ETV Bharat / state

যোৰহাটত বহিৰাগত বণিয়াৰ অতপালি

author img

By

Published : Aug 8, 2021, 10:43 PM IST

দীৰ্ঘদিন ধৰি ৰাজপথত লোহাৰ ৰেলিং দি পথাচাৰীৰ বাবে সমস্যাৰ সৃষ্টি কৰি আহিছিল যোৰহাটৰ হোটেল আহাৰৰ গৰাকীয়ে ৷ পিছে সাংবাদিকৰ উপস্থিতি দেখিয়েই হোটেলৰ গৰাকীয়ে সলালে ৰূপ ৷

road occupied by business entity owner in jorhat assam
পথাচাৰীৰ বাবে সমস্যাৰ সৃষ্টি কৰা ব্যৱসায়িক প্ৰতিষ্ঠানৰ গৰাকীৰ বিলৈ!

যোৰহাট, 8 আগষ্ট : এচাম বণিয়াই শেহতীয়াকৈ যোৰহাট নগৰত অতপালি চলোৱাৰ অভিযোগ উত্থাপিত হৈছে ৷ নগৰখনৰ ৰাজ পথত কোনোধৰণৰ আনুষ্ঠানিক কৰ্তৃত্ব নোহোৱাকৈ এখন ব্যৱসায়িক প্ৰতিষ্ঠানে লোহাৰ ৰেলিং দি পথাচাৰীৰ বাবে সমস্যাৰ সৃষ্টি কৰা পৰিলক্ষিত হৈছিল ৷ প্ৰসাশনক বৃদ্ধাংগুষ্ঠ দেখুৱাই আহাৰ নামৰ হোটেলখনৰ জনৈক বেৰিয়া উপাধিৰ স্বত্বাধিকাৰীজনে এই দৰে পথৰ ওপৰতে ৰেলিং দি পথটোকে অধিগ্ৰহণ কৰাৰ অভিযোগ উত্থাপিত হৈ আহিছিল ৷

এই প্ৰতিষ্ঠানটোৰ এনে কাৰ্যৰ বাবে দীৰ্ঘ দিনৰ পৰা যান-জঁটৰ সমস্যাই জ্বলা-কলা দেখুৱাই আহিছে যোৰহাটৰ ৰাইজক ৷ বিশেষ কৈ যোৰহাটৰ ট্ৰাক ষ্টেণ্ডৰ ওচৰত যান-জটৰ সমস্যাই অতিষ্ঠ কৰি আহিছে যোৰহটীয়া ৰাইজক ৷ কিন্তু, এই সকলো দেখিও নেদেখাৰ ভাও ধৰি পথটো অধিগ্ৰহণ কৰি থৈছিল হোটেলখনৰ স্বত্বাধিকাৰ গৰাকীয়ে ৷

অৱশেষত, বিভিন্ন পৰ্যায়ৰ ৰাইজৰ এই বিষয়ত থকা ক্ষোভৰ কথা আমাৰ সাংবাদিকে উমান পায় ৷ সাংবাদিকে বিষয়টো পোহৰলৈ আনিবলৈ প্ৰচেষ্টা হাতত ল’বলৈ যাওতেই হোটেল আহাৰৰ গৰাকীয়ে এই লোহাৰ ৰেলিং আঁতৰাই পেলাবলৈ বাধ্য হয় ৷ সম্প্ৰতি ইয়াকেলৈ স্বস্তিৰ নিশ্বাস পেলাইছে ৰাইজে ৷

লগতে : খাবলৈ নাপালে ৰন্ধা ভাত : বনভোজকাৰীক পহু খেদা আৰক্ষীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.