কংগ্ৰেছৰ ত্যাগ কৰা তিনি নেতাৰ তৃণমূল কংগ্ৰেছত যোগদান
ডিমা হাছাও জিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদক পদৰ পৰা পদত্যাগ কৰা মাংলীন হাওলাই, সম্পাদক আচিং জেমি আৰু সামাজিক মাধ্যমৰ সমন্বয়ক সেতমীনথাং খংচাই আনুষ্ঠানিকভাৱে তৃণমূল কংগ্ৰেছত যোগদান কৰে (Three former congress leaders of Dima Hasao join TMC) । দুই এদিনৰ ভিতৰত ডিমা হাছাও জিলা কংগ্ৰেছৰ ভালেমান কংগ্ৰেছ নেতা কৰ্মীয়ে দল ত্যাগ কৰাৰ সম্ভাৱনা ৷
ডিমা হাছাও, 11 মে: ডিমা হাছাও জিলা কংগ্ৰেছৰ পৰা সোমবাৰে পদত্যাগ কৰা তিনি গৰাকী নেতাই আজি আনুষ্ঠানিকভাবে তৃণমূল কংগ্ৰেছ দলত যোগদান কৰে ৷ বুধবাৰে গুৱাহাটীৰ মাছখোৱা সাংস্কৃতিক প্ৰকল্পত তৃণমূল কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক অভিষেক বেনাৰ্জী (TMC GS Abhishekh Banerjee), তৃণমূল কংগ্ৰেছৰ ৰাজ্যিক সভাপতি ৰিপুন বৰা (TMC state president Ripun Bora) আৰু সাংসদ সুস্মিতা দেৱ (TMC MP Sushmita dev)ৰ উপস্থিতিত ডিমা হাছাও জিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদক পদৰ পৰা পদত্যাগ কৰা মাংলীন হাওলাই, সম্পাদক আচিং জেমি আৰু সামাজিক মাধ্যমৰ সমন্বয়ক সেতমীনথাং খংচাই আনুষ্ঠানিকভাৱে তৃণমূল কংগ্ৰেছত যোগদান কৰে ।
এই তিনিগৰাকী কংগ্ৰেছ নেতাৰ লগতে জুৱেল চেংয়ুঙেও কংগ্ৰেছ ত্য়াগ কৰিছিল ৷ তেঁওৰ বাহিৰে বাকী তিনি গৰাকী নেতাই অজি তৃণমূল কংগ্ৰেছত যোগদান কৰে । অহা দুই এদিনৰ ভিতৰত ডিমা হাছাও জিলা কংগ্ৰেছৰ ভালেমান কংগ্ৰেছ নেতা কৰ্মীয়ে দল ত্যাগ কৰিব বুলি জানিব পৰা গৈছে।

