ETV Bharat / state

CM in Tingkhnong: ডিব্ৰুগড়ত কেইবাটাও বৃহৎ প্ৰকল্প ঘোষণাৰে মুখ্যমন্ত্ৰীয়ে সামৰিলে ‘বিকাশৰ বাবে এটা পষেক’ কাৰ্যসূচী

author img

By

Published : Dec 24, 2022, 6:31 PM IST

CM in Tingkhnong
ডিব্ৰুগড়ত কেইবাটাও বৃহৎ প্ৰকল্পৰ ঘোষণাৰে মুখ্যমন্ত্ৰীয়ে সামৰিলে ‘বিকাশৰ বাবে এটা পষেক’ কাৰ্যসূচী

ডিব্ৰুগড়ৰ টিংখাঙত ‘বিকাশৰ বাবে এটা পষেক’ৰ প্ৰথম পৰ্যায়ৰ অন্তিমটো কাৰ্যসূচীৰ সামৰণি পৰে ৷ এই কাৰ্যসূচীত অংশ গ্ৰহণ কৰি বহুকেইটা উন্নয়নমূলক আঁচনি উদ্বোধনৰ লগতে শিলান্যাস কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে ৷ প্ৰায় 973.38 কোটি টকা ব্যয় সাপেক্ষে ডিব্ৰুগড় জিলাত সম্পূৰ্ণ হৈ উঠিব বহুকেইটা প্ৰকল্প ৷

ডিব্ৰুগড়ত কেইবাটাও বৃহৎ প্ৰকল্পৰ ঘোষণাৰে মুখ্যমন্ত্ৰীয়ে সামৰিলে ‘বিকাশৰ বাবে এটা পষেক’ কাৰ্যসূচী

ডিব্ৰুগড়, 24ডিচেম্বৰ: টিংখাঙত ‘বিকাশৰ বাবে এটা পষেক’ কাৰ্যসূচীৰ সামৰণি মাৰিলে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই(CM Himanta Biswa Sarma) ৷ ‘বিকাশৰ বাবে এটা পষেক’ উপলক্ষে ৰাজ্যৰ বিভিন্ন প্ৰান্তত বহুতো উন্নয়নমূল আঁচনিৰ(Development programme) শিলান্যাসৰ লগতে উন্নয়ন প্ৰকল্পৰ উদ্বোধন(Inauguration of development project) কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ পষেকজোৰা এই কাৰ্যসূচীৰ শনিবাৰে অন্ত পৰিল ডিব্ৰুগড় জিলাৰ টিংখাঙত(Dibrugarh Tingkhong) ৷

টিংখাঙৰ কুঁৱৰীগাঁও উচ্চ মাধ্যমিক বিদ্যালয়ত ‘বিকাশৰ বাবে এটা পষেক’ শীৰ্ষক কাৰ্যসূচীত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী ড‌৹ হিমন্ত বিশ্ব শৰ্মাই ডিব্ৰুগড় জিলাখনৰ প্ৰায় 973.38 কোটি টকাৰ প্ৰকল্পৰ শিলান্যাস আৰু শুভ উদ্বোধন কৰে ।

মুখ্যমন্ত্ৰীগৰাকীয়ে এই অনুষ্ঠানত ডিব্ৰুগড় চৰকাৰী ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ উৎকৰ্ষতা কেন্দ্ৰ, দুলীয়াজানত IIT প্ৰশাসনিক ভৱন, টিপাম হৈ ভাদৈ পাঁচআলি-জয়পুৰ খুনচা পথ বহলীকৰণ, মোহনাঘাটৰ পৰা মহমাৰি পথাৰলৈ ব্ৰহ্মপুত্ৰৰ মথাউৰিৰ ওপৰৰে পথ নিৰ্মাণ, মহমাৰি পথাৰৰ পৰা মধুপুৰলৈ পথ,অকলেণ্ডৰ পৰা মাইজান, মধুপুৰ টিপলিং পথৰ পৰা ৰে'লৱে লেভেল ক্ৰচিংত অভাৰ ব্ৰীজ , দুলীয়াজানত AIIB ৰ অধীনত অসম বিতৰণ ব্যৱস্থাৰ সৱলীকৰণ আৰু লোকচান হ্ৰাসৰ আধাৰশিলা স্থাপন(foundation laying ceremony) কৰে ৷

ইয়াৰ লগতে, টিংখাঙত লোকনিৰ্মাণ ভৱনৰ পৰিদৰ্শন বঙলা উদ্ধোধন, জল জীৱন মিছনৰ(Jal Jeevan Mission) অধীনত প্ৰায় ৬৩৪২ টা কাৰ্যক্ষম ঘৰুৱা টেপ সংযোগ, ২৪ খন নতুন আঁচনিৰ শুভাৰম্ভ , ডিব্ৰুগড় জলসম্পদ বিভাগৰ অতিথিশালা ও সহায়তা কেন্দ্ৰৰ উদ্ধোধন, ৰহমৰীয়াত ব্ৰহ্মপুত্ৰৰ পাৰত লকাচনিৰ পৰা টিলিং গাঁৱলৈ মথাউৰিৰ আধাৰশিলাকে ধৰি জিলাখনৰ প্ৰায় ৯৭৩.৩৮ কোটি টকা প্ৰকল্পৰ শিলান্যাস আৰু শুভ উদ্বোধন কৰে মুখ্যমন্ত্ৰীয়ে ।

ভাষণ প্ৰসংগত মুখ্যমন্ত্ৰীগৰাকীয়ে ২৫০ কোটি টকাৰে টিংখাঙত এখন চিৰিয়াখানা নিৰ্মাণ, নাহৰকটীয়াৰ টিপামত ৰাজ্য চৰকাৰৰ কেন্দ্ৰীয়ভাৱে মে-ডাম-মেফি আয়োজন, ডিব্ৰুগড়ৰ 6হাজাৰ পৰিয়ালক নতুনকৈ অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত, নতুনকৈ ৫ হাজাৰ পৰিয়ালক ৰেচন কাৰ্ড প্ৰদান আৰু এই কাৰ্ডৰ হিতাধিকাৰীক বছৰি ৫ লাখ টকাৰ চিকিৎসাৰ প্ৰদান আৰু অসমৰ প্ৰতিখন হাইস্কুল আৰু হায়াৰ চেকেণ্ডাৰী স্কুলৰ আন্তঃগাঁথনি উন্নীত কৰা হ'ব বুলি ঘোষণা কৰে ৷

সভাত কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলী , অসম চৰকাৰৰ মন্ত্ৰী ক্ৰমে ৰণজিৎ কুমাৰ দাস , বিমল বড়া , কেশৱ মহন্ত , বিধায়ক প্ৰশান্ত ফুকন , তৰংগ গগৈ , চক্ৰধৰ গগ , তেৰচ গোৱালা আৰু অসম পৰ্য্যটন নিগমৰ অধ্যক্ষ ঋতুপৰ্ণ বৰুৱা উপস্থিত থাকে ৷

লগতে পঢ়ক: Zoo at Tingkhong: টিংখাঙত ২৫০ কোটি টকাৰে নিৰ্মাণ হ’ব চিৰিয়াখানা : মুখ্যমন্ত্ৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.