ETV Bharat / state

এতিয়া বি টি আৰবাসীক কেৱল উন্নয়ন লাগে: প্ৰমোদ বড়ো

author img

By ETV Bharat Assamese Team

Published : Dec 16, 2023, 7:28 PM IST

3rd anniversary of BTR govt
তিনিটা বছৰ সম্পূৰ্ণ হ'ল প্ৰমোদ বড়ো নেতৃত্বাধীন BTR চৰকাৰৰ

তিনিটা বছৰ সম্পূৰ্ণ হ'ল প্ৰমোদ বড়ো নেতৃত্বাধীন BTR চৰকাৰৰ (3rd anniversary of BTR govt) । শনিবাৰে মহানগৰীৰ হোটেল লিলিত এক সংবাদমেল সম্বোধন কৰি বিগত তিনিটা বছৰত BTR ত কৰা কামৰ খতিয়ান দাঙি ধৰে প্ৰমোদ বড়োৱে ।

তিনিটা বছৰ সম্পূৰ্ণ হ'ল প্ৰমোদ বড়ো নেতৃত্বাধীন BTR চৰকাৰৰ

গুৱাহাটী,১৬ ডিচেম্বৰ: সফলতাৰে তিনি বছৰ সম্পুৰ্ণ হল প্ৰমোদ বড়ো চৰকাৰৰ । সেই উপলক্ষে শনিবাৰে মহানগৰীৰ হোটেল লিলিত এক সংবাদমেল সম্বোধন কৰে বিটিআৰ প্ৰধান প্ৰমোদ বড়োৱে । সংবাদমেলত বিগত তিনি বছৰত UPPL, BJP আৰু GSP ৰ বিটিআৰৰ চৰকাৰখনে কৰা কামৰ খতিয়ান দাঙি ধৰে । লগতে সংবাদমেলত প্ৰমোদ বড়োৱে কয় যে হিংসা জৰ্জৰিত বিটিআৰৰ শান্তি স্থাপনৰ ক্ষেত্ৰত এইখন চৰকাৰে কাম কৰি আহিছে ।

লগতে তেওঁ কয় যে, যোৱা ৩ বছৰত BTR ত কোনো হত্যা-হিংসা হোৱা নাই । চৰকাৰ গঠন হোৱাৰ পৰাই শান্তি, নিৰাপত্তা আৰু সমন্বয়ৰ উপৰত কাম কৰি আছো । বিটিআৰত এতিয়া শান্তি স্থাপন হৈ গৈছে । বৰ্তমান BTR মানুহৰ মুখত শান্তি কেতিয়া আহিব বুলি শুনা নাযায় বুলি উল্লেখ কৰি তেওঁ কয় যে বৰ্তমান বিটিআৰবাসীক উন্নয়ন লাগে । এতিয়া মানুহৰ মুখত উন্নয়নৰ কথা হে শুনা পোৱা যায় ।

লগতে প্ৰমোদ বড়োৱে উল্লেখ কৰে যে, এতিয়া BTR চৰকাৰে নিৰাপত্তা ক্ষেত্ৰত কাম কৰি আহিছো । ১০৬০ কি.মি. ৰাস্তা নিৰ্মাণ হৈছে এই তিনি বছৰত । BTR ৰ ৪০ টা সমষ্টিৰ সভা সমিতি পাতিবলৈ প্ৰেক্ষাগৃহ নিৰ্মাণৰ কাম কৰি থকাৰ কথা উল্লেখ কৰে BTR প্ৰধানগৰাকীয়ে । ১ জানুৱাৰীত চিৰাঙত School of peace and happiness স্থাপন কৰা হ'ব বুলি জানিবলৈ দিয়ে ।

লগতে তেওঁ কয় যে, আগৰ চৰকাৰে ৩ হাজাৰ কোটিৰ Liabilities জাপি দি গৈছিল । ৩ বছৰত ১২০০ কোটি লৈ liabilities আনিবলৈ সক্ষম হলো । ১২০০কোটিলৈ আনিব পৰাটো এইখন চৰকাৰৰ বাবে ৩ বছৰত ডাঙৰ সাফল্য বুলি তেওঁ উল্লেখ কৰে । বিগত তিনি বছৰত ১ লাখ ৬৯ হাজাৰ PMAY ঘৰ বিটিআৰত নিৰ্মাণ কৰা হৈছে বুলি তেওঁ খতিয়ানত দাঙি ধৰে ।

ইয়াৰোপৰি ৩০ হাজাৰ কৃষকৰ লগত কাম কৰি আছো বুলি উল্লেখ কৰি তেওঁ কয় যে ৰাজ্য চৰকাৰৰ সহযোগত BTR ত প্ৰায় ১০ লাখ বৃক্ষ ৰোপণ কৰা হ'ল । ISPL অনুষ্ঠিত কৰি সফল হোৱা বুলি দাবী কৰে সংবাদমেলত । ৬ শতাংশতকৈ অধিক স্কুলৰ পুনৰ নিৰ্মাণ কৰাকে আদি কৰি বান পৰিস্থিতিৰ নিয়ন্ত্রণৰ ক্ষেত্রত সফল হৈছে বুলি দাবী প্ৰমোদ বড়োৰ । লগতে কয় যে বাজেটৰ পৰা ২ শতাংশ ব্যবহাৰেৰে Bodoland Green Mission আৰম্ভ কৰিবলৈ লোৱা হৈছে । আনহাতে মুখ্যমন্ত্রী ৰ নেতৃত্বত ড্ৰাগছ ৰ বিৰুদ্ধে লোৱা পদক্ষেপ ৰ ক্ষেত্ৰতো BTR ত সহায় হৈছে বুলি সংবাদমেলত প্ৰকাশ কৰে প্ৰমোদ বড়োৱে ।

লগতে পঢ়ক: নৰেন্দ্ৰ মোদীয়ে ৯ বছৰ কৰা কাম কংগ্ৰেছে ৬০ বছৰতো কৰিব নোৱাৰিলে: সৰ্বানন্দ সোণোৱাল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.