ETV Bharat / state

চিকিৎসক দেৱেন দত্ত হত্যাকাণ্ডঃ কি পৰ্যায়ত বিচাৰ প্ৰক্ৰিয়া !

author img

By

Published : Feb 18, 2020, 2:05 PM IST

Updated : Mar 16, 2020, 12:08 PM IST

সৰ্বমুঠ 32 অভিযুক্তই কেনেদৰে উপৰ্যুপৰি প্ৰহাৰ কৰি হত্যা কৰিছিল চিকিৎসক দেৱেন দত্তক সেই বিষয়ে পৃষ্ঠই-পৃষ্ঠাই প্ৰকাশ পাইছিল আৰক্ষীৰ চাৰ্জচিটত ৷ ফাষ্টট্ৰেক আদালতত বিচাৰ প্ৰক্ৰিয়া আগবঢ়া নাই যদিও গুৱাহাটী উচ্চন্যায়ালয়ৰ নিৰ্দেশত ক্ষিপ্ৰ গতিৰে যোৰহাট সত্ৰ ন্যায়াধীশৰ আদালতত আগবাঢ়িছে বিচাৰ প্ৰক্ৰিয়া ৷ বৰ্তমান ঘটনা সন্দৰ্ভত সাক্ষ্য গ্ৰহণ প্ৰক্ৰিয়া অব্যাহত ৰাখিছে আদালতে ৷

DOCTOR DEBEN DUTTA MURDER CASE FOLLOWUP
চিকিৎসক দেবেন দত্ত হত্যাকাণ্ডঃ

যোৰহাট, 18 ফেব্ৰুৱাৰীঃ 2019 বৰ্ষৰ 31 আগষ্টত যোৰহাটৰ টিয়ক চাহ বাগিচাত সংঘটিত হৈছিল এক লোমহৰ্ষক ঘটনা । বাগিচা খনৰ একাংশ জনতাৰ ৰোষৰ বলি হৈ হৃদয় বিদাৰক ভাৱে মৃত্যুক সাবটি ল'বলগীয়া হৈছিল বাগিচা খনৰ জেষ্ঠ চিকিৎসক ডাঃ দেবেন দত্তই । টিয়ক থানাত বাগিচাৰ কতৃপক্ষৰ পৰা গোচৰ ৰুজু কৰাত আৰক্ষীয়ে 434/2019 কেছ নম্বৰত ভাৰতীয় দণ্ডবীধি আইন অনুসৰি 302/341/342/427/506/143/144/148 IPC R/W section 4 of Assam medicare service pensions and Medicare service institution (prevention of violence and damaged to property)act 2012 ৰুজু কৰি ক্ষীপ্ৰ গতিত তদন্ত আগবঢ়াছে।

৩১ আগষ্ট দিনৰ বিয়লি এজন ৰোগীৰ মৃত্যুক কেন্দ্ৰ কৰি উত্তপ্ত হৈ পৰিছিল টিয়ক চাহ বাগিচাৰ চিকিৎসালয় ৷ বাগিচাৰ এগৰাকী 35 বছৰীয়া যুৱক চমৰা মাঝিৰ মৃত্যুক কেন্দ্ৰ কৰি উত্তপ্ত হৈ পৰিছিল বাগিচাখনৰ পৰিস্থিতি ৷ চিকিৎসক দেবেন দত্তৰ হেমাহিৰ বাবেই যুৱকজনৰ মৃত্যু হোৱাৰ অভিযোগ তুলি প্ৰথমে লণ্ড-ভণ্ড কৰিলে চিকিৎসালয়ৰ আচবাব ৷ ইয়াৰ পাছতেই একাংশ উত্তেজিত শ্ৰমিকে সকলো সীমা অতিক্ৰম কৰি উপৰ্যুপৰি প্ৰহাৰ কৰি অৱস্থা শোচনীয় কৰিলে ডা৹ দেবেন দত্তৰ ৷

2019 বৰ্ষৰ 23 ছেপ্তেম্বৰত তদন্তকাৰী আৰক্ষীয়ে আদালতত দাখিল কৰিলে ছাৰ্জশ্বীট ৷ আৰক্ষীৰ ছাৰ্জশ্বীটত উল্লেখ আছিল ঘটনাত লগত জৰিত 32 অভিযুক্তৰ নাম ৷

চিকিৎসক দেবেন দত্ত হত্যাকাণ্ডঃ

ৰিংকু মাঝি, সুৰেশ ৰাজোৱাৰ, সঞ্জীৱ ৰাজোৱাৰ, বাবলু ৰাজোৱাৰ,সঞ্জু মাঝি, সোণটো মাঝি, ৰামু গোৱালা, মুকুল ৰাজোৱাৰ, মিলন ৰাজোৱাৰ, বিজয় ৰাজোৱাৰ, সঞ্জয় মাঝি, উপেন্দ্ৰ ভূমিজ, দেৱেশ্বৰ ৰাজোৱাৰ, দীপক ৰাজোৱাৰ, অনিল মাঝি, সুনীল মাঝি, শিৱ মাহিলী, হৰি মাঝি, টিংকু মাঝি, দেৱেশ্বৰ ৰাজোৱাৰ, কাৰ্তিক ভূমিজ, ৰামদেৱ মাঝি, কালচিৰণ মাহিলী, ৰামেশ্বৰ ভূমিজ, বিজিত মাহিলী, সঞ্জয় ৰাজোৱাৰ, ৰাহুল ৰাজোৱাৰ, জিন্টু মাঝি, পিঙ্কু মাঝি আৰু শিৱ মাহলীকে ধৰি সৰ্বমুঠ 32 অভিযুক্তই কেনেদৰে উপৰ্যুপৰি প্ৰহাৰ কৰি হত্যা কৰিছিল চিকিৎসক দেৱেন দত্তক সেই বিষয়ে পৃষ্ঠই-পৃষ্ঠাই প্ৰকাশ পাইছিল আৰক্ষীৰ চাৰ্জচিটত ৷

2019 বৰ্ষৰ 19 অক্টোবৰত আদালতত আৰম্ভ হ'ল বিচাৰ প্ৰক্ৰিয়া ৷ মুখ্যমন্ত্ৰীয়ে ফাষ্টট্ৰেক আদালতত বিচাৰ চলাবলৈ নিৰ্দেশ দিলে যদিও কাৰ্যত জিলা সত্ৰ ন্যায়াধীশৰ আদালতৰ জৰিয়তেই আগবাঢ়িল বিচাৰ প্ৰক্ৰিয়া ৷ অৱশ্যে ফাষ্টট্ৰেক আদালতত বিচাৰ প্ৰক্ৰিয়া নচলিল যদিও গুৱাহাটী উচ্চন্যায়ালয়ৰ নিৰ্দেশত ক্ষিপ্ৰ গতিৰে যোৰহাট সত্ৰ ন্যায়াধীশৰ আদালতত আগবাঢ়িছে বিচাৰ প্ৰক্ৰিয়া ৷ বৰ্তমান ঘটনা সন্দৰ্ভত সাক্ষ্য গ্ৰহণ প্ৰক্ৰিয়া অব্যাহত ৰাখিছে আদালতে ৷ ন্যায় ব্যাৱস্থাৰৰ ওপৰত আস্থা ৰাখি অতি সোণকালে দোষীয়ে দৃষ্টান্তমূলক শান্তি পাব বুলি আশাপ্ৰকাশ কৰিছে মৃত চিকিৎসক দেবেন দত্তৰ পৰিয়ালে ৷

Last Updated :Mar 16, 2020, 12:08 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.