ETV Bharat / state

মাণিকপুৰত পাঁচদিনীয়াকৈ অশোকাষ্টমী মেলা আয়োজন

author img

By

Published : Apr 9, 2022, 4:39 PM IST

বঙাইগাঁও জিলাৰ 1 নং ধুপুৰীৰ মানাহ নদীৰ পাৰত পাঁচ দিনীয়াকৈ আয়োজন কৰা হৈছে অশোকাষ্টমী মেলা (Ashokastami Mela organized at Manikpur)। এই মেলাত সমাগম ঘটিছে হাজাৰ হাজাৰ ভক্তৰ ৷

মাণিকপুৰত পাঁচদিনীয়াকৈ আয়োজন অশোকাষ্টমী মেলা
মাণিকপুৰত পাঁচদিনীয়াকৈ আয়োজন অশোকাষ্টমী মেলা

মাণিকপুৰ, 9 এপ্ৰিল : দুটা বছৰৰ বিৰতিৰ পিছত এইবাৰ পূৰ্ণ উদ্যমেৰে শনিবাৰৰ পৰা পাঁচদিনীয়া বৃহৎ কাৰ্যসূচীৰে মাণিকপুৰত অশোকাষ্টমী মেলাৰ আয়োজন কৰা হৈছে (Ashokastami Mela organize at Manikpur)। বঙাইগাঁও জিলাৰ মাণিকপুৰ মহকুমাৰ অন্তৰ্গত 1 নং ধুপুৰীৰ মানাহ নদীৰ ৰে’ল গেটত শ্ৰী আনন্দময় ধামৰ সেবিত শনিবাৰে পুৱাৰে পৰা শ্ৰীশ্ৰী বাসন্তী পূজা আৰু অশোকাষ্টমীৰ মেলাৰ গংগাস্নান আৰম্ভ হয় । শনিবাৰৰ পৰা 13 এপ্ৰিললৈ অনুষ্ঠিত হ'ব এই ঐতিহাসিক মেলাখন ৷

মাণিকপুৰত পাঁচদিনীয়াকৈ আয়োজন অশোকাষ্টমী মেলা

নামনি অসমৰ বঙাইগাঁও জিলাৰ মাণিকপুৰৰ অশোকাষ্টমী মেলা ময়দানত মানাহ নদীৰ পাৰত অশোকাষ্টমী মেলাখন চলি আহিছে বিগত 70 বছৰ ধৰি । বিগত দুটা বছৰ কৰ’ণাকালিন পৰিস্থিতিৰ বাবে অনুষ্ঠিত হোৱা নাছিল মেলাখন । উল্লেখ্য যে, চ'ত মাহৰ শুক্লাষ্টমীত গংগাৰ জলধাৰা ব্ৰহ্মপুত্ৰৰে উজাই আহি মানাহ নদীত পাৰত আৰু এই জলৰাশিত স্নান কৰিলে পুণ্য অৰ্জন হয় বুলি লোক বিশ্বাস আছে ।

এই বিশ্বাসকে সাৰোগত কৰি প্ৰতি বছৰে অশোকাষ্টমীত 1 নং ধুপুৰীত মানাহ নদীত স্নান কৰিবলৈ আগমন ঘটে হাজাৰ হাজাৰ ভক্তৰ (Ashokastami festival 2022)। মেলাখনক লৈ এইবাৰো চলিছে আনন্দময় পৰিৱেশ । মানাহত স্নানৰ ব্যৱস্থা কৰাৰ উপৰি বিভিন্ন কাৰ্যসূচীৰে মেলাখন অনুষ্ঠিত কৰিবলৈ ব্যাপক প্ৰস্তুতি চলাইছে মেলা পৰিচালনা সমিতিয়ে ।

লগতে পঢ়ক : অশোকাষ্টমী উপলক্ষে শিলঘাটৰ ব্ৰহ্মপুত্ৰৰ পাৰত সমাগম হেজাৰ-হেজাৰ ভক্তৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.