ETV Bharat / state

হোজাই আৰক্ষীৰ জালত ভুৱা নথি-পত্ৰ বনোৱা চক্ৰ

author img

By

Published : Apr 30, 2022, 6:47 PM IST

ৰাজ্যত অবাধে চলি আছে ভুৱা নথি-পত্ৰৰ বেহা (Fake documents are going on in state) । একাংশ দুষ্ট চক্ৰই এই অসৎ পন্থাৰে ঘটিছে ধন । এই চক্ৰটোৰ বিৰুদ্ধে কঠোৰ হৈছে অসম আৰক্ষী (Assam Police against fake document makers) । এইবাৰ হোজাই আৰক্ষীৰ জালত পৰিল এক ভুৱা নথি-পত্ৰ বনোৱা চক্ৰ ।

hojai-police-arrest-fake-documents-maker-team
হোজাই আৰক্ষীৰ জালত ভুৱা নথি-পত্ৰ বনোৱা চক্ৰ

হোজাই,৩০ এপ্ৰিল: নকল টকা বা নকল সোণ নহয় । এইবাৰ নকল নথি-পত্ৰৰ বেহা বহিছে ৰাজ্যত । হোজাই আৰক্ষীয়ে দীৰ্ঘদিনে পতা জালত পৰিল ভুৱা নথি পত্ৰ বনোৱা এটা চক্ৰ । কৰায়ত্ব কৰে তিনিজনকৈ লোকক ।

বিগত বহুদিন ধৰি হোজাইৰ বিভিন্ন অঞ্চলৰ বিভিন্নজনক যোগান ধৰি আহিছিল ভুৱা নথি-পত্ৰ । গোপন সুত্ৰৰ পম খেদি আৰক্ষীয়ে এই চক্ৰটোৰ বিৰুদ্ধে আৰম্ভ কৰিছিল অভিযান । অৱশেত আৰক্ষীৰ জালত পৰিল বহু ভুৱা নথি-পত্ৰ সহ তিনিজন এই চক্ৰৰে জড়িত লোক (Hojai police arrest fake document making racket) ।

অভিযান কালত আৰক্ষীয়ে জব্দ কৰে ১৭ খন পঞ্জীয়ন কাৰ্ড, ৯৯ খন উকা আধাৰ কাৰ্ড, ব্লেঙ্ক কাৰ্ড, ৮ টা ৰাৱাৰ ষ্টাম আৰু তিনিখন পাছপ'ৰ্ট । লগতে জব্দ কৰে তিনিখন চাৰিচকীয়া আৰু তিনিখন দুচকীয়া বাহন ।

আৰক্ষীয়ে আটক কৰে ফাৰুক আহমেদ, জাকৰিয়া আহমেদ আৰু আব্দুল আহাদ নামৰ তিনিজন লোকক । হোজাই আৰক্ষী অধীক্ষক বৰুণ পুৰকায়স্থই জনোৱা মতে তিনিওকে নীলবাগানৰ নিজা নিজা বাসগৃহৰ পৰা আটক কৰে হোজাই আৰক্ষীয়ে ।

বিগত বহু দিনৰ পৰা এই চক্ৰটোৱে হোজাইত ভুৱা নথি প্ৰদানৰ কাম চলাই অহাৰ তথ্য প্ৰকাশ কৰে আৰক্ষীয়ে । চক্ৰটোৰ লগত উদ্ধাৰ নাগালেণ্ড, টুইনচাংৰ পৰিবহণ বিষয়া,কৰ বিভাগ আৰু কেইবাটাও চৰকাৰী গাওঁবুঢ়াৰ ৰাবাৰ ষ্টাম্প ।

উল্লেখ্য যে কিছুদিন পূৰ্বে ডিমা হাছাওত ভুৱা নথিৰে বেটেলিয়ান নিযুক্তি প্ৰক্ৰিয়াত যোগদান কৰিবলৈ গৈ আৰক্ষীৰ জালত পৰিছিল এজন যুৱক । সমগ্ৰ ঘটনা সন্দৰ্ভত হোজাই আৰক্ষীৰ তদন্ত অব্যাহত ৰাখিছে বুলি জনাই আৰক্ষী অধীক্ষকগৰাকীয়ে ।

লগতে পঢ়ক: বৰাহীবাৰীত ছাগলীৰ মাজত দেখা দিছে এণ্টাৰটক্সমিয়া ৰোগ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.