ETV Bharat / state

Bust of student leader Animesh : তৰাজানত নিৰ্মাণ হ’ব প্ৰয়াত ছাত্ৰনেতা অনিমেষ ভূঞাৰ আৱক্ষ মূৰ্তি !

author img

By

Published : Nov 28, 2022, 9:39 PM IST

আজি অনিমেষ হত্যাৰ এবছৰ(Animesh Bhuyan murder case) ৷ তৰাজানত নিৰ্মাণ হ'ব প্ৰয়াত ছাত্ৰনেতা অনিমেষ ভূঞাৰ আবক্ষ মূৰ্তি(Bust of student leader Animesh Bhuyan will be made) ৷ উপায়ুক্তৰ সৈতে আছুৰ প্ৰতিনিধি দলৰ আলোচনা (AASU leader meeting with Jorhat DC)৷

bust of student leader Animesh will be made
Bust of student leader Animesh : শীঘ্ৰেই নিৰ্মিত হ’ব ছাত্ৰ নেতা অনিমেশৰ আৱক্ষ মূৰ্তি

যোৰহাট, 28 নৱেম্বৰ: 2021 বৰ্ষৰ নৱেম্বৰ মাহত যোৰহাটত নিৰ্মম আৰু নিৰ্দয়ভাৱে সংঘটিত হোৱা প্ৰয়াত ছাত্ৰনেতা অনিমেষ ভূঞা হত্যাকাণ্ডই আজি ১ টা সম্পূৰ্ণ বৰ্ষ অতিক্ৰম কৰিলে(Animesh Bhuyan murder case) । মানৱ সভ্যতাক লজ্জানত কৰা অনিমেষ ভূঞাৰ হত্যাকাণ্ডৰ পাছতেই ছাত্ৰ সন্থাই অনিমেষ ভূঞাৰ স্মৃতিসৌধ ৰাজহুৱা স্থানত নিৰ্মাণ কৰাৰ লগতে অতি ক্ষীপ্ৰতাৰে বিচাৰ প্ৰক্ৰিয়া সমাপন কৰাৰ ধাৰাবাহিকভাৱে দাবী উত্থাপন কৰি আহিছে ৷

সদৌ যোৰহাট জিলা ছাত্ৰ সন্থাই যোৰহাট জিলা উপায়ুক্তক আৱক্ষ মূৰ্তিৰ বাবে স্থান নিৰ্ধাৰণৰ বাবে কেইবাটাও স্থান চিনাক্ত কৰি প্ৰস্তাৱ প্ৰেৰণৰ পাছতেই এই বিষয়টোৰ সন্দৰ্ভত জিলা উপায়ুক্তৰ সৈতে কেইবালানি বৈঠক সম্পন্ন হয়(AASU leader meeting with Jorhat DC)৷ আজি পুনৰ উপায়ুক্তৰ সৈতে হোৱা আলোচনাৰ পাছতেই তৰাজানত প্ৰয়াত ছাত্ৰনেতা অনিমেষ ভূঞাৰ আৱক্ষ মূৰ্তি নিৰ্মাণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় (Bust of student leader Animesh Bhuyan will be made)।

সদৌ অসম ছাত্ৰ সন্থাৰ সহকাৰী সাধাৰণ সম্পাদক অভিৱৰ্তন গোস্বামী, সাংগঠনিক সম্পাদক জিতু নেওগ, কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য দীপ দত্ত, সদৌ যোৰহাট জিলা ছাত্ৰ সন্থাৰ সভাপতি সংকল্প গগৈ আৰু সাধাৰণ সম্পাদক অৰ্জুনমণি ভূঞাৰ নেতৃত্বত যোৱা আছুৰ প্ৰতিনিধি দলটোৱে উপায়ুক্তৰ লগত আলোচনাৰ পাছতেই এই সিদ্ধান্ত ব্যক্ত কৰে(All assam student’s union) ।

আজি অনিমেষ ভূঞা হত্যকাণ্ডই এটা বছৰ অতিক্ৰম কৰে ৷ সদৌ যোৰহাট জিলা ছাত্ৰ সন্থাৰ সভাপতি আৰু সাধাৰণ সম্পাদকগৰাকীয়ে অনিমেষ ভূঞাক সুঁৱৰি গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে । এই হৃদয়বিদাৰক ঘটনা সংঘটিত হোৱাৰ পাছতেই তেওঁৰ আবক্ষ মূৰ্ত্তি স্থাপনৰ যি সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল, সেই সিদ্ধান্তক কাৰ্যকৰী ৰূপ প্ৰদানৰ বাবে ছাত্ৰ সন্থাই অতি আন্তৰিকতাৰে পদক্ষেপ গ্ৰহণ কৰি আহিছে বুলিও উল্লেখ কৰে আছু নেতৃত্বই ।

জিলা প্ৰশাসনে ইতিমধ্যে তৰাজানত আবক্ষ মূৰ্ত্তি নিৰ্মাণৰ বাবে স্থান নিৰ্ধাৰণ কৰাৰ সিদ্ধান্তক ছাত্ৰ সন্থাই আদৰণি জনায় আৰু অতি শীঘ্ৰে স্মৃতিসৌধ নিৰ্মাণৰ কাম আৰম্ভ কৰি ৰাইজৰ বাবে মুকলি কৰি দিবলৈ আহ্বান জনায় । লগতে ছাত্ৰনেতাদ্বয়ে কয় যে ড্ৰাগছ, গণহত্যা আদি সামাজিক ব্যাধিৰ ফলত এটা মূল্যৱান জীৱন হেৰায় যায় - এয়া প্ৰতিপল সমাজক সোঁৱৰাই থাকিবলৈ স্মৃতিসৌধৰ লগতে এই ব্যাধি নিৰ্মূলকৰণৰ বাবে এক যথোচিত স্থায়ী আৰু সুদূৰপ্ৰসাৰী পদক্ষেপ গ্ৰহণ আৰু বাৰ্তা প্ৰেৰণৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিব লাগে বুলি জিলা প্ৰশাসনক আহ্বান জনায় আছুয়ে ।

তদুপৰি অনিমেষ ভূঞা পৰিয়ালৰ উপাৰ্জনৰ একমাত্ৰ উৎস অনিমেষ ভূঞাৰ মৃত্যুৰ পাছতেই পৰিয়ালৰ পোহ-পালৰ বাবে পৰিয়ালৰ কোনো এগৰাকী সদস্যক সংস্থাপনৰ প্ৰসংগয়ো আজিৰ আলোচনাত স্থান লাভ কৰে । আজিৰ আছুৰ প্ৰতিনিধি দলটোত যোৰহাট মহকুমা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক ৰিয়াজ হুছেইন, গোলাঘাট জিলা ছাত্ৰ সন্থাৰ দীপ বৰঠাকুৰ উপস্থিত থাকে ।

লগতে পঢ়ক: Barpeta Cancer Hospita: বৰপেটা কেঞ্চাৰ হাস্পতালৰ ৰোগীৰ মাজত হাহাকাৰ পৰিস্থিতি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.