ETV Bharat / state

গোলাঘাটত আটক দুই ড্ৰাগছ সৰবৰাহকাৰী

author img

By

Published : Jun 22, 2019, 9:03 PM IST

গোলাঘাট আমছুৰ সহযোগত গোলাঘাটত আৰক্ষীৰ ড্ৰাগছৰ বিৰোধী অভিযান ৷ শনিবাৰে গোলাঘাট আৰক্ষীয়ে অভিযান চলাই 1.5 গ্ৰাম ড্ৰাগছ আৰু AS05ER0717 নম্বৰৰ এখন বেটাৰী ৰিক্সাসহ আটক কৰে দুটা ড্ৰাগছ সৰবৰাহকাৰী ৷

etv bharat

গোলাঘাট, 22 জুন: গোলাঘাট থুৰামুখৰ পৰা গোলাঘাট আৰক্ষীৰ ড্ৰাগছৰ বিৰোধী অভিযানত আটক হয় দুটা ড্ৰাগছ সৰবৰাহকাৰী । ড্ৰাগছ সৰবৰাহকাৰী দুটাৰ পৰা আৰক্ষীয়ে জব্দ কৰে 1.5 গ্ৰাম ড্ৰাগছৰ লগতে AS05ER0717 নম্বৰৰ এখন বেটাৰী ৰিক্সা ৷ আটকাধীন সৰবৰাহকাৰী দুটাৰ নাম সুৰজ চেত্ৰী আৰু ৰাহুল বৰা । সুৰজ চেত্ৰীৰ বাসগৃহত আৰক্ষীয়ে অভিযান চলাই এখন বেটাৰী ৰিক্সাখন জব্দ কৰে ।

গোলাঘাটত আৰক্ষীৰ ড্ৰাগছৰ বিৰুধী অভিযানত আটক দুই সৰবৰাহকাৰী


অতিৰিক্ত আৰক্ষী অধীক্ষক পাৰ্থ প্ৰতীম শইকীয়াৰ নেতৃত্বত চলোৱা হৈছিল এই ড্ৰাগছ বিৰোধী অভিযান ৷ লগতে, এই অভিযানত আৰক্ষীক সহযোগ কৰিছিল গোলাঘাট আমছুৱে ৷ মইনাপাৰাৰ বাসিন্দা সুৰজ চেত্ৰীয়ে গোলাঘাট নগৰৰ লগতে কাষৰীয়া অঞ্চলসমূহতো বেটাৰী ৰিক্সাৰ দ্বাৰাই ড্ৰাগছ সৰবৰাহ কৰে বুলি সন্দেহ আৰক্ষীৰ ৷ এই সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে ৷

Intro:গোলাঘাটত দুটা ড্ৰাগছ সৰবৰাহ কাৰী গ্ৰেপ্তাৰ। গোলাঘাট থুৰামুখৰ পৰা গোলাঘাট আৰক্ষীৰ এক অভিযানত গ্ৰেপ্তাৰ কৰে ড্ৰাগছ সৰবৰাহ কাৰী দুটাক। ড্ৰাগছ সৰবৰাহ কাৰী দুটাৰ পৰা ১.৫ গ্ৰাম ড্ৰাগছ উদ্ধাৰ কৰাৰ উপৰিও AS05ER0717 নম্বৰৰ এখন বেটাৰী ৰিক্সা জব্দ কৰে আৰক্ষীয়ে। ড্ৰাগছ সৰবৰাহকাৰী দুটাৰ নাম সুৰজ চেত্ৰী আৰু ৰাহুল বৰা। সুৰজ চেত্ৰীৰ ঘৰ মইনাপাৰাত। সুৰজৰ ঘৰত আৰক্ষীয়ে অভিযান চলাই বেটাৰী ৰিক্সাখন জব্দ কৰে। সন্দেহ প্ৰকাশ কৰা হৈছে গোলাঘাট নগৰ আৰু কাষৰীয়া অঞ্চল সমূহত বেটাৰী ৰিক্সাৰ দ্বাৰাই ড্ৰাগছ সৰবৰাহ কৰা হয়।


Body:Byte 1: আমছু নেতা।


Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.