ETV Bharat / state

দহ লাখৰ বিপৰীতে চাৰি লাখ মেট্ৰিক টন ধান কৰিব ভাৰতীয় খাদ্য নিগমে

author img

By

Published : Oct 30, 2021, 1:19 PM IST

যোৱা ১৯ ছেপ্টেম্বৰত গুৱাহাটীত কেন্দ্রীয় মন্ত্রী অশ্বিনী কুমাৰ চৌবেয়ে ঘােষণা কৰিছিল যে, এফ চি আইৰ যোগেদি দহ লাখ মেট্ৰিক টন ধান ক্ৰয় কৰা হ'ব । কিন্তু মাত্র ৪ লাখ মেট্রিক টন ধানহে ক্ৰয় কৰিব ভাৰতীয় খাদ্য নিগমে । অসম চৰকাৰে ১৬০ কোটি টকাৰে ধান ক্ৰয় কৰিবলৈ লোৱা সিদ্ধান্তই আশাৰ বতৰা কঢ়িয়াই আনিছে যদিও বাস্তৱত ৰূপায়িত হ'লেহে কৃষকৰ মুখত হাঁহি বিৰিঙিব ।

FCI will procure 4 lakh metric tonnes of paddy
চাৰি লাখ মেট্ৰিক টন ধান কৰিব ভাৰতীয় খাদ্য নিগমে

গুৱাহাটী, ৩০ অক্টোবৰ : দহ লাখ মেট্রিক টন নহয় চাৰি লাখ মেট্রিক টন ধানহে ক্ৰয় কৰিব ভাৰতীয় খাদ্য নিগমে । কৃষকৰ স্বার্থ সুৰক্ষিত কৰাৰ কথা কোৱা কেন্দ্রীয় চৰকাৰে ধান ক্রয়ৰ ক্ষেত্ৰত এমাহতে সলনি কৰিলে নিজৰ স্থিতি । আগন্তুক বৰ্ষত ভাৰতীয় খাদ্য নিগমে অসমত ১০ লাখ মেট্রিক টন ধান ক্রয় কৰিব বুলি মাত্র এমাহ পূৰ্বে উভয় চৰকাৰে ঘােষণা কৰিছিল । কেন্দ্রীয় মন্ত্রী অশ্বিনী কুমাৰ চৌবেই যোৱা ১৯ ছেপ্টেম্বৰত বিজেপিৰ গুৱাহাটীস্থিত ৰাজ্যিক কার্যালয়ত এখন সংবাদমেল সম্বোধন কৰি এই কথা ঘােষণা কৰিছিল ।

FCI will procure 4 lakh metric tonnes of paddy
চাৰি লাখ মেট্ৰিক টন ধান কৰিব ভাৰতীয় খাদ্য নিগমে

মন্ত্ৰীগৰাকীয়ে কৈছিল যে, কংগ্রেছৰ শাসন কালত ২০১০ চনৰ পৰা ১০১৪ চনলৈ ভাৰতীয় খাদ্য নিগমে অসমত মাত্র ৪৭,০০০ মেট্রিক টন ধানহে কৃষকৰ পৰা প্রত্যক্ষভাৱে ক্ৰয় কৰিছিল । কিন্তু বিজেপি শাসনলৈ অহাৰ পাছত অসমত ধান ক্রয়ৰ পৰিমাণ বৃদ্ধি কৰি চলিত বৰ্ষত ২ লাখ মেট্রিক টনলৈ বৃদ্ধি কৰাৰ লগতে আগন্তুক বৰ্ষত ১০ লাখ মেট্রিক টন ধান ক্রয় কৰাৰ লক্ষ্য লােৱা বুলি প্ৰকাশ কৰিছিল । কেন্দ্রীয় মন্ত্রীগৰাকীৰ এই ঘােষণাৰ পূর্বে ধান ক্রয় বিষয়টোক লৈ ভাৰতীয় খাদ্য নিগম, অসম চৰকাৰৰ খাদ্য আৰু অসামৰিক যােগান নিগমৰ বিষয়াসকলৰ সৈতে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মা আলােচনাত মিলিত হৈছিল । যোৱা ১১ ছেপ্টেম্বৰত গুৱাহাটীত এই আলােচনা অনুষ্ঠিত হৈছিল আৰু সেই আলােচনাত খাদ্য নিগমৰ কাৰ্যবাহী সঞ্চালক সুদীপ সিঙে অংশগ্ৰহণ কৰিছিল ।

