ETV Bharat / state

Lahowal Rape Case : লাহোৱালৰ ধৰ্ষণকাণ্ডৰ লগত জড়িত মহিলাসহ দুই যুৱককক আদালতলৈ প্ৰেৰণ

author img

By

Published : Feb 6, 2023, 5:50 PM IST

Lahowal Rape Case
লাহোৱালৰ ধৰ্ষণকাণ্ডৰ লগত জড়িত মহিলাসহহ দুই যুৱককক আদালতলৈ প্ৰেৰণ

ৰাজ্য কঁপোৱা লাহোৱালৰ ধৰ্ষণকাণ্ডৰ (Lahowal Rape Case) লগতে জড়িত দুগৰাকী মহিলাক সোমবাৰে গ্ৰেপ্তাৰ কৰে লাহোৱাল আৰক্ষীয়ে ৷ দেওবাৰে মূল অভিযুক্তৰ লগতে আন এজন অভিযুক্তক গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে ৷ ধৰ্ষণকাণ্ডটোৰ লগত জড়িত চাৰিওকে সোমবাৰে আদালতত হাজিৰ কৰোৱা হয় ৷

লাহোৱালৰ ধৰ্ষণকাণ্ডৰ লগত জড়িত মহিলাসহহ দুই যুৱককক আদালতলৈ প্ৰেৰণ

ডিব্ৰুগড়, 6 ফেব্ৰুৱাৰী : লাহোৱালৰ জঘন্য ধৰ্ষণকাণ্ডই কঁপাই গৈছে ৰাজ্য ৷ ডিব্ৰুগড়ৰ লাহোৱালৰ জঘন্য ধৰ্ষণকাণ্ডৰ (Lahowal Rape Case) সৈতে জড়িত থকা অভিযোগত দুগৰাকী মহিলাক আৰক্ষীয়ে সোমবাৰে গ্ৰেপ্তাৰ কৰিছে (Accused of Lahowal Rape Case) ৷ ইতিমধ্যে এই ধৰ্ষণকাণ্ডৰ সৈতে জড়িত মূল অভিযুক্ত ভাইজান আলীৰ লগতে অজয় লোহাৰক দেওবাৰে আৰক্ষীয়ে দেওবাৰে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছিল ৷

ঘটনা সন্দৰ্ভত ইতিমধ্যে লাহোৱাল আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধি আইনৰ 376(3), POCSO আইনৰ (POCSO Act) অন্তৰ্গত RW ধাৰা 6ৰ অধীনত 27/23 নম্বৰত এক গোচৰ ৰুজু কৰি চাৰিওকে আদালতলৈ প্ৰেৰণ কৰিছে ৷

উল্লেখযোগ্য যে দেওবাৰে ডিব্ৰুগড়ৰ লাহোৱালত সমাজক লজ্জানত কৰা ভয়ংকৰ ধৰ্ষণকাণ্ড পোহৰলৈ আহিছিল ৷ এগৰাকী 14 বছৰীয়া কিশোৰীক দুদিন চাহ বাগিচাৰ মাজত লুকুৱাই ৰাখি ওৰে নিশা উপৰ্যুপৰি ধৰ্ষণ কৰি পেলাই থৈছিল ভাইজান আলি নামৰ এটা পাষণ্ডই (Rape at Bebejia tea garden)৷ লাহোৱাল সমষ্টিৰ অন্তৰ্গত বেবেজিয়া গাঁৱত হৈছিল এই ঘটনা ।

জানিব পৰা অনুসৰি তিনি ফেব্ৰুৱাৰীৰ সন্ধিয়া প্ৰায় ৫ বজাত ১৪ বছৰীয়া কিশোৰীগৰাকী দোকানলৈ গৈছিল ৷ সেই সময়তেই নিৰ্জনতাৰ সুযোগ লৈ পথৰ পৰা ভাইজান আলিয়ে মুখত সোপা দি ওচৰতে থকা বাগানলৈ চোঁচৰাই নিয়ে আৰু বাগানৰ ভিতৰত হাত-ভৰি বান্ধি উপৰ্যুপৰি ধৰ্ষণকাণ্ড চলায় ৷

অৱশেষত কিশোৰীগৰাকীৰ মাতৃয়ে কন্যাক বিচাৰি গৈ দেওবাৰে নিশা অচেতন অৱস্থাত উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷ ইতিমধ্যে কিশোৰীগৰাকী অসম চিকিৎসা মহাবিদ্যালয়ত (Assam Medical College and Hospital) চিকিৎসাধীন হৈ আছে ৷ ইয়াৰ পাছতে ভুক্তভোগীৰ কিশোৰীগৰাকীৰ পৰিয়ালৰ এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে (Lahowal Police) দুই অভিযুক্তক গ্ৰেপ্তাৰ কৰাৰ লগতে সোমবাৰেও আন দুই মহিলাক গ্ৰেপ্তাৰ কৰে ৷

সোমবাৰে লাহোৱাল আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা দুই মহিলা তথা ধৰ্ষণকাৰীৰ আত্মীয়ই মূল অভিযুক্ত ভাইজান আলীক সহযোগিতা আগবঢ়োৱা বুলি জানিব পৰা গৈছে ৷ আনহাতে দেওবাৰে মূল অভিযুক্ত ভাইজান আলিয়ে নিজেই এই ঘটনা সংঘটিত কৰা বুলি সংবাদ মাধ্যমৰ আগত স্বীকাৰ কিৰিছিল যদিও সোমবাৰে ভাষ্য সলনি কৰে ৷ সোমবাৰে আদালতলৈ যোৱাৰ প্ৰাকমুহুৰ্তত সংবাদ মাধ্যমৰ সন্মুখত কয় যে বিয়া কৰোৱাৰ বাবেহে কিশোৰীগৰাকীক ৰাখি থোৱা হৈছিল ৷ আনহাতে সভ্য সমাজক লজ্জানত কৰা এই ঘটনাই ডিব্ৰুগড়ত চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷

লগতে পঢ়ক: Minor Rape Case: কিশোৰীক হাত ভৰি বান্ধি চাহ বাগিচাৰ মাজত ধৰ্ষণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.