ETV Bharat / state

হেৰুওৱা নাই আত্মবিশ্বাস: পৌৰ নিগম দখলৰ আশা কংগ্ৰেছৰ

author img

By

Published : Apr 20, 2022, 10:45 PM IST

ৰাজ্যত ইজনৰ পাছত সিজনে ত্যাগ কৰিছে কংগ্ৰেছ দল ৷ কংগ্ৰেছৰ ৰাজনৈতিক স্থিতি ক্ৰমাৎ দুৰ্বল হৈ অহাৰ সময়তে অনুষ্ঠিত হ’ব গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচন (GMC election 2022)৷ এনে সময়তো গুৱাহাটী পৌৰ নিগমখন কংগ্ৰেছ দলে গঠন কৰিব বুলি দাবী কৰিছে প্ৰদেশ কংগ্ৰেছ কমিটীৰ মিডিয়া বিভাগৰ অধ্যক্ষ মনজিৎ মহন্তই ৷

GMC election 2022
হেৰুওৱা নাই আত্মবিশ্বাস: পৌৰ নিগম দখলৰ আশা কংগ্ৰেছৰ

গুৱাহাটী, 20 এপ্ৰিল : ৰাজ্যত কংগ্ৰেছৰ ৰাজনৈতিক স্থিতি ক্ৰমাৎ দুৰ্বল হৈ অহাৰ সময়তে গুৱাহাটী পৌৰ নিগম কংগ্ৰেছ দলে গঠন কৰিব বুলি অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ মিডিয়া বিভাগৰ অধ্যক্ষ মনজিৎ মহন্তই দৃঢ়তাৰে দাবী কৰে (APCC on GMC election 2022)। বুধবাৰে গুৱাহাটীৰ ৰাজীৱ ভৱনত অনুষ্ঠিত সংবাদমেলত মনজিৎ মহন্তই কয় "মই গভীৰ আত্মবিশ্বাসেৰে কৈছো যে কংগ্ৰেছ দলে ১০০ শতাংশ গুৱাহাটী পৌৰ নিগম গঠন কৰিব" ৷

উল্লেখ্য যে, সোমবাৰে বিজেপি মন্ত্ৰী পিযুষ হাজৰিকাই গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনত(GMC election 2022) কংগ্ৰেছ দলে এখনো আসন নাপায় বুলি মন্তব্য কৰিছিল । মনজিৎ মহন্তই কয় যে, বিজেপিয়ে অসম ৰাজ্যিক নিৰ্বাচন আয়োগক হাতোৰা হিচাপে ব্যৱহাৰ কৰি আছে । বিজেপিয়ে সকলো নিৰ্বাচনী বিধি উলংঘা কৰি নিৰ্বাচনী প্ৰচাৰ চলাই আছে (Election law violations in GMC election)।

বিজেপিয়ে অসম ৰাজ্যিক নিৰ্বাচন আয়োগৰ অস্তিত্ব নোহোৱা কৰিছে (Assam State Election Commission)। বিজেপিৰ এই অপকৰ্মৰ উত্তৰ গুৱাহাটীৰ ৰাইজে গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনত দিব বুলি মনজিৎ মহন্তই মন্তব্য কৰে ।

উল্লেখযোগ্য যে, বুধবাৰে নিৰ্বাচনী প্ৰচাৰৰ অন্ত পৰে । অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা, সাংসদ গৌৰৱ গগৈ আদিয়ে গুৱাহাটীৰ মাছখোৱা, আঠগাঁও আদিত ৰোড শ্ব’ কৰি নিৰ্বাচনী প্ৰচাৰ চলায় । উল্লেখ্য যে, গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনত কংগ্ৰেছৰ ৫৪ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দিতা আগবঢ়াইছে ।

লগতে পঢ়ক: মোক মোতকৈও ভালকৈ জানে মুখ্যমন্ত্ৰীয়ে; কিয় ক’লে ৰকিবুল হুছেইনে ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.