ETV Bharat / state

ৰাইজৰ দলত যোগদান আলী আকবৰ মিঞাৰ

author img

By

Published : Feb 25, 2021, 2:30 PM IST

Updated : Feb 25, 2021, 3:44 PM IST

নিৰ্বাচনৰ প্ৰাক ক্ষণত কংগ্ৰেছৰ হাত এৰি আন দলৰ সদস্যপদ গ্ৰহণ কৰিছে এজনৰ পিছত আনজন নেতাই । এইবাৰ কংগ্ৰেছৰ সংগ এৰি ৰাইজৰ দলত যোগদান কৰিলে পশ্চিম বিলাসীপাৰা সমষ্টিৰ প্ৰাক্তন বিধায়ক আলী আকবৰ মিঞাই । বুধবাৰে বাবুৰহাটত অনুষ্ঠিত ৰাইজৰ দলৰ গণ সমাৱেশত আঞ্চলিক দলটোত যোগদান কৰে প্ৰাক্তন কংগ্ৰেছী নেতাগৰাকীয়ে ।

বিলাসীপাৰাত ৰাইজৰ দলত যোগদান আলী আকবৰ মিঞাৰ

পশ্চিম বিলাসীপাৰা, ২৫ ফেব্ৰুৱাৰী: বিধানসভা নিৰ্বাচনৰ আগমুহূৰ্তত বিলাসীপাৰাতো দল বাগৰা ৰাজনীতিৰ জোৱাৰ উঠিছে । বুধবাৰে ৰাইজৰ দলৰ সদস্যপদ গ্ৰহণ কৰিলে ২৬ নং পশ্চিম বিলাসীপাৰা বিধানসভা সমষ্টিৰ প্ৰাক্তন বিধায়ক আলী আকবৰ মিঞাই । সমষ্টিটোৰ বাবুৰহাট খেলপথাৰত ৰাইজৰ দলৰ বিশাল গণ সমাৱেশ অনুষ্ঠিত হয় । এই অনুষ্ঠানতে দলে-বলে ৰাইজৰ দলত যোগদান কৰে প্ৰাক্তন কংগ্ৰেছী নেতাগৰাকীয়ে ।

ৰাইজৰ দলৰ ধুবুৰী জিলা সমিতিৰ সভাপতি জগন্নাথ ভকতৰ সভাপতিত্বত আয়োজিত গণ সমাৱেশত উপস্থিত থাকে দলৰ কেন্দ্ৰীয় উপ-সভাপতিদ্বয় ক্ৰমে দিলীপ বৰা আৰু ৰাছেল ইছলামৰ লগতে দলৰ কেইবাগৰাকীও কেন্দ্ৰীয় আৰু জিলা পৰ্যায়ৰ বিষয়ববীয়া ।

সমষ্টিটোৰ পৰা দুবাৰকৈ বিধায়ক হিচাপে নিৰ্বাচিত হোৱা মিঞাৰ যোগদানে আঞ্চলিক দলটোক আৰু অধিক শক্তিশালী কৰি তুলিব বুলি কেন্দ্ৰীয় নেতৃবৃন্দই মন্তব্য কৰে । আগন্তুক নিৰ্বাচনত ৰাইজে ২৬ নং পশ্চিম বিলাসীপাৰা বিধানসভা সমষ্টিত বিজেপিৰ প্ৰাৰ্থীক জয়যুক্ত কৰিব বুলি মন্তব্য কৰে দলটোৰ কেন্দ্ৰীয় নেতৃত্বই ।

লগতে পঢ়ক:বিশ্বনাথৰ বাট-পথ উন্নীতকৰণত বিশেষ গুৰুত্ব উপায়ুক্তৰ

Last Updated : Feb 25, 2021, 3:44 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.