ETV Bharat / state

হাইলাকান্দিত কোৱাৰেন্টাইনত থকা মহিলাৰ আত্মহত্যা

author img

By

Published : Jul 14, 2020, 6:29 AM IST

হাইলাকান্দি জিলাৰ এগৰাকী মহিলাই কোৱাৰেন্টাইনত থকা অৱস্থাতে আত্মহত্যা কৰে ৷ মহিলাগৰাকীয়ে 28 জুনত বাংগালোৰৰ পৰা স্বামী আৰু আঠবছৰীয়া পুত্ৰৰ সৈতে আহি জিলাখনত উপস্থিত হৈছিল ৷

হাইলাকান্দিত কোৱাৰেন্টাইনত থকা মহিলাৰ আত্মহত্যা
হাইলাকান্দিত কোৱাৰেন্টাইনত থকা মহিলাৰ আত্মহত্যা

নিউজ ডেস্ক, 14 জুলাই : বাংগালোৰৰ পৰা অসমত আহি উপস্থিত হোৱা এগৰাকী মহিলাই আত্মহত্যা কৰাক লৈ চাঞ্চল্যৰ সৃষ্টি হৈছে হাইলাকান্দি জিলাত ৷ মহিলাগৰাকীয়ে পুত্ৰ আৰু স্বামীসহ 28 জুনত আহি অসমত উপস্থিত হৈছিল মহিলাগৰাকী ৷

কোৱাৰেন্টাইন হৈ থকা অৱস্থাতে মহিলাগৰাকীয়ে চিপ লৈ আত্মহত্যা কৰে ৷ মহিলাগৰাকীৰ স্বামীয়ে অভিযোগ কৰা অনুসৰি, মহিলাগৰাকীৰ নমুনা পৰীক্ষণৰ পিচত ফলাফলত হোৱা বিলম্বৰ বাবেই এইদৰে আত্মহত্য়া কৰে ৷

নিজৰ গা-ধোৱা গৃহত চিপ লৈ মহিলাগৰাকীয়ে আত্মহত্যা কৰে বুলি জনায় স্থানীয় আৰক্ষীয়ে ৷ মহিলাগৰাকীয়ে এখন স্থানীয় বিদ্যালয়ত কোৱাৰেন্টাইন হৈ থকা অৱস্থাতে এইদৰে আত্মহত্যা কৰে ৷ আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি, তেওঁলোকৰ নমুনা পৰীক্ষণৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্য়ালয়লৈ প্ৰেৰণ কৰা হৈছিল আৰু পৰীক্ষাৰ ফলাফল আহি পোৱাত যথেষ্ট বিলম্ব হৈছে ৷ ইতিমধ্যে মহিলাগৰাকী পুত্ৰ আৰু স্বামীৰ ফলাফল আহিছে আৰু তেওঁলোকৰ ফলাফল নিগেটিভ বুলি জানিব পৰা গৈছে ৷

আনহাতে মহিলাগৰাকীৰ আত্মহত্যাৰ পিচতে স্থানীয় স্বাস্থ্য বিভাগে এক খৰতকীয়া পৰীক্ষা সম্পন্ন কৰি তাৰ নমুনা শিলচৰ মেডিকেল কলেজলৈ প্ৰেৰণ কৰিছে ৷

লগতে পঢ়কঃ ভাৰতত 75 হাজাৰ কোটি বিনিয়োগ কৰিব গুগলে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.