FCI will procure 4 lakh metric tonnes of paddy
চাৰি লাখ মেট্ৰিক টন ধান কৰিব ভাৰতীয় খাদ্য নিগমে

অতি গুৰুত্বপূৰ্ণ সেই আলােচনাত খাদ্য নিগমক আগন্তুক বৰ্ষত ১০ লাখ মেট্রিক টন ধান ক্রয় কৰিবলৈ মুখ্যমন্ত্ৰীয়ে আহ্বান জনাইছিল । ১০ লাখ মেট্রিকটন ধান ক্রয় কৰাৰ ক্ষেত্ৰত প্রয়ােজন হােৱা সা-সুবিধা ৰাজ্য চৰকাৰে কৰি দিব বুলি মুখ্যমন্ত্ৰীয়ে আশ্বাস দিছিল । ধান ক্ৰয়ৰ বাবে প্রয়ােজনীয় আন্তঃগাঁথনি ৰাজ্য চৰকাৰে কৰি দিব বুলি আশাস দিয়াত খাদ্য নিগমে সেই কথাত সৈমান হৈছিল ।

FCI will procure 4 lakh metric tonnes of paddy
চাৰি লাখ মেট্ৰিক টন ধান কৰিব ভাৰতীয় খাদ্য নিগমে

ৰাজ্য চৰকাৰে বিজ্ঞপ্তিযােগে এই কথা ৰাজহুৱা কৰিছিল । অর্থাৎ খাদ্য নিগমে আগন্তুক বৰ্ষত ১০ লাখ মেট্রিক টন ধান অসমত ক্ৰয় কৰিব বুলি বিগত মাহত কেন্দ্ৰ-ৰাজ্য উভয় চৰকাৰে প্রকাশ কৰিছিল । কিন্তু এমাহ আগত কোৱা কথা এতিয়া উভয় চৰকাৰে সলনি কৰিলে । জানিব পৰা মতে, ১০ লাখ মেট্রিক টনৰ পৰিবৰ্তে মাত্র ৪ লাখ মেট্রিক টন ধানহে ভাৰতীয় খাদ্য নিগমে ক্ৰয় কৰিব বুলি চূড়ান্ত সিদ্ধান্ত লৈছে । এই সন্দৰ্ভত খাদ্য আৰু অসামৰিক যোগান বিভাগৰ পৰা জাননী জাৰি কৰা হৈছে ।

FCI will procure 4 lakh metric tonnes of paddy
চাৰি লাখ মেট্ৰিক টন ধান কৰিব ভাৰতীয় খাদ্য নিগমে

ভাৰতীয় খাদ্য নিগমে ৪ লাখ মেট্রিক টন ধান ক্ৰয় কৰাৰ লগতে আন কেইবাটাও সংস্থাই ধান ক্রয় কৰিব বুলি সিদ্ধান্ত লৈছে । জানিব পৰা মতে, পূর্বৰ চৰকাৰৰ কাৰ্যকালতেই বন্ধ কৰাৰ সিদ্ধান্ত লােৱা অসম কৃষি সামগ্রী বিপণন পৰিষদৰ দ্বাৰাও আগন্তুক বৰ্ষত ধান ক্ৰয় কৰিব । অর্থাৎ পূৰ্বে সর্বানন্দ সােণােৱাল নেতৃত্বাধীন চৰকাৰৰ কাৰ্যকালতেই অসম কৃষি সামগ্রী বিপণন পৰিষদৰ বিলােপ ঘটোৱাৰ সিদ্ধান্ত লৈছিল যদিও এতিয়া আকৌ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰৰ কাৰ্যকালত সেই পৰিষদৰ জৰিয়তে ৩,৬০০ মেট্রিক টন ধান ক্রয় সিদ্ধান্ত লােৱা বুলি জানিব পৰা গৈছে । আনহাতে, খাদ্য আৰু অসামৰিক যােগান নিগমেও প্রায় ডেৰ লাখ মেট্রিক টন ধান ক্ৰয়ৰ সিদ্ধান্ত লৈছে ।

FCI will procure 4 lakh metric tonnes of paddy
চাৰি লাখ মেট্ৰিক টন ধান কৰিব ভাৰতীয় খাদ্য নিগমে

ইয়াৰ বাবে কৃষকক আদায় দিবলগীয়া ধানৰ ন্যূনতম সমর্থন মূল্য প্রতি কুইণ্টলত ১৯৪০ টকা নির্ধাৰণ কৰিছে । কিন্তু প্রশ্নটো হ'ল ১০ লাখ মেট্রিক টন ধান ভাৰতীয় খাদ্য নিগমে ক্ৰয় কৰিব বুলি উভয় চৰকাৰে আশ্বাস দিয়াৰ এটা মাহৰ পাচতেই স্থিতি কিয় সলনি হ'ল । ইয়াৰ বিপৰীতে এটা ভাল খবৰ যে, অসম চৰকাৰে ধান ক্ৰয়ৰ বাবে বিশেষ উদ্যোগ গ্ৰহণ কৰিছে । বৃহস্পতিবাৰে অনুষ্ঠিত হোৱা ৰাজ্য চৰকাৰৰ সাপ্তাহিক কেবিনেটে ধান ক্ৰয় কৰাৰ ক্ষেত্ৰত ন্যূনতম সমর্থন মূল্যৰ ৱৰ্কিং কেপিটেলৰ বাবে ১৬০ কোটি টকা ধাৰ্য কৰিছে ।

এয়া নিঃসন্দেহে অসমৰ কৃষকৰ বাবে ভাল খবৰ । কিন্তু এনে বহু সিদ্ধান্ত বিশেষকৈ কৃষকক সকাহ দিব পৰা আঁচনিৰ কথা চৰকাৰে ঘোষণা কৰে যদিও বাস্তৱত সেয়া কাৰ্যকৰী নহয় । তাৰ অনেক উদাহৰণ আছে । ধান গ্ৰাম্য অৰ্থনীতিৰ লগত জড়িত বুনিয়াদী উপাদান ।

বহু লোকে ধান বিক্ৰী কৰি নিজৰ পৰিয়াল পোহ-পাল দিয়ে । শেহতীয়াকৈ বিনামূলীয়া চাউল উভৈনদী হোৱাৰ ফলত গ্ৰামাঞ্চলৰ লগতে চহৰৰ উপকণ্ঠ অঞ্চলত ধানে গঢ় দিয়া অৰ্থনীতি ভাঙি চূৰমাৰ কৰি পেলাইছে । পূৰ্বতে চাউল ক্ৰয় কৰি খোৱা লোকসকলে এতিয়া চৰকাৰে যোগান ধৰা বিনামূলীয়া চাউল ঘৰত খাই শেষ কৰিব নোৱাৰি কম দামত বহুতে বিক্ৰী কৰি দিয়ে ।

যাৰ ফলত বজাৰত ধানৰ মূল্য নোহোৱা হৈছে । চৰকাৰে ১৬০ কোটি টকাৰে ধান ক্ৰয় কৰিবলৈ লোৱা সিদ্ধান্তই আশাৰ বতৰা কঢ়িয়াই আনিছে যদিও এয়া বাস্তৱত ৰূপায়িত হ’লেহে কৃষকৰ মুখত হাঁহি বিৰিঙিব । যদি কেৱল ঘোষণাতেই সীমাৱদ্ধ হয়, তেতিয়াহ’লে অহা বছৰৰ পৰা যে বহু কৃষকৰ পথাৰ ছন পৰি থাকিব সেই কথা নিশ্চিত ।

লগতে পঢ়ক: ভৱানীপুৰৰ উত্তৰ বৰটাৰী ৬৬ নং ভোটকেন্দ্ৰত বিকল ইভিএম

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.