ETV Bharat / state

Firing incident in Biswanath : ব্যৱসায়ীৰ পুত্ৰৰ গুলীত কথমপি প্ৰাণ ৰক্ষা যুৱকৰ

author img

By

Published : Aug 7, 2022, 4:42 PM IST

Firing incident in Biswanath
বিশ্বনাথত চাঞ্চল্যকৰ গুলীচালনাৰ ঘটনা

বিশ্বনাথৰ গুলীচালনাৰ ঘটনাক লৈ তীব্ৰ উত্তেজনা (Firing incident in Biswanath)। ঘটনাত জড়িত ব্যৱসায়ীৰ পুত্ৰক গ্ৰেপ্তাৰ আৰক্ষীৰ । দোষীক কঠোৰ শাস্তি প্ৰদানৰ দাবী স্থানীয় লোকৰ ।

বিশ্বনাথ,৭ আগষ্ট : বিশ্বনাথ চাৰিআলিত সংঘটিত হৈছে এক চাঞ্চল্যকৰ গুলীচালনাৰ ঘটনা (Firing incident in Biswanath)। ম'বাইল চুৰিৰ সন্দেহত দুজনকৈ যুৱকক মাৰপিট বিশ্বনাথ চাৰিআলিৰ ব্যৱসায়ী অকণ শইকীয়াৰ পুত্ৰৰ নেতৃত্বত এদল যুৱকৰ । যুৱক দুজনক লক্ষ্য কৰি গুলীচালনা কৰিলে দলটোৱে ।

উল্লেখ্য যে তিনিদিন পূৰ্বে বিশ্বনাথ নগৰৰ অকণ শইকীয়াৰ নাতি তথা ভৱেন শইকীয়াৰ পুত্ৰৰ অন্নপ্ৰসান অনুষ্ঠান আছিল । সেই অনুষ্ঠানলৈ বিশ্বনাথ চাৰিআলিৰ চহিত গড় নামৰ এজন যুৱকৰ নেতৃত্বত কেটাৰিঙৰ দলে কাম কৰিছিল । কিন্তু সেই অনুষ্ঠানতে ভৱেন শইকীয়াৰ ম'বাইল ফোনটো চুৰি হোৱা বুলি ভৱেন শইকীয়াই অভিযোগ কৰে ।

ইফালে চুৰি হোৱা ম'বাইল ফোনটো ঘৰৰ বাহিৰত চহিত গড় নামৰ যুৱকজনে পাই বুলি ভৱেন শইকীয়াক অৱগত কৰে । ইফালে ভৱেন শইকীয়াই ফোনটোৰ বিনিময়ত পুৰস্কাৰ দিম বুলি কৈ ম'বাইল ফোনটো লৈ আহিবলৈ কয় । যুৱকজনে আন এজন বন্ধুৰ সৈতে পিছদিনাই ভৱেনৰ হেৰুওৱা ম'বাইলটো ওভতাই দিবলৈ বিশ্বনাথৰে বালিপুখুৰীৰ সমীপৰ চাৰিলেনযুক্ত ঘাইপথলৈ আহে ।

বিশ্বনাথত চাঞ্চল্যকৰ গুলীচালনাৰ ঘটনা

কিন্তু সেই সময়তে মটৰ চাইকেলেৰে ভৱেন শইকীয়াসহ ৭-৮ জনীয় দল এটাৰ সৈতে হাতত লোৰ ৰড লৈ উপস্থিত হয় । উক্ত স্থানত যুৱক দুজনে ম'বাইল ফোনটো উঙতাই দিবলৈ ধৰোতেই ভৱেন শইকীয়াৰ নেতৃত্বত অহা দলটোৱে সম্পূৰ্ণ চিনেমাৰ কায়দাৰে প্ৰথমতে ৰাজপথত আঁঠু কঢ়াই দুয়োজন যুৱকক । তাৰ পাছত নিজৰ অনুজ্ঞাপত্ৰ থকা পইন্ট ৩২ পিষ্টল কপালত ৰাখে আৰু যুৱককেইজনক গুৰুলা গুৰুলকৈ প্ৰহাৰ কৰে ।

আনহাতে সেইস্থানৰ পৰা চহিত গড় নামৰ যুৱকজনে পলাবলৈ চেষ্টা কৰে যদিও ভৱেন শইকীয়াই পিষ্টলটোৰে গুলীচালনা কৰে । অৱশ্যে কথমপি প্ৰাণৰক্ষা পৰে যুৱকজনৰ । আনহাতে চন তাঁতি নামৰ যুৱকজনক কেইজনমান স্থানীয় লোকে আহি উদ্ধাৰ কৰে । এই ঘটনাৰ পাছতে ভুক্তভোগী যুৱক দুজনৰ পৰিয়ালে শনিবাৰে বিশ্বনাথ চাৰিআলি সদৰ আৰক্ষী থানাত এক গোচৰ ৰুজু কৰে ।

উক্ত গোচৰৰ ভিত্তিত বিশ্বনাথ চাৰিআলি আৰক্ষীয়ে ইতিমধ্যে ভৱেন শইকীয়াক গ্ৰেপ্তাৰ কৰাৰ লগতে তেওঁৰ অনুজ্ঞাপত্ৰ থকা পিষ্টলটো জব্দ কৰে (Youth involved in shooting case arrested at Biswanath )। কিন্তু বৰ্তমান সময়লৈকে ভৱেন শইকীয়াৰ লগত যোৱা গুণ্ডা বাহিনীৰ দলটোক আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হোৱা নাই । ইফালে এই ঘটনাক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । দিনৰ পোহৰত এইদৰে দুজনকৈ যুৱকক অমানবীয়ভাৱে প্ৰহাৰ আৰু চিনেমা কায়দাৰে পিষ্টল উলিয়াই গুলী ফুটুওৱা ঘটনাই সমগ্ৰ বিশ্বনাথত চাঞ্চল্যৰ সৃষ্টি কৰিছে ।

লগতে পঢ়ক:Wood smuggling in Dibrugarh: ডিব্ৰুগড়ত জলপথেৰে চলিছে কাঠৰ চোৰাং সৰবৰাহ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.