ETV Bharat / state

মূল্যবৃদ্ধি ৰোধৰ দাবীত ধুবুৰীত কংগ্ৰেছৰ প্ৰতিবাদ

author img

By

Published : Feb 22, 2021, 6:08 PM IST

কংগ্ৰেছৰ প্ৰতিবাদত উত্তাল ধুবুৰীৰ কালাহাট
কংগ্ৰেছৰ প্ৰতিবাদত উত্তাল ধুবুৰীৰ কালাহাট

কংগ্ৰেছৰ প্ৰতিবাদত উত্তাল ধুবুৰীৰ কালাহাট । পেট্ৰ'ল-ডিজেলৰ লগতে অত্যাৱশ্যকীয় সামগ্ৰীৰ বৰ্দ্ধিত মূল্য নিয়ন্ত্ৰণৰ দাবীত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে কংগ্ৰেছে ।

ধুবুৰী, ২২ ফেব্ৰুৱাৰী: মূল্যবৃদ্ধি ৰোধৰ দাবীত ধুবুৰীত প্ৰতিবাদত নামিল কংগ্ৰেছৰ নেতা-কৰ্মী । মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ দাবীত বিভিন্ন দল-সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰি অহাৰ সময়তে ধুবুৰী সমষ্টিৰ কালাহাট অঞ্চলতো সোমবাৰে এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে কংগ্ৰেছে । পেট্ৰ'ল-ডিজেলৰ লগতে অত্যাৱশ্যকীয় সামগ্ৰীৰ বৰ্দ্ধিত মূল্য নিয়ন্ত্ৰণৰ দাবী জনায় প্ৰতিবাদকাৰীসকলে ।

কংগ্ৰেছৰ প্ৰতিবাদত উত্তাল ধুবুৰীৰ কালাহাট
কংগ্ৰেছৰ প্ৰতিবাদত উত্তাল ধুবুৰীৰ কালাহাট

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ আগমণৰ দিনাই সোমবাৰে পুনৰ মূল্যবৃদ্ধি ৰোধৰ দাবী জনালে কংগ্ৰেছৰ কৰ্মকৰ্তাই । চৰকাৰ বিৰোধী বিভিন্ন শ্ল'গানেৰে পৰিৱেশ উত্তাল কৰি তোলে কংগ্ৰেছ কৰ্মীসকলে । লগতে মূল্যবৃদ্ধি ৰোধ নকৰিলে কংগ্ৰেছে ধাৰাবাহিক আন্দোলনৰ কাৰ্যসূচী ৰূপায়ণ কৰিব বুলি জনাইছে জিলা কংগ্ৰেছ নেতৃত্বই ।

এই প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰে ধুবুৰী গ্ৰামীণ ব্লক কংগ্ৰেছৰ সভাপতি মকবুল হুছেইন, টাউন ব্লক কংগ্ৰেছৰ সভাপতি লক্ষী ৰজক আৰু ধুবুৰী জিলা কংগ্ৰেছৰ সংবাদ কোষৰ অধ্যক্ষ কাজী মাহমুদুল হাচানৰ লগতে কেইবাগৰাকীও বিষয়ববীয়া ।

লগতে পঢ়ক:আলফা এতিয়া গণবিচ্ছিন্ন: প্ৰদ্যুৎ বৰদলৈ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.