ETV Bharat / state

পথ নে পথাৰ ! ধানৰ কঠিয়া ৰুই প্ৰতিবাদ বিলাসীপাৰাত

author img

By

Published : Jun 18, 2020, 5:43 PM IST

পূৱ বিধান সভা সমষ্টিৰ অন্তৰ্গত বাঘমাৰী গাওঁ পঞ্চায়তৰ মাজেৰে যোৱা এটা জৰাজীৰ্ণ পথে দীৰ্ঘদিনৰ পৰাই জীয়াতু ভোগাই আহিছে ইয়াৰে অঞ্চলবাসী ৰাইজক । অৱশেষত অতিষ্ঠ হৈ বৃহস্পতিবাৰে জৰাজীৰ্ণ পথচোৱাৰ মেৰামতিৰ দাবীত ৰাস্তাৰ মাজতেই ধানৰ কঠিয়া ৰুই প্ৰতিবাদ সাব্যস্ত কৰে অঞ্চলবাসী ৰাইজে ।

Poor Road Condition, Massive Protest by Local People
Poor Road Condition, Massive Protest by Local People

বিলাসীপাৰা, 18 জুনঃ বিলাসীপাৰা মহকুমা অসামৰিক চিকিৎসালয়ৰ পৰা লক্ষীগঞ্জ সংযোগী এটা পথে দীৰ্ঘদিনৰ পৰা জলা-কলা খুৱাই আহিছে ইয়াৰে অঞ্চলবসী ৰাইজক । বছৰ-বছৰ ধৰি মেৰামতিৰ অভাৱত এতিয়া পথছোৱাত সৃষ্টি হৈছে প্ৰকাণ্ড-প্ৰকাণ্ড গাত । এজাক বৰষুণতে পথটোত সৃষ্টি হয় একাঠু বোকা । ফলত পথছোৱাৰে নিতৌ যাতায়ত কৰা শ-শ পথচাৰি,ৰোগী,স্কুল,কলেজীয়া ছাত্ৰ-ছাত্ৰীয়ে যমৰ যাতনা ভুগিবলগীয়া পৰিস্থিতি হৈ আহিছে । ইয়াৰ পিছতো কাণষাৰ নাই স্থানীয় বিধায়ক অশোক কুমাৰ সিংহীৰ ।

পথ নে পথাৰ ! বিলাসীপাৰাত ধানৰ কঠিয়া ৰুই প্ৰতিবাদ

এতিয়া চব্ কা চাথ চবকা বিকাশৰ শ্ল'গান দি দিছপুৰৰ গাদী দখল কৰা বিজেপি চৰকাৰ খনৰ বিকাশৰ প্ৰকৃত স্বৰূপ উদঙাই দিছে পূৱ বিলাসীপাৰাৰ এই পথছোৱাই । পূৱ বিধানসভা সমষ্টিৰ অন্তৰ্গত বাঘমাৰী গাঁও পঞ্চায়তত মাজেৰে যোৱা এই জৰাজীৰ্ণ পথছোৱাই জীয়াতু ভোগাইছে অঞ্চলবাসীক ৰাইজক । যাৰ বাবে বৃহস্পতিবাৰে অতিষ্ঠ হৈ অঞ্চলবাসীয়ে জৰাজীৰ্ণ পথটোৰ মাজতেই ধানৰ কঠিয়া ৰুই সাব্যস্ত কৰে প্ৰতিবাদ ।

উল্লেখ্য যে, যি সময়ত ৰাজ্য চৰকাৰে কোটি কোটি ব্যয় সাপেক্ষে ৰাজ্যৰ সকলো পথ দলং মেৰামতি আৰু পকীকৰণ কৰি অহাৰ ঢাক ঢোল পিটিছে তেনে সময়ত গুৰুত্বপূৰ্ণ এই পথটো মেৰামতিৰ অভাৱত জহি-খহি জৰাজীৰ্ণ ৰূপ ধাৰণ কৰাত চৰকাৰখনৰ উন্নয়নৰ প্ৰকৃত স্বৰূপটো উদঙাইছে বুলি অভিযোগ স্থাপন কৰিছে স্থানীয় ৰাইজে । গুৰুত্বপূৰ্ণ পথটো মেৰামতিৰ বাবে অঞ্চলটোৰ ৰাইজে স্থানীয় বিধায়কৰ ওচৰত বহু বাৰ আবেদন-নিবেদন কৰিছে যদিও বিধায়কগৰাকীৰ কোনো ধৰণৰ কাণসাৰ নিদিয়া বুলি উল্লেখ কৰি এনেদৰে প্ৰতিবাদ মুখৰ হৈ পৰে অঞ্চলবাসী ৰাইজ ।

হৰলটাৰী,হাউদাৰটাৰী, দ্বীপৰকুটী,চোকাপাৰা আদি কৰি প্ৰায় 20 খন গাঁৱৰ ছাত্ৰ ছাত্ৰী, কৃষক, ব্যৱসায়ী পথচাৰিৰ লগতে ৰোগী সকলে যাতায়তৰ ক্ষেত্ৰত চৰম দুৰ্ভোগ ভুগি অহা পথটোত ধানৰ কঠিয়া ৰুই প্ৰতিবাদ সাব্যস্ত কৰিছে স্থানীয় লোকে । লগতে অতি সোনকালে পথ ছোৱাত মেৰামতি কৰাৰ বাবে চৰকাৰৰ ওচৰত দাবীও জনাইছে ।

লগতে চাওকঃ বিশ্বনাথত অস্ত্ৰসহ গ্ৰেপ্তাৰ চোৰাং চিকাৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.