ETV Bharat / state

ধুবুৰীত অগপ কাৰ্যালয়ত বিজেপি নেতাৰ পুত্তলিকা দাহ

author img

By

Published : Feb 12, 2021, 4:06 PM IST

ধুবুৰীত অগপ কাৰ্যালয়ত  বিজেপি নেতাৰ পুত্তলিকা দাহ
ধুবুৰীত অগপ কাৰ্যালয়ত বিজেপি নেতাৰ পুত্তলিকা দাহ

নিৰ্বাচনৰ পূৰ্বে মিত্ৰদলৰ বিৰুদ্ধে বিৰূপ মন্তব্য বিজেপিৰ জিলা পৰ্যায়ৰ নেতাৰ । ধুবুৰীত অগপৰ সাংগঠনিক ভেটিৰ প্ৰসংগ উপস্থাপন কৰি ছচিয়েল মিডিয়াৰ এক সাক্ষাৎকাৰত বিৰূপ মন্তব্য প্ৰকাশ নেতাগৰাকীৰ । যাক লৈ এতিয়া অগপৰ ভিতৰচৰাত এতিয়া তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি ।

ধুবুৰী, ১২ ফেব্ৰুৱাৰী: অসম গণ পৰিষদ চমুকৈ অগপৰ ধুবুৰী জিলা কাৰ্যালয়ৰ সন্মুখত শুকুৰবাৰে সৃষ্টি হয় এক উত্তেজনাময় পৰিস্থিতিৰ । নিৰ্বাচনৰ পূৰ্বে মিত্ৰদলৰ বিৰুদ্ধে বিৰূপ মন্তব্য বিজেপিৰে এগৰাকী নেতাৰ । ধুবুৰীৰ বিজেপি দলৰ জিলা সভাপতি ডাঃ দেৱময় সান্যালৰ বিৰূপ মন্তব্য মিত্ৰদল অসম গণ পৰিষদৰ বিৰুদ্ধে । এই মন্তব্যৰ পাচতেই অসম গণ পৰিষদৰ ধুবুৰী জিলা কাৰ্যালয়ৰ সন্মুখত তীব্ৰ উত্তেজনাময় পৰিস্থিতি ।

ঘটনা অনুসৰি, বৃহস্পতিবাৰে ডাঃ সান্যালে ধুবুৰীত অগপৰ সাংগঠনিক ভেটিৰ প্ৰসংগ উপস্থাপন কৰি ছচিয়েল মিডিয়াৰ এক সাক্ষাৎকাৰত বিৰূপ মন্তব্য আগবঢ়ায় । উক্ত মন্তব্যটো আছিল, 'ধুবুৰীত অগপৰ কিবা সংগঠন আছে বুলি মই নাভাবো । লাইট পোষ্টতেই অগপৰ দলীয় পতাকা ওলমি থকা দেখা পাওঁ' । লাইট পোষ্টতেই মিত্ৰদল অগপ সীমাবদ্ধ বুলি এই মন্তব্য আগবঢ়োৱাৰ পাচতে ক্ষুদ্ধ হৈ পৰে অগপ । অগপৰ ভিতৰচৰাত এতিয়া তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । যাৰ ফলত শুকুৰবাৰে অগপৰ কৰ্ম কৰ্তাসকলে ডাঃ সান্যালৰ বিৰুদ্ধে বিভিন্ন শ্লোগানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে পুত্তলিকাও দাহ কৰে ।

ইফালে, আগন্তক বিধানসভা নিৰ্বাচনত মিত্ৰ দলৰ পৰা ডাঃ সান্যালক প্ৰাৰ্থীত্ব প্ৰদান কৰিলে জিলা অগপই সান্যালৰ বিৰুদ্ধে অগপৰ প্ৰাৰ্থী থিয় কৰাব বুলি হুংকাৰ দিয়ে জিলা অগপই । নিৰ্বাচনৰ পূৰ্বে মিত্ৰদলৰ মাজত এই বাক-বিতণ্ডাই কি প্ৰভাৱ পেলাব সেয়া চিন্তনীয় বিষয় হৈ পৰিছে । উল্লেখ্য যে, প্ৰাৰ্থীত্বক কেন্দ্ৰ কৰি ৰাজ্যৰ দুয়োটা মিত্ৰদলৰ ভিতৰচৰাত সংঘাত চলি থকা বুলি চৰ্চা হোৱাৰ সময়ত সংঘাতৰ বাস্তৱ ৰূপ দেখা গ'ল ধুবুৰীত ।

লগতে পঢ়ক: অসমৰ প্ৰাক্তন মন্ত্ৰী আফজালুৰ ৰহমানৰ বিয়োগ


ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.