ETV Bharat / state

প্ৰডাক্টিভিটি লিংক বোনাচ প্ৰদানৰ দাবীৰে লামডিঙত প্ৰতিবাদ

প্ৰডাক্টিভিটি লিংক বোনাচৰ দাবীৰে ৰেলৱে কৰ্মচাৰী সংঘ আৰু মজদুৰ সংঘৰ প্ৰতিবাদ ৷ বোনাচৰ দাবীৰে প্ৰতিবাদী সমদল বাহিৰ কৰাৰ লগতে ৰেলৱে মাণ্ডলিক কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত ৷ আগন্তুক দুদিনৰ ভিতৰত কেন্দ্ৰীয় চৰকাৰে বোনাচ নিদিলে জংগী আন্দোলনৰ হুংকাৰ ৷

প্ৰডাক্টিভিটি লিংক বোনাচ প্ৰদানৰ দাবীৰে লামডিঙত প্ৰতিবাদ
প্ৰডাক্টিভিটি লিংক বোনাচ প্ৰদানৰ দাবীৰে লামডিঙত প্ৰতিবাদ

Published : October 21, 2020 at 10:25 PM IST

Choose ETV Bharat

হোজাই, 21 অক্টোবৰ: প্ৰডাক্টিভিটি বোনাচৰ দাবীৰে উত্তৰ-পূৱ সীমান্ত ৰেলৱেৰ লামডিং শাখাৰ মজদুৰ সংঘ আৰু কৰ্মচাৰী সংঘৰ প্ৰতিবাদ ৷ আগন্তুক দুদিনৰ ভিতৰত কেন্দ্ৰীয় চৰকাৰে বোনাচ প্ৰদান কৰাৰ ক্ষেত্ৰত কোনো ব্যৱস্থা গ্ৰহন নকৰিলে প্ৰতিবাদকাৰী সকলে জংগী আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে ৷ প্ৰতিবাদকাৰী সকলে মন্তব্য কৰে যে এই বিশেষ বোনাচ প্ৰদানৰ ক্ষেত্ৰত ৰেল বিভাগৰ শীৰ্ষ কৰ্তৃপক্ষই কোনো নিৰ্দেশ জাৰি নকৰিলে উদ্ভৱ হ'ব লগা যিকোনো পৰিস্থিতিৰ বাবে ৰেল বিভাগৰ শীৰ্ষ কৰ্তৃপক্ষ জগৰীয়া হ'ব ৷

লামডিঙত ৰেলৱে কৰ্মচাৰী সংঘ আৰু মজদুৰ সংঘৰ প্ৰতিবাদ
লামডিঙত ৰেলৱে কৰ্মচাৰী সংঘ আৰু মজদুৰ সংঘৰ প্ৰতিবাদ

বুধবাৰে এই দুই শ্ৰমিক সংগঠনে হাতে বাতে মমবাতি লৈ এক সমদল বাহিৰ কৰি প্ৰতিবাদ সাব্যস্ত কৰে ৷ উল্লেখ্য যে প্ৰতিবছৰে শাৰদীয় দুৰ্গোৎসৱৰ পূৰ্বে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী সকলক 'প্ৰডাক্টিভিটি লিংক বোনাচ' নামৰ এক বিশেষ বোনাচ প্ৰদান কৰা হয় ৷ কিন্তু বৰ্তমানলৈকে এই বোনাচ লাভ নকৰাত এইসকল কৰ্মচাৰী ক্ষোভিত হৈ পৰিছে ৷ প্ৰতিবাদকাৰী সকলে কয় যে এই বোনাচ তেওঁলোকৰ অধিকাৰ ৷ বোনাচ প্ৰদান নকৰিলে তীব্ৰ আন্দোলন গঢ়ি তোলাৰো হুংকাৰ দিয়ে প্ৰতিবাদকাৰী সকলে ৷ প্ৰতিবাদকাৰী সকলে কয় যে আগন্তুক দুদিনৰ ভিতৰত কেন্দ্ৰীয় চৰকাৰে বোনাচ প্ৰদান কৰাৰ বাবে কোনো ব্যৱস্থা গ্ৰহন নকৰিলে জংগী আন্দোলন গঢ়ি তোলাৰ লগতে সমগ্ৰ দেশতে 'ৰেল ৰকৌ' কাৰ্যসূচী গঢ়ি তুলিব ৷

লগতে পঢ়ক: মূল্য বৃদ্ধিৰ বিৰুদ্ধে গুৱাহাটীত ছাত্ৰ সন্থাৰ প্ৰতিবাদ