ETV Bharat / state

Modi Surname case: উচ্চতম ন্যায়ালয়ৰ ৰায়ক লৈ গুৱাহাটীৰ ৰাজীৱ ভৱনত আনন্দৰ বন্যা

author img

By

Published : Aug 4, 2023, 5:09 PM IST

ৰাহুল গান্ধীক উচ্চতম ন্যায়ালয়ে সকাহ দিয়াৰ পাচতে উৎফুল্লিত হৈ পৰিছে কংগ্ৰেছী নেতা-কৰ্মীসকল ৷ গুৱাহাটীৰ ৰাজীৱ ভৱনতো দেখিবলৈ পোৱা গ’ল আনন্দৰ জোৱাৰ ৷ শুকুৰবাৰে ৰাহুল গান্ধীৰ কাৰাদণ্ডৰ ৰায়ত স্থগিতাদেশ জাৰি কৰে উচ্চতম ন্যায়ালয়ে ।

Modi Surname case
Modi Surname case

গুৱাহাটীৰ ৰাজীৱ ভৱনত আনন্দৰ বন্যা

গুৱাহাটী, ৪ আগষ্ট: উচ্চতম ন্যায়ালয়ে ৰাহুল গান্ধীক দিয়া সকাহক লৈ দেশজোৰি কংগ্ৰেছ নেতা-কৰ্মীসকলৰ মাজত আনন্দৰ জোৱাৰ উঠিছে । অসমতো কংগ্ৰেছ নেতা-কৰ্মীসকল উৎফুল্লিত হৈ পৰিছে । উচ্চতম ন্যায়ালয়ৰ ৰায়দানৰ পাচতে গুৱাহাটীৰ ৰাজীৱ ভৱনত উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হয় ।

উল্লেখ্য যে শুকুৰবাৰে ৰাহুল গান্ধীৰ কাৰাদণ্ডৰ ৰায়ত স্থগিতাদেশ জাৰি কৰে উচ্চতম ন্যায়ালয়ে । দুবছৰৰ বাবে ৰাহুল গান্ধীক বিহা হৈছিল কাৰাদণ্ড । মোদী উপাধিৰ গোচৰত উচ্চ ন্যায়ালয়ৰ সিদ্ধান্তৰ বিৰুদ্ধে ৰাহুল গান্ধীয়ে দাখিল কৰা আবেদনৰ শুনানি গ্ৰহণ কৰি উচ্চতম ন্যায়ালয়ে ৰাহুল গান্ধীক দিলে ডাঙৰ সকাহ । উচ্চতম ন্যায়ালয়ে উচ্চ ন্যায়ালয়ৰ সিদ্ধান্তত স্থগিতাদেশ জাৰি কৰিছে ।

ন্যায়ালয়ৰ এই সিদ্ধান্তৰ ফলত এতিয়া ৰাহুল গান্ধীয়ে সাংসদ পদ ওভতাই পোৱাৰ পথ প্ৰশস্ত হ’ল । নিৰ্বাচনতো প্ৰতিদ্বন্দ্বিতা কৰিব পাৰিব ৰাহুল গান্ধীয়ে । ন্যায়ালয়ৰ এই সিদ্ধান্তৰ পিচতে আজি ৰাজীৱ ভৱন আনন্দময় পৰিৱেশে বিৰাজ কৰে । প্ৰদেশ কংগ্ৰেছৰ নেতা-কৰ্মীসকলে মিঠাই খাই আনন্দ-ফুৰ্তি কৰে ।

আনহাতে তেওঁলোকে ৰাজপথলৈ ওলাই আহি সাধাৰণ জনতাৰ মাজতো মিঠাই বিতৰণ কৰে । ৰাহুল গান্ধী জিন্দবাদ ধ্বনিৰে মুখৰিত হৈ পৰে ৰাজীৱ ভৱন । প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি জাকিৰ হুছেইন শিকদাৰ, মিডিয়া বিভাগৰ অধ্যক্ষ তথা বিধায়ক ভৰত চন্দ্ৰ নৰহকে ধৰি প্ৰদেশ কংগ্ৰেছৰ ভালেসংখ্যক নেতা আৰু কৰ্মীয়ে এই আনন্দৰ অংশীদাৰ হয় ।

প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি জাকিৰ হুছেইন শিকদাৰে কয় যে মোদী উপাধিৰ গোচৰত ৰাহুল গান্ধীৰ বিৰুদ্ধে গুজৰাট আদালতে দিয়া ৰায়ক লৈ বিশ্বজোৰি চৰ্চা হৈছিল । অৱশেষত আজি উচ্চতম ন্যায়ালয় দিয়া ৰায়ে কংগ্ৰেছ কৰ্মীৰ লগতে ভাৰতবাসীৰ মন জয় কৰিলে বুলি তেওঁ কয় ।

তেওঁ লগতে কয় যে ন্যায়ালয়ৰ ৰায়ে প্ৰমাণ কৰি দিলে যে সত্যৰ সদায় জয় । ৰাহুল গান্ধীৰ কণ্ঠক বিজেপিয়ে কেতিয়াও ৰোধ কৰিব নোৱাৰে । ন্যায়ালয়ৰ এই ৰায় ভাৰতবাসীৰ জয় বুলি তেওঁ অভিহিত কৰে ।

লগতে পঢ়ক: INDIA controversy : 'INDIA'ৰ বিৰোধিতাৰে আদালতত আবেদন, ২৬ বিৰোধী দলক আদালতৰ জাননী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.