ETV Bharat / state

বজালীত মন্ত্ৰী ৰঞ্জিত দাসৰ ক’ভিড পৰিস্থিতি পৰ্