ ব্যৱস্থা কৰা‌ হ’ব ৷ অসম আৰক্ষীৰ মুখ্য কাৰ্যালয়তো এই ব্যৱস্থা কৰা হ'ব ৷ আৰক্ষীৰ ছ’চিয়েল মিডিয়া প্লেটফৰ্মসমূহ অধিক সক্ৰিয় কৰাৰ ব্যৱস্থা কৰা হ'ব ৷ ৰাইজৰ লগত যোগাযোগ বৃদ্ধি কৰা হ'ব’’ ৷

তেওঁ কয়- ‘‘৩০ বছৰৰ মোৰ চাকৰি কালত দেখিছো যে অসম আৰক্ষীৰ মহিলা কৰ্মচাৰীসকলে আৰক্ষী কাৰ্যালয়বোৰত পানী আৰু টয়লেটৰ অভাৱত ভোগে ৷ এইক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰা হ’ব ৷ সকলো থানা আৰু আৰক্ষী চকীতে সুব্যৱস্থা কৰা হ’ব’’ ৷

অসম আৰক্ষীৰ নৱনিযুক্ত সঞ্চালক প্ৰধানগৰাকীয়ে(Assam New DGP) কয় যে তেওঁৰ তিনিবছৰীয়া কাৰ্যকালত সকলো গুৰুত্বপূৰ্ণ কাম সম্পন্ন কৰা হ’ব ৷ অসম আৰক্ষীৰ তথ্যসমূহ ডিজিটেলী সংৰক্ষণ কৰা হ’ব ৷ ইয়াৰ বাবে আৰক্ষীৰ বিশেষ দল গঠন কৰা‌ হৈছে । ১১২ জৰুৰী সেৱাৰ ৰোডমেপ প্ৰস্তুত কৰা হৈছে ৷ এই জৰুৰী সেৱা ব্যৱস্থা সমগ্ৰ অসমতে কৰা হ'ব ৷

৭৫ খন বাহন জৰুৰী সেৱাৰ‌ বাবে গুৱাহাটী মহানগৰী আৰক্ষীক দিয়া হৈছে ৷ তেওঁ জনায় যে আৰক্ষীৰ সঠিক তদন্তৰ বাবে সঠিক ফৰেনছিক তথ্য সংগ্ৰহত গুৰুত্ব দিয়া হ'ব ৷ তদন্তত ফৰেনছিকৰ তথ্যই যথেষ্ট সহায়‌ কৰে ৷ এইক্ষেত্ৰত গুৰুত্ব দিয়া হ'ব ভৱিষ্যতে ৷

দুবছৰত ফৰেনছিকৰ আন্তঃগাঁথনি উন্নত হ’ব ৷ তদন্ত সঠিক তথা উন্নত হ'ব ৷ লগতে চি চি টি এন এছ সেৱা সোনকালে উন্নত কৰা‌ হ'ব ৷ আৰক্ষীৰ অভাব কমিব ৷‌ অহা দুমাহৰ ভিতৰত ১০,০০০ নতুন আৰক্ষী আৰক্ষী থানাসমূহত নিযুক্তি দিয়া হ’ব বুলিও অসম আৰক্ষীৰ নৱনিযুক্ত সঞ্চালক প্ৰধানগৰাকীয়ে জানিবলৈ দিয়ে ৷

লগতে পঢ়ক: Life imprisonment to Asharam: ধৰ্ষণৰ গোচৰত পুনৰ যাৱজ্জীৱন কাৰাদণ্ড আশাৰাম বাপুক

Last Updated :Jan 31, 2023, 8:23 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.