ETV Bharat / state

জোনাইৰ পথাৰত অচিন পোকৰ উপদ্ৰৱত হাহাকাৰ খেতিয়কৰ

ধেমাজি জিলাৰ জোনাইত অঞ্চলত শ শ বিঘা খেতি পথাৰত এক অচিন পোকৰ আক্ৰমণত (Insect attack on paddy field in Jonai) ধান খেতি নষ্ট হোৱাৰ উপক্ৰম । খেতিৰ ওপৰত নিৰ্ভৰ কৰা খেতিয়কসকলে ধানখেতিৰ এনে অৱস্থা দেখি এক জটিল সমস্যাৰ সন্মুখীন হৈছে । আনহাতে,কৃষি বিভাগৰ লোকক বাৰাম্বাৰ খবৰ দিয়াৰ পিছতো কোনো ধৰণৰ গুৰুত্ব নিদিয়াৰ অভিযোগ কৰিছে কৃষক সকলে । আনকি কৃষি বিভাগে কোনো ধৰণৰ কীটনাশক ঔষধ যোগান নধৰাৰো অভিযোগ উত্থাপিত হৈছে ।

Insect attack on paddy  field in Jonai
জোনাইতৰ পথাৰত অচিন পোকৰ উপদ্ৰৱত হাহাকাৰ খেতিয়কৰ
author img

By

Published : Sep 5, 2022, 9:25 PM IST

জোনাই, 5 ছেপ্টেম্বৰ : ধেমাজি জিলাৰ জোনাইত খেৰলৈ পৰ্যবসিত হৈছে বৃহৎ অঞ্চলৰ কৃষিভূমি (Insects attack paddy field in Dhemaji) ৷ জিলাখনৰ জোনাই মহকুমাৰ ৰায়াং বিজয়পুৰ, বাহিৰ জোনাই আদি কেইবাখনো পঞ্চায়তৰ বৃহৎ কৃষিভূমিত অচিন পোকে চলাইছে ত্ৰাস ৷ যাৰ ফলত হাহাকাৰ লাগিছে কৃষকসকলৰ মাজত ৷ কপালৰ ঘাম মাটিত পেলাই কৰা খেতিডৰা নষ্ট হোৱাৰ ফলত দিকবিদিক হেৰুৱাই পেলাইছে এই বৃহত্তৰ অঞ্চলটোৰ কৃষকসকলে ৷ এইক্ষেত্ৰত কৃষকসকলক ধেমাজি জিলা কৃষি বিভাগে কোনো সহযোগিতা নকৰাৰ অভিযোগ উত্থাপিত হৈছে ।

বৃহত্তৰ জোনাইৰ কেইবাখনো গাঁৱৰ কৃষকৰ ভৰসা স্বৰূপ একমাত্ৰ পথাৰখন নষ্ট হোৱাৰ পিছতো কৃষকৰ সমস্যাৰ প্ৰতি জিলা কৃষি বিভাগে তিলমানো গুৰুত্ব প্ৰদান কৰা নাই বুলি কৃষকসকলে অভিযোগ উত্থাপন কৰিছে । আনকি কৃষি বিভাগে কোনো ধৰণৰ কীটনাশক ঔষধ যোগান নধৰা আৰু ক্ষতিগ্ৰস্ত কৃষকৰ কাষলৈ নহাৰো অভিযোগ উত্থাপিত হৈছে (Insect attack in paddy fields) ।

ভাদ মাহৰ খেতিডৰা পোকৰ উপদ্ৰৱত এতিয়া সেউজীয়া হোৱাৰ বিপৰীতে ৰাঙলী তথা হালধীয়া হৈ পৰিছে ৷ সেয়েহে দুৰ্ভগীয়া খেতিয়কসকলে মূৰত হাত দি বহি থকাৰ বাহিৰে উপায় নোহোৱা হৈছে । ইপিনে,অচিন পোকৰ উপদ্ৰৱৰ পৰা পৰিত্ৰাণ বিচাৰি জোনাই মহকুমা কৃষি বিভাগক আবেদন-নিবেদন কৰাৰ পিছতো কোনো সুফল নোপোৱাৰ অভিযোগ তুলিছে ভুক্তভোগী খেতিয়ক ৰাইজে ।

জোনাইতৰ পথাৰত অচিন পোকৰ উপদ্ৰৱত হাহাকাৰ খেতিয়কৰ

উল্লেখ্য যে, জোনাই মহকুমাৰ প্ৰায় সংখ্যক খেতিয়কৰ পথাৰতে দেখা গৈছে এই পোকৰ আতংক । পোকে খাই তহিলং কৰিছে বহু খেতিয়কৰ পথাৰৰ গেৰ ধৰা সেউজীয়া ধাননিডৰা । ক্ষতিগ্ৰস্ত কৃষকসকলক ক্ষতিপূৰণ দিয়া আৰু ধাননি পথাৰসমূহ পোকৰ আক্ৰমণৰ পৰা মুক্ত কৰা লগতে ঔষধৰ ব্যৱস্থা কৰিবলৈ অসম চৰকাৰ তথা কৃষি বিভাগক দাবী জনাইছে । এই ক্ষেত্ৰত খেতিয়ক সকলে জোনাই মহকুমা কৃষি বিভাগক পৰিদৰ্শন কৰি শীঘ্ৰে ব্যৱস্থা গ্ৰহণৰো দাবী জনাইছে ।

প্ৰথমে বৰষুণৰ অভাৱত খেতি পথাৰত চিৰাল ফাঁট (Low rainfall in Assam), তাৰ পাছত কিছু পৰিমানে বৰষুণ হৈছিল যদিও আন এক অচিন পোকৰ আক্ৰমণত ধান খেতি নষ্ট হোৱাত বিপাঙত পৰিছে জোনাই অঞ্চলৰ খেতিয়ক সকলে । শুৰ পোকতকৈও এইবিধ পোক অতি ভয়ংকৰ বুলি খেতিয়ক সকলে মন্তব্য কৰিছে ।

কিয়নো শুৰ পোকে ধানৰ আগবোৰ খায় যদিও গুৰিৰ পৰা কুমলীয়া পাতবোৰ ওলাই থাকে । কিন্তু এই বিধ ভয়ংকৰ পোকে ধানৰ আগ নহয়, গুৰিৰ পৰা মাজৰ কুমলীয়া অংশ কুটি পেলোৱাত কঠিয়াৰ গছ সম্পূৰ্ণ ৰূপে নষ্ট কৰি পেলায় । এই বিধ অচিন পোকে কঠিয়া গছৰ ভিতৰত থাকি কঠিয়াৰ গছ কাটি পেলায় । ফলত ক্ৰমশঃ বৃদ্ধি হৈছে অচিন পোকৰ আক্ৰমণ ।

লগতে পঢ়ক:কাৰ্যকৰ্তাৰ আৰ্শীবাদৰ বাবেই দলৰ সৰ্বোচ্চ সমিতিত অন্তর্ভুক্ত হ’লো: সোণোৱাল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.