দৰং, 22 জুলাই : 'ঊনবিংশ শতিকাতে বীজ ৰোপণ হোৱা অসম সাহিত্য সভা এক হাজাৰৰো অধিক শাখা সভাৰে জীপাল হৈ আছে । অসম সাহিত্য সভা এতিয়া মাত্ৰ অসমৰে নহয়, সমগ্ৰ ভাৰতবৰ্ষৰ ভিতৰতে এক সৰ্ববৃহৎ সাহিত্য অনুষ্ঠানত পৰিণত হৈছে ' এই মত প্ৰকাশ অসম সাহিত্য সভাৰ সভাপতি পদ্মশ্ৰী ড০ সূৰ্য হাজৰিকাৰ । শুকুৰবাৰে দৰং জিলা সাহিত্য সভাৰ 21 সংখ্যক প্ৰতিষ্ঠা দিৱসত মুখ্য অতিথি হিচাবে অংশগ্ৰহণ কৰে ড০ হাজৰিকাই ৷ তেওঁ কয়, 'সাহিত্য সভা এতিয়া ভাৰতৰ বিভিন্ন স্থানলৈ সম্প্ৰসাৰিত হৈছে । দিল্লী, আহমেদাবাদ, মুম্বাইত আমাৰ শাখা গঠন হৈছে যদিও অসমীয়া ভাষা-সাহিত্য-সংস্কৃতি বিকাশৰ স্বাৰ্থত দেশখনক চাৰিটা মণ্ডলত ভাগ কৰি চাৰিটা আঞ্চলিক কাৰ্যালয় গঠন কৰা কথা বিবেচনা কৰা হৈছে ।' লগতে সভাপতিগৰাকীয়ে কয় যে, ইতিমধ্যে দিল্লীত এটা আঞ্চলিক কাৰ্যালয় স্থাপন কৰা হৈছে আৰু তেওঁলোকে দহটা সাহিত্য সভাৰ শাখা গঠন কৰিবলৈ আন্তৰিকতাৰে আগবাঢ়িছে । দিল্লীত থকা অসমীয়াসকলে গুৰুদ্বাৰ, দ্বাৰকা, নবীন নগৰ আদিত শাখা সাহিত্য সভা গঠন কৰি অসমীয়া ভাষা সাহিত্যিক বিস্তাৰিত কৰিব বিচাৰিছে বুলিও ভাষণত উল্লেখ কৰে ।
দৰং জিলা সাহিত্য সভাৰ সম্পাদক বসন্ত শইকীয়া আৰু সভাপতি ৰজনীকান্ত নাথে ক্ৰমে আঁত ধৰা আৰু সভাপতিত্ব কৰা সভাত সাহিত্য সভাৰ সভাপতি ড০ হাজৰিকাই পুনৰ কয় যে, 'অসমীয়া ভাষা সাহিত্য বিস্তাৰৰ বাবে বিদেশতো আমি কাম কৰি আছোঁ । নিউয়ৰ্ক, লণ্ডনত প্ৰবাসী অসমীয়া সকলে সাহিত্য সভাৰ শাখা গঠন কৰি অসমীয়া ভাষাক বিশ্ব দৰবাৰলৈ আগবঢ়াই নিছে ।' দৰং জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ড০ ৰামচন্দ্ৰ ডেকাই উদ্বোধন কৰা মুকলি সভাত অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক ড০ উপেন্দ্ৰজিৎ শৰ্মাই বিশিষ্ট অতিথি হিচাবে আগবঢ়োৱা বক্তব্যত অসম সাহিত্য সভাক সকলো জাতি জনগোষ্ঠীক সহায়ৰ হাত আগবঢ়াবলৈ আহ্বান জনায় ।
উক্ত মুকলি সভাতেই মঙলদৈ মহাবিদ্যালয়ৰ প্ৰবক্তা ডিম্বেশ্বৰ বৰুৱাৰ তত্বাৱধানত আৰু সাংবাদিক মুকুট ৰাজ শৰ্মাৰ সম্পাদনাত প্ৰকাশিত জিলা সাহিত্য সভাৰ 42 সংখ্যক পত্ৰিকা উন্মোচন কৰে সভাপতি ৰজনীকান্ত নাথে । গনেশ দত্ত সম্পাদিত 'দৌৰাঙ্গ বাৰ্তা', বিনয় চলিহা সম্পাদিত 'ৰামধেনু', লীনা শইকীয়া সম্পাদিত 'কুঁহি' আৰু সংগীতা দেৱী সম্পাদিত 'আকাশ' আলোচনী মুকলি সভাত উন্মোচন কৰা হয় । লেখিকা ভক্তি দেৱী চহৰীয়াৰ গল্প সংকলন 'মকৰা জাল', গোবিন্দ হাজৰিকাৰ 'পদুম ফুলৰ সুৰভিৰ দৰে' আৰু হীৰেন বৰুৱাৰ গল্প সংকলন 'কেঁচা মাটিৰ গোন্ধ' নামৰ তিনিখন মৌলিক গ্ৰন্থ উক্ত সভাতেই উন্মোচন কৰা হয় ।
জিলা সাহিত্য সভাৰ 51 সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে 51 খন পতাকা উত্তোলন কৰে জিলা সাহিত্য সভাৰ প্ৰাক্তন প্ৰদাধিকাৰীসকলৰ লগতে বিশিষ্ট নাগৰিকসকলে ।
লগতে পঢ়ক : Manipur Horror : নাৰী নিৰ্যাতনৰ ৪ অভিযুক্তক ১১ দিনৰ আৰক্ষী জিম্মালৈ প্ৰেৰণ