ETV Bharat / state

বৰপেটাত বিশ্ব 'ফিজিঅ'থেৰাপি দিৱস' পালন

author img

By

Published : Sep 8, 2019, 9:40 PM IST

বৰপেটা আৰু গুৱাহাটীত দিগন্তজ ফিজিঅ'থেৰাপি এণ্ড ৰিহেবিলিটেচন চেন্টাৰ চমুকৈ ডি পি আৰ চিৰ উদ্যোগত পালন কৰা হয় ফিজিঅ'থেৰাপি দিৱস ৷ বৰপেটা ৰংঘৰৰ সহযোগত পালন কৰা ফিজিঅ'থেৰাপি দিৱস উপলক্ষে চিকিৎসা শিবিৰ আৰু সমীক্ষা শিবিৰ অনুষ্ঠিত হয়

বৰপেটাত বিশ্ব 'ফিজিঅ'থেৰাপি দিৱস' পালন

বৰপেটা, ৮ ছেপ্টেম্বৰঃ আজি সমগ্ৰ বিশ্বজুৰি পালন কৰা হৈছে ফিজিঅ'থেৰাপি দিৱস ৷ পৰিৱৰ্তিত পৰিস্থিতিয়ে মানুহৰ দেহলৈ কঢ়িয়াই আনিছে বিষ আৰু বেদনাদায়ক পীড়া ৷ বিষ বেদনাৰ পৰা মু্ক্তিৰ বাবে চিকিৎসা বিজ্ঞানত সংযোজিত হৈছে ফিজিঅ'থেৰাপি ৷ সমগ্ৰ বিশ্বতে এই চিকিৎসাই এতিয়া প্ৰসাৰ লাভ কৰিছে ৷ বৰপেটা আৰু গুৱাহাটীত দিগন্তজ ফিজিঅ'থেৰাপি এণ্ড ৰিহেবিলেছন চেন্টাৰ চমুকৈ ডি পি আৰ চিৰ উদ্যোগত পালন কৰা হয় ফিজিঅ'থেৰাপি দিৱস ৷ বৰপেটা ৰংঘৰৰ সহযোগত পালন কৰা ফিজিঅ'থেৰাপি দিৱস উপলক্ষে চিকিৎসা শিবিৰ আৰু সমীক্ষা শিবিৰ অনুষ্ঠিত হয় ৷ দিগন্ত দাসৰ উপস্থিতিত আৰু ডিপিআৰচিৰ ফিজিঅ'থেৰাপিষ্ট আৰু চিকিৎসাকৰ্মীসকলে বৰপেটাত বহুসংখ্যক লোকক চিকিৎসা সেৱা আগবঢ়ায় ৷ আনহাতে এই ৰোগ সম্পৰ্কত এক সমীক্ষাও চলায় সংস্থাটোৱে ৷ যন্ত্ৰণাদায়ক পীড়া আৰু শাৰিৰীক অসুস্থতা অতিক্ৰম কৰি জীৱনক সুস্থ সবল আৰু সুন্দৰ কৰি তোলাৰ বাবে দিগন্ত দাসৰ নেতৃত্বত আৰম্ভ হোৱা ফিজিঅ'থেৰাপি চিকিৎসাক লৈ আশাবাদী ৰাজ্যবাসী ৷

বৰপেটাত বিশ্ব 'ফিজিঅ'থেৰাপি দিৱস' পালন
Intro:
বৰপেটা, ৮ ছেপ্টেম্বৰঃ আজি সমগ্ৰ বিশ্বজুৰি পালন কৰা হৈছে ফিজিঅ'থেৰাপি দিৱস ৷ পৰিৱৰ্তিত পৰিস্থিতিয়ে মানুহৰ দেহলৈ কঢ়িয়াই আনিছে বিষ আৰু বেদনাদায়ক পীড়া ৷ বিষ বেদনাৰ পৰা মু্ক্তিৰ বাবে চিকিৎসা বিজ্ঞানত সংযোজিত হৈছে ফিজিঅ'থেৰাপি ৷ সমগ্ৰ বিশ্বতে এই চিকিৎসাই এতিয়া প্ৰসাৰ লাভ কৰিছে ৷ দৈনন্দিন জীৱন ধাৰণ প্ৰণালীত সৃষ্ট বহু ৰোগৰ বাবে এতিয়া ফিজিঅ'থেৰাপি চিকিৎসা অপৰিহাৰ্য হৈ পৰিছে ৷ ফিজিঅ'থেৰাপিৰ প্ৰসাৰ আৰু প্ৰসাৰৰ লগতে ইয়াক জনপ্ৰিয় কৰাৰ বাবে আজিৰ দিনটো ফিজিঅ'থেৰাপি দিৱস হিচাপে পালন কৰা হৈ আহিছে ৷ Body:আজি বৰপেটা আৰু গুৱাহাটীত দিগন্তজ ফিজিঅ'থেৰাপি এণ্ড ৰিহেবিলেছন চেন্টাৰ চমুকৈ ডি পি আৰ চিৰ উদ্যোগত পালন কৰা হয় ফিজিঅ'থেৰাপি দিৱস ৷ বৰপেটা ৰংঘৰৰ সহযোগত পালন কৰা ফিজিঅ'থেৰাপি দিৱস উপলক্ষে চিকিৎসা শিবিৰ আৰু সমীক্ষা শিবিৰ অনুষ্ঠিত হয় ৷ দিগন্ত দাসৰ উপস্থিতিত আৰু ডিপিআৰচিৰ ফিজিঅ'থেৰাপিষ্ট আৰু চিকিৎসাকৰ্মীসকলে বৰপেটাত বহুসংখ্যক লোকক চিকিৎসা সেৱা আগবঢ়ায় ৷ আনহাতে এই ৰোগ সম্পৰ্কত এক সমীক্ষাও চলায় সংস্থাটোৱে ৷ যন্ত্ৰণাদায়ক পীড়া আৰু শাৰিৰীক অসুস্থতা অতিক্ৰম কৰি জীৱনক সুস্থ সবল আৰু সুন্দৰ কৰি তোলাৰ বাবে দিগন্ত দাসৰ নেতৃত্বত আৰম্ভ হোৱা ফিজিঅ'থেৰাপি চিকিৎসাক লৈ আশাবাদী হৈ পৰিছে ৰাজ্যবাসী ৷

Conclusion:বাইটঃ দিগন্ত দাস ৷

--- বাপকন দাস, বৰপেটা
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.