ATPA Shield Football: এ টি পি এ শ্বিল্ড ফুটবল টুৰ্নামেণ্টত খিতাপ দখল ইউনাইটেড চিৰাং দুৱাৰ এফ চিৰ

author img

By

Published : Apr 13, 2023, 9:12 PM IST

ATPA Shield
নৈশ এ টি পি এ শ্বিল্ড ফুটবল ()

যোৰহাটত অনুষ্ঠিত হৈ যায় 57 সংখ্যক এ টি পি এ শ্বিল্ড ফুটবল টুৰ্নামেণ্টত খিতাপ অৰ্জন ইউনাইটেড চিৰাং দুৱাৰ এফ চি দল ৷ 14 টাকৈ দলে অংশগ্ৰহণ কৰা এই টুৰ্নামেণ্টখনত মৰিয়নীক পৰাস্ত কৰি ইউনাইটেড চিৰাং দুৱাৰ এফ চিয়ে চূড়ান্ত বিজয়ী খিতাপ দখল কৰে (ATPA Shield Football match held in Jorhat) ৷

নৈশ এ টি পি এ শ্বিল্ড ফুটবল

যোৰহাট, 13 এপ্ৰিল : শতবৰ্ষ গৰকা যোৰহাট জিলা ক্ৰীড়া সন্থাই 1955 চনতেই আৰম্ভ হোৱা এ টি পি এ শ্বিল্ড ফুটবল টুৰ্নামেণ্টৰ সুন্দৰ আয়োজন কৰে (ATPA Shield Football match) ৷ ক্ৰীড়াপ্ৰেমী ৰাইজে ভৰি পৰে যোৰহাট জিলা ষ্টেডিয়াম ৷ 14 টাকৈ ফুটবলে দলে অংশগ্ৰহণ কৰে এই টুৰ্নামেণ্টখনত ৷ যোৰহাট জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত যোৰহাট ষ্টেডিয়ামত নৈশলোকত আয়োজিত এ টি পি এ শ্বিল্ডৰ বুধবাৰ চূড়ান্ত খেলত জয়ী হয় ইউনাইটেড চিৰাং দুৱাৰ এফ চি দল (ATPA Shield Football match held in Jorhat) ৷

মৰিয়নীক পৰাস্ত কৰি ইউনাইটেড চিৰাং দুৱাৰ এফ চি দলে সুন্দৰ প্ৰদৰ্শনৰ জৰিয়তে এই বিজয় লাভ কৰে ৷ আজি চূড়ান্ত খেলত চিৰাং দলে স্থানীয় মৰিয়নী উপ ক্ৰীড়া সন্থাক ২-০ গ’লৰ ব্যৱধানত পৰাস্ত কৰি খিতাপ দখল কৰিবলৈ সক্ষম হয় । এ টি পি এ শ্বিল্ডৰ ফাইনেলত পোনপ্ৰথম বাৰৰ বাবে প্ৰৱেশ কৰা দুয়োটা দলে প্ৰথমৰ পৰাই আকৰ্ষণীয় খেল পৰিদৰ্শন কৰে । চূড়ান্ত খেলত পূৰ্বৰ খেলৰ অভিজ্ঞতাৰ ভিত্তিত ফিল্ডত নামে স্থানীয় তথা যোৰহাটৰ দ্বিতীয়তো দল হিচাপে এ টি পি এ শ্বিল্ডৰ ফাইনেলত প্ৰৱেশ কৰা মৰিয়নী উপ ক্ৰীড়া সন্থাই (ATPA Shield Football match winner team) ।

খেলৰ প্ৰথমাৰ্দ্ধৰ ১৮ মিনিটত মৰিয়নী দলৰ অনন্ত তাঁতীয়ে একক প্ৰচেষ্টাৰে বল নি ৰাইট উইঙৰ পৰা গ’ললৈ মৰা এটা সুন্দৰ শ্বট প্ৰতিহত কৰে চিৰাঙৰ গ’ল ৰক্ষকে । আনহাতে খেলৰ প্ৰথমাৰ্দ্ধৰ ৩০ মিনিটত চিৰাং দলৰ যোচেফ মালোৱা উৱায়ে ৰাইট উইঙৰ পৰা মৰা এটা সুন্দৰ এৰিয়েল শ্বটত বল গ’ললৈ হেড কৰে চিৰাং দলৰ লালহিমলু ভাংলাৰে । কিন্তু বল গ’ল পোষ্টৰ সামান্য ওপৰেদি পাৰ হৈ যায় । ইয়াৰ পাছত দুয়ো দলে কেইবাটাও সুন্দৰ সুযোগৰ অপচয় কৰে দুৰ্বল ফিনিছিং তথা দুয়ো দলৰ শক্তিশালী ৰক্ষণ বিভাগৰ বাবে । যাৰ বাবে খেলৰ প্ৰথমাৰ্দ্ধ সমাপ্ত হয় গ’ল শূন্যভাৱে (Jorhat football match) ।

প্ৰথমাৰ্দ্ধত গ’ল শূন্যভাৱে খেলখনত অধিক আক্ৰমণাত্মক হৈ উঠে দুই দল । সেই অনুসৰি দুয়ো দলে উপর্যুপৰি আক্ৰমণ কৰে বিপক্ষৰ হাফত । কিন্তু মৰিয়নী দলৰ এক আক্ৰমণৰ প্ৰত্যাক্ৰমত ইউনাইটেড চিৰাং দুৱাৰ এফ চি য়ে প্ৰথম অগ্ৰগতি লাভ কৰে খেলৰ দ্বিতীয়াৰ্ধৰ ১০ মিনিটত । চিৰাং দলৰ উৰ্য্য ব্ৰহ্মই চেণ্টাৰ পজিছনৰ পৰা বল নি ৰাইট কৰ্ণাৰলৈ ঠেলি দিয়া এটা বল সুন্দৰভাৱে আয়ত্ত কৰি বল গ’ললৈ ঠেলি দিয়ে চিৰাং দলৰ বিদেশী খেলুৱৈ যোচেফ মাৱয়া উলাৱে । ইয়াৰ পাছত চিৰাং দলে দ্বিতীয়তো সফলতা লাভ কৰে খেলৰ দ্বিতীয়াৰ্ধৰ ১৪ মিনিটত পুনৰ যোচেফ মাৱয়া উলাৱেৰ গ’লৰ সহায়ত ।

চিৰাং দলৰ অজন্ত ৰাভাই মৰিয়নীৰ বক্সৰ বাহিৰৰ পৰা ঠেলি দিয়া এটা বল সুন্দৰ ভাবে আয়ত্ত কৰি বল গ’ললৈ ঠেলি দিয়ে চিৰাং দলৰ উলাৱেই । আজি চূড়ান্ত খেলৰ উদ্বোধন কৰে সাংসদ তপন গগৈয়ে । আনহাতে আজিৰ বঁটা বিতৰণী অনুষ্ঠানত উপস্থিত থাকি দুয়ো দলক বঁটা সমূহ বিতৰণ কৰে ক্ৰমে যোৰহাট জিলা ক্ৰীড়া সন্থাৰ সভাপতি শান্তনু পূজাৰী, সাংসদ কামাখ্যা প্ৰসাদ তাছা, জিলা আৰক্ষী অধীক্ষক মোহন লাল মীনা, যোৰহাট প্ৰেছ ক্লাবৰ সভাপতি দিগন্ত বুঢ়াগোহাঁই প্ৰমুখ্যে বিশিষ্ট ব্যক্তি সকলে (ATPA Shield Football match held in Jorhat) ।

লগতে পঢ়ক : Folk instruments of Assam : পৌৰাণিক লোকবাদ্য প্ৰচাৰৰ চেষ্টা দুই সংস্কৃতি সাধকৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.