ETV Bharat / state

Woman commits suicide: স্বামীৰ বিবাহ বহিৰ্ভূত সম্পৰ্কৰ কাৰণে আত্মঘাতী পত্নী

author img

By ETV Bharat Assamese Team

Published : Nov 2, 2023, 1:52 PM IST

পুনৰ আৰক্ষীৰ খাকী পোছাকত কালিমা সানিলে এজন আৰক্ষীৰ জোৱানে ৷ আৰক্ষী স্বামীৰ অকথ্য অত্যাচাৰ সহ্য কৰিব নোৱাৰি বিহপান কৰি আত্মহননৰ চৰম পথ বাচি ল’লে এগৰাকী মহিলাই ৷

Woman commits suicide
বিষাক্ত দ্ৰব্য সেৱন পত্নীৰ

বিষাক্ত দ্ৰব্য সেৱন পত্নীৰ

মৰাণ, 2 নৱেম্বৰ : ৰাজ্যত দিনক দিনে বৃদ্ধি পাইছে নাৰী নিৰ্যাতনৰ ঘটনা । নাৰী নিৰ্যাতনৰ ক্ষেত্ৰত আৰক্ষীক কঠোৰ হ'বলৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী তথা চৰকাৰে নিদেৰ্শ দিয়া সময়ত ডিব্ৰুগড়ৰ বামুণবাৰীত চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে । স্বামীৰ অত্যাচাৰ সহিব নোৱাৰি আত্মহত্যাৰ পথ বাচি ল’লে পত্নীয়ে।

অভিযোগ অনুসৰি আৰক্ষী বিভাগত গাড়ী চালক হিচাপে কৰ্মৰত বিজয় গগৈৰ বিবাহ বহিৰ্ভূত সম্পৰ্ক আছিল ৷ এই কথা পত্নীয়ে গম পোৱাৰ পিচতে তেওঁলোকৰ মাজত সঘনাই কাজিয়া হ’বলৈ আৰম্ভ কৰিছিল ৷ ইয়াৰোপৰি দীৰ্ঘদিন ধৰি বিজয়ে পত্নীক অকথ্য শাৰীৰিক আৰু মানসিক অত্যাচাৰ চলাই আহিছিল ৷

মঙলবাৰেও দিনৰ ভাগত বিজয় গগৈয়ে পত্নী পম্পী চুতীয়াক শাৰীৰিক নিৰ্যাতন চলোৱাৰ অভিযোগত বামুণবাৰী আৰক্ষী চকীত অভিযোগ দিবলৈ আহিছিল পত্নীয়ে। ইয়াৰ পিচতে বুধবাৰে নিজ কোঠাৰ ভিতৰত বিহপান কৰে পত্নী পম্পী চুতীয়াই। ইয়াৰ পিচতে পৰিয়ালৰ লোকে মৰাণ মেডিকেল চেন্টাৰত ভৰ্তি কৰায় যদিও তেওঁৰ অৱস্থা গুৰুতৰ হোৱাত মহিলাগৰাকীক অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ ৷ যদিও চিকিৎসকগৰাকীয়ে মহিলাগৰাকীক মৃত বুলি ঘোষণা কৰে।

ইফালে স্বামী বিজয় গগৈয়ে পত্নীক মৰাণ মেডিকেল চেন্টাৰত ভৰ্তি কৰোৱাৰ সময়তো ডিউটি থকা বুলি কৈ পত্নীক এৰি পলায়ন কৰে বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে ।

এতিয়া মহিলাগৰাকীৰ মৃত্যুৰ পিচতে জাঙুৰ খাই উঠিছে মহিলাগৰাকীৰ মাতৃগৃহৰ পৰিয়াল আৰু স্থানীয় ৰাইজ। পৰিয়ালৰ লোকে স্বামী বিজয়ৰ বিৰুদ্ধে উচিত তদন্তৰ দাবী জনাই কঠোৰ শাস্তি প্ৰদান কৰিবলৈ দাবী জনাইছে ৷ মৃত বোৱাৰীগৰাকীৰ পৰিয়ালৰ অভিযোগ অনুসৰি, দুটা সন্তানৰ পিতৃ হৈয়ো অন্য মহিলাৰ লগত প্ৰেমৰ সম্পৰ্কত আছিল বিজয় ৷

এই ঘটনাৰ বিৰুদ্ধে পৰিয়ালৰ লোকে স্থানীয় আৰক্ষী থানাত এটা গোচৰ ৰুজু কৰিছে ৷ পৰৱৰ্তী সময়ত আৰক্ষী বিজয় গগৈৰ বিৰুদ্ধে আৰক্ষীয়ে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া হ’ব লক্ষণীয় ৷

লগতে পঢ়ক: Father attacks son: মাতৃক বচাবলৈ যোৱা পুত্ৰক ছুৰীকাঘাত পিতৃৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.