বিশ্ব সংগীত দিৱসৰ লগত সংগতি ৰাখি মা ষ্টুডিঅ'ত মুকলি 'যাযাবৰ'
দেওবাৰে বিশ্ব সংগীত দিৱসৰ লগত সংগতি ৰাখি, ডঃ ভূপেন হাজৰিকা দেৱলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি, মহামাৰীয়ে অচলাৱস্থা কৰা সমসাময়িক সময়ৰ ওপৰত গুৰুত্ব প্ৰদানেৰে, বৰলুইত প্ৰডাকচনৰ বেনাৰত মা ষ্টুডিঅ'ত যাযাবৰ শীৰ্ষক এটা গানৰ ভিডিঅ' মুকলি কৰা হয় ৷
গুৱাহাটী, 21 জুনঃ দেওবাৰে বিশ্ব সংগীত দিৱসৰ লগত সংগতি ৰাখি বৰলুইত প্ৰডাকচনৰ বেনাৰত মা ষ্টুডিঅ'ত 'যাযাবৰ' শীৰ্ষক এটা গানৰ ভিডিঅ' মুকলি কৰা হয় ৷ ডঃ ভূপেন হাজৰিকা দেৱলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি জলিউডৰ লগতে বলিউডৰ কণ্ঠশিল্পীয়ে কণ্ঠদান কৰা গীতটো, আনুষ্ঠানিকভাৱে মুকলি কৰে শিল্পী সকলে ৷ মহামাৰীয়ে অচলাৱস্থা কৰা সমসাময়িক সময়ৰ ওপৰত গুৰুত্ব প্ৰদান কৰি এটা সুন্দৰ ধাৰণা লৈ এই গীতটিৰে বিশ্ব সংগীত দিৱসত বিশ্ব বৰেণ্য শিল্পী ডঃ ভূপেন হাজৰিকা দেৱলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা বুলি উল্লেখ কৰে সংগীত পৰিচালক অজয় ফুকনে ৷ জেকিবৰ পৰিচালনা আৰু নেকিবৰ কথা-সুৰৰ এই গীতটিৰ ভিডিঅ' পৰিচালনা কৰিছে সুৰেশ মেধিয়ে ৷
গীতটিত অসমীয়া কণ্ঠশিল্পীৰ লগতে কণ্ঠাদান কৰিছে বলিউডৰ জনপ্ৰিয় কণ্ঠশিল্পী চানে ৷ দীৰ্ঘদিনৰ অন্তত কণ্ঠশিল্পী জিতুল সোণোৱালৰ কণ্ঠও এই গীতটিৰ জৰিয়তে শুনিবলৈ পোৱা যাব বুলি উল্লেখ কৰে অজয় ফুকনে ৷ জিতুল সোণোৱালৰ ওপৰিও গীতটিত কণ্ঠদান কৰিছে কণ্ঠশিল্পী চান, অনুপম শইকীয়া, গায়ত্ৰী হাজৰিকা বৰণ বিকাশ, ঋতু বিকাশ, হিয়া মেধি আৰু ৰূপালী কাশ্যপে ৷ আনহাতে গীতটিত অভিনয় শিল্পী হিচাপে দেখা যাব যতীন বৰা আৰু অজয় ফুকনক ৷ দেওবাৰে গীতটিৰ মুকলি অনুষ্ঠানত উপস্থিত থাকে কণ্ঠশিল্পী ৰূপালী কাশ্যপ, হিয়া মেধি, অজয় ফুকন, ভিডিঅ' পৰিচালক সুৰেশ মেধিৰ লগতে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি ৷
লগতে পঢ়কঃ লক ডাউনৰ মাজতে ধুমুহাৰ দুৰন্ত গতি

