ETV Bharat / state

CM Distributed Teachers Appointment Letter: ৭২৩ গৰাকী শিক্ষক আৰু কৰ্মচাৰীক নিযুক্তিপত্ৰ বিতৰণ

author img

By

Published : Nov 30, 2021, 10:09 PM IST

মঙলবাৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা (Dr Himanta biswa Sharma)ই ৰাজ্যৰ উচ্চ শিক্ষা আৰু মাধ্যমিক শিক্ষাৰ মুঠ ৭২৩ গৰাকী শিক্ষক আৰু কৰ্মচাৰীক বিতৰণ কৰে নিযুক্তিপত্ৰ (Distributes Appointment Letters to Teachers and Staff) ৷ ইয়াৰে উচ্চ শিক্ষাৰ অধীনৰ মহাবিদ্যালয়ৰ ১৩০ গৰাকী সহকাৰী অধ্যাপক, ১৬ গৰাকী তৃতীয় শ্ৰেণী পদত, ১৭ গৰাকীক অনুকম্মামূলক আৰু মাধ্যমিক শিক্ষাৰ অধীনত থকা ৮৮ খন উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰাদেশিকীকৰণযোগে ৫৬০ গৰাকীক শিক্ষকক নিযুক্তি পত্ৰ বিতৰণ কৰা হয় ৷

Distributes Appointment Letters to Teachers and Staff
শিক্ষকক নিযুক্তি পত্ৰ বিতৰণ

গুৱাহাটী, 30 নৱেম্বৰ : মঙলবাৰে উচ্চ শিক্ষা আৰু মাধ্যমিক শিক্ষা সঞ্চালকৰ উদ্যোগত গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আয়োজন কৰা হয় এক অনুষ্ঠানৰ ৷ এই অনুষ্ঠানত উপস্থিত থাকে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা (Dr Himanta biswa Sharma) ৷ এই অনুষ্ঠানতে মুখ্যমন্ত্ৰী ড৹ শৰ্মাই ৰাজ্যৰ উচ্চ শিক্ষা আৰু মাধ্যমিক শিক্ষাৰ মুঠ ৭২৩ গৰাকী শিক্ষক আৰু কৰ্মচাৰীক বিতৰণ কৰে নিযুক্তিপত্ৰ ।

ইয়াৰে ভিতৰত উচ্চ শিক্ষাৰ অধীনৰ মহাবিদ্যালয়ৰ ১৩০ গৰাকী সহকাৰী অধ্যাপক, ১৬ গৰাকী তৃতীয় শ্ৰেণী পদত আৰু ১৭ গৰাকীক অনুকম্মামূলক নিযুক্তি দিয়া শিক্ষকক নিযুক্তিপত্ৰ বিতৰণ কৰা হয় । লগতে মাধ্যমিক শিক্ষাৰ অধীনত ৮৮ খন উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰাদেশিকীকৰণযোগে ৫৬০ গৰাকী শিক্ষককো বিতৰণ কৰা হয় নিযুক্তি পত্ৰ ।

Distributes Appointment Letters to Teachers and Staff
শিক্ষকক নিযুক্তি পত্ৰ বিতৰণ

এই অনুষ্ঠানত ভাষণ প্ৰসংগত মুখ্যমন্ত্ৰী ড৹ শৰ্মাই কয় যে, আগন্তুক বছৰৰ ভিতৰত ৰাজ্যৰ যিবোৰ মহাবিদ্যালয়ে নাকৰ পৰিদৰ্শনৰ (NAAC Assessment) ব্যৱস্থা নকৰে, সেই মহাবিদ্যালয়ৰ শিক্ষকসকলৰ মাহিলী দৰমহাৰ পৰা কৰ্তন কৰা হ'ব ৫০ শতাংশ । পৰৱৰ্তী সময়ত মহাবিদ্যালয়খনৰ প্ৰাদেশিকীকৰণো বাতিল কৰা হ'ব । এই ক্ষেত্ৰত চৰকাৰে কোনোধৰণৰ আপোচ নকৰে ।

মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয় যে, আগন্তুক বছৰৰ পৰা আকৌ ৰাজ্যত গুণোৎসৱ আৰম্ভ কৰা হ'ব । যিসকল বিদ্যালয়ৰ শিক্ষকে ভাল দৰে কাম নকৰে, সেইসকলৰ বিৰুদ্ধে চৰকাৰে উচিত ব্যৱস্থা গ্ৰহণ কৰিব । এই ক্ষেত্ৰত শিক্ষকসকল আৰু অধিক দায়বদ্ধ হোৱাটো প্ৰয়োজন বুলি তেওঁ মন্তব্য কৰে ৷

Distributes Appointment Letters to Teachers and Staff
শিক্ষকক নিযুক্তি পত্ৰ বিতৰণ

লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে, ৰাজ্য চৰকাৰে প্ৰতিবছৰে শিক্ষা বিভাগত খালী হৈ থকা পদবোৰ পূৰণ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিব । আগন্তুক বৰ্ষত ৭০০ খন উচ্চতম মাধ্যমিক বিদ্যালয় আৰম্ভ কৰা হ'ব । লগতে আগন্তুত ১০ মে' মাহৰ ভিতৰত প্ৰাথমিক বিদ্যালয়ত ২২,০০০ গৰাকী শিক্ষকক নিযুক্ত দিয়া হ'ব ।

লগতে পঢ়ক : TET Teachar appoinment : কি পৰ্যায়ত বিটিআৰৰ শিক্ষক নিযুক্তি প্ৰক্ৰিয়া ?

স্বচ্ছ প্ৰক্ৰিয়াৰে ৰাজ্য চৰকাৰে শিক্ষক নিযুক্তি দিয়াৰ ব্যৱস্থা কৰিছে বুলিও উল্লেখ কৰে শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে (Ranoj Pegu) ৷ শিক্ষা উপদেষ্টা ডঃ ননীগোপাল মহন্তই কয় যে, শিক্ষকসকল প্ৰজ্ঞা আৰু সভ্যতাৰ বুনিয়াদ । শিক্ষাক এক নতুন দিগন্তৰ পিনে আগুৱাই নিয়াৰ বাবে তেওঁ শিক্ষকসকলক আহ্বান জনায় । এই অনুষ্ঠানত শিক্ষা বিভাগৰ প্ৰধান সচিব কল্যান বি চক্ৰৱৰ্তী আৰু বিশেষ আয়ুক্ত প্ৰীতম শইকীয়াও উপস্থিত থাকে ।

ইপিনে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সাংবাদিকৰে হোৱা এক সাক্ষাৎকাৰত যোৰহাটৰ অনিমেষ ভূঞা হত্যাকাণ্ডৰ (Animesh Bhuyan Murder Case) সমগ্ৰ ঘটনাটোক তীব্ৰ ভাষাৰে নিন্দা কৰে । লগতে ঘটনা সম্পৰ্কত উচিত তদন্ত হ'ব বুলিও তেওঁ মন্তব্য কৰে । মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰা অনুসৰি, যোৰহাটৰ অ-মানৱীয় ঘটনাটোৰ সম্পৰ্কত ইতিমধ্যে ১৩ জন অভিযুক্তক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে ।

অসম আৰক্ষীক অভিযুক্ত এই ১৩ জনৰ বিৰুদ্ধে অভিযোগনামা এমাহৰ ভিতৰত দাখিল (Chargesheet filing time limit) কৰাৰ বাবে নিৰ্দেশ প্ৰদান কৰিছে । লগতে ফাষ্ট ট্ৰেক আদালতৰ জৰিয়তে দোষীক কঠোৰ শাস্তি দিয়াৰ বাবে প্ৰশাসনক নিৰ্দেশ মুখ্যমন্ত্ৰীগৰাকীয়ে । এই ক্ষেত্ৰত ঘটনাটোৰ লগত জড়িত কোনো দোষীকে সাৰি যাবলৈ দিয়া নহ'ব বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে স্পষ্ট কৰি দিয়ে ।

আনহাতে, বৰবৰ আক্ৰমণৰ বলি হোৱা অনিমেষ ভূঞাৰ পৰিয়ালক ৰাজ্য চৰকাৰে ৫ লাখ টকা সহায় আগবঢ়াব বুলি মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰে ৷

লগতে পঢ়ক : Mob Lynching in Jorhat: ফাষ্ট ট্ৰেক আদালতত দোষীৰ বিচাৰৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.