ETV Bharat / state

Zero tolerance against corruption: ঘোচ লৈ হাত দাঙিলে উপ-পৰিদৰ্শকৰ লগতে হোমগাৰ্ড

author img

By

Published : Aug 13, 2023, 7:47 AM IST

বৰপেটাত দুৰ্নীতি নিবাৰক শাখাৰ অভিযান । অভিযানত হাতে-লোটে ধৰা পৰে বৰপেটা সদৰ থানাৰ উপ-পৰিদৰ্শক আৰু হোমগাৰ্ড । গোচৰীয়াৰ পৰা দাবী কৰা ধন লওতেই গ্ৰেপ্তাৰ কৰে দুয়োকে ।

SI and home guard arrested for taking bribe in Barpeta
ৰঙাঘৰলৈ উপ-পৰিদৰ্শক আৰু হোমগাৰ্ড

বৰপেটা, ১২ আগষ্ট: ৰাজ্যৰ বিভিন্ন চৰকাৰী কাৰ্যালয় তথা আৰক্ষী থানাসমূহত যাতে সাধাৰণ ৰাইজে হাৰাশাস্তি ভোগ কৰিবলগীয়া নহয় তাৰবাবে দুৰ্নীতি ৰোধ কৰাৰ ক্ষেত্ৰত যথেষ্ট কঠোৰ হোৱা পৰিলক্ষিত হৈছে । বহু দুৰ্নীতিপৰায়ণ চৰকাৰী বিষয়া-কৰ্মচাৰীক ইতিমধ্যেই গ্ৰেপ্তাৰ কৰিছে দুৰ্নীতি নিবাৰক শাখাই ।

এইবাৰ বৰপেটাত দূৰ্নীতি নিবাৰক শাখাৰ অভিযান ৷ হাত দাঙিলে বৰপেটা সদৰ থানাৰ উপ-পৰিদৰ্শক নিজামউদ্দিন ভূঞা আৰু হোমগাৰ্ড লাল চান্দ আলী । বৰপেটা থানাৰ উপ-পৰিদৰ্শক নিজামউদ্দিন ভূঞা আৰু হোমগাৰ্ড লাল চান্দ আলীয়ে এটা গোচৰ সংক্ৰান্তত গোচৰীয়াগৰাকীৰ পৰা দাবী কৰিছিল ৪০ হাজাৰ টকা ৷

পিচলৈ দাবী কৰা ধনৰ পৰিমাণ কমাই ৮ হাজাৰ টকা কৰা হয় ৷ পিচে দাবী কৰা ধন দিবলৈ অসন্মত হোৱা ভুক্তভোগী লোকজনে পৰৱৰ্তী সময়ত দুৰ্নীতি নিবাৰক শাখাৰ ওচৰ চাপে ৷ সেইমতে শনিবাৰে দাবী কৰা ধনৰ ৫ হাজাৰ টকা লোৱাৰ সময়তে দুৰ্নীতি নিবাৰক শাখাই এটা দলে বৰপেটা সদৰ থানাৰ ভিতৰতে ধন লোৱাৰ সময়তে বৰপেটা থানাৰ উপ-পৰিদৰ্শক নিজামউদ্দিন ভূঞা আৰু হোমগাৰ্ড লাল চান্দ আলীক হাতে-লোটে গ্ৰেপ্তাৰ কৰে ৷

অভিযুক্ত আৰক্ষী উপ-পৰিদৰ্শকগৰাকীৰ পৰা দুৰ্নীতি নিবাৰক শাখাই উৎকোচৰ ৫ হাজাৰ টকা জব্দ কৰে ৷ ইয়াৰ পিচতে উপ-পৰিদৰ্শকগৰাকীক সহযোগৰ অভিযোগত হোমগাৰ্ড লাল চান্দ আলীকো গ্ৰেপ্তাৰ কৰা হয় ৷ ইয়াৰ পিচতে বৰপেটা সদৰ থানা চৌহদত থকা উপ-পৰিদৰ্শক নিজামউদ্দিন ভূঞাৰ কোৱাৰ্টাৰৰ পৰা এক লাখ পচপন্ন হাজাৰ টকা উদ্ধাৰ কৰে দুৰ্নীতি নিবাৰক শাখাৰ দলটোৱে ৷

উল্লেখ্য, ৰাজ্যত বিভিন্ন বিভাগত দুৰ্নীতি নিবাৰক শাখাই বিভিন্ন বিভাগৰ দুৰ্নীতিগ্ৰস্ত বিষয়া-কৰ্মচাৰীৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখি যদিও তাৰ মাজতে একাংশ বিষয়া-কৰ্মচাৰীয়ে কেৰেপ নকৰি দুৰ্নীতিৰ লগতে কামৰ বাবদ উৎকোচ লোৱা কাৰ্য চলাই গৈছে । দুৰ্নীতি নিবাৰক শাখা যথেষ্ট কঠোৰ হোৱাৰ পাছতো শিক্ষা নোলোৱা এনে চৰকাৰী বিষয়া কৰ্মচাৰী তথা একাংশ ঘোচখোৰ আৰক্ষীৰ কেতিয়া গা-লৰিব সেয়া এতিয়া এক ডাঙৰ প্ৰশ্ন হৈ দেখা দিছে ।

লগতে পঢ়ক: Complicated brain surgery: গুৱাহাটীৰ চি এন চেণ্টাৰত বাংলাদেশৰ কণমানি শিশুৰ মগজুৰ সফল অস্ত্ৰোপচাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.