ETV Bharat / state

Foundation Day of AMCH: AMCH ত ৰ'বটিক চিকিৎসাৰ ইংগিত দিলে বিধায়ক প্ৰশান্ত ফুকনে

author img

By ETV Bharat Assamese Team

Published : Nov 3, 2023, 10:53 PM IST

Assam Medical College
অসম চিকিৎসা মহাবিদ্যালয়

১৯৪৭ চনৰ ৩ নৱেম্বৰত 'বেৰী হোৱাইট মেডিকেল স্কুল’ক উন্নীত কৰা হৈছিল 'অসম চিকিৎসা মহাবিদ্যালয়’লৈ । আজি চিকিৎসা মহাবিদ্যালয়ে উদযাপন কৰিলে ৭৭ সংখ্যক প্ৰতিষ্ঠা দিৱস ।

অসম চিকিৎসা মহাবিদ্যালয়

মৰাণ, ৩ নৱেম্বৰ: উত্তৰ পূৰ্বাঞ্চলৰ স্বাস্থ্যৰ ক্ষেত্ৰৰ আগশাৰীৰ এখন চিকিৎসা মহাবিদ্যালয় ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় । উজনিৰ ৰাইজৰ চিকিৎসাৰ প্ৰাণকেন্দ্ৰ স্বৰূপ অসম চিকিৎসা মহাবিদ্যালয়ে আজি গৌৰৱোজ্জ্বল ৭৭ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন কৰিলে । ১৯৪৭ চনতে প্ৰতিষ্ঠা হোৱা অসম চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ ৭৬টা গৌৰৱময় বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে আজি দিনজোৰাকৈ প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হয় ।

অসম চিকিৎসা মহাবিদ্যালয়ৰ জন বেৰী হোৱাইট অ'ডিটৰিয়ামত অনুষ্ঠিত এইপ্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীত বন্তি প্ৰজ্বলন কৰি শুভাৰম্ভ কৰে ডিব্ৰুগড় জিলা আয়ুক্ত বিক্ৰম কৈৰী আৰু ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত ফুকনে । আদৰণি ভাষণ প্ৰদান কৰে অসম চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ ডাঃ সঞ্জীৱ কাকতিয়ে । মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে বিশিষ্ট সাহিত্যিক, সাংবাদিক, নাগালেণ্ড বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড৹ সমুদ্ৰ গুপ্ত কাশ্যপে ।

উক্ত অনুষ্ঠানত অসম চিকিৎসা মহাবিদ্যালয়ৰ অধীক্ষক ডাঃ প্ৰশান্ত দিহিঙ্গীয়াৰ লগতে ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে । প্ৰতিষ্ঠা দিৱসৰ এই সভাতে চিকিৎসালয়খনত অধ্যয়ন কৰি সুখ্যাতিৰে চিকিৎসক হোৱা শিক্ষাৰ্থীসকলক বঁটা প্ৰদান কৰা হয় । এই অনুষ্ঠানত অংশগ্ৰহণ কৰি বিধায়ক প্ৰশান্ত ফুকনে কয়, "আজিৰ দিনটো অসমৰ ৰাইজৰ বাবে গৌৰৱৰ ক্ষণ । ক্ৰমান্বয়ে আগবাঢ়ি আহি অসম চিকিৎসা মহাবিদ্যালয়ত প্ৰতিদিনে হাজাৰ হাজাৰ ৰোগীয়ে চিকিৎসা লাভ কৰিবলৈ সক্ষম হৈছে । ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীৰ সহযোগত ৰোগীয়ে পাবলগা সকলো সুবিধা পোৱাৰ ব্যৱস্থা কৰা হৈছে ।" অনাগত দিনত অসম চিকিৎসা মহাবিদ্যালয়ত ৰ'বটিক চিকিৎসা ব্যৱস্থাও কৰাৰ চিন্তা চৰ্চা কৰা হৈছে বুলি তেওঁ কয় ।

উল্লেখ্য যে বৃটিছ সৈন্য বাহিনীৰ অৱসৰপ্ৰাপ্ত বিষয়া জন বেৰী হোৱাইটে ১৯০০ ত ডিব্ৰুগড়ত বেৰী হোৱাইট মেডিকেল স্কুল স্থাপন কৰিছিল । ১৯৩৮ চনত সেই সময়ৰ অসমৰ অনুজ্ঞাপত্ৰপ্ৰাপ্ত চিকিৎসক সকলৰ দ্বাৰা আৰু লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ সভাপতিত্বত অনুষ্ঠিত এখন সভাত বেৰী হোৱাইট মেডিকেল স্কুলক এখন পূৰ্ণাংগ চিকিৎসা মহাবিদ্যালয়লৈ উন্নীত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল । ১৯৪৭ চনৰ ৩ নৱেম্বৰত 'বেৰী হোৱাইট মেডিকেল স্কুল’ক 'অসম চিকিৎসা মহাবিদ্যালয়’লৈ উন্নীত কৰা হৈছিল ।

লগতে পঢ়ক:Puspa Devi Jalan Award: জুনু বৰাক পুষ্পাদেৱী জালান সাহিত্য বঁটা প্ৰদান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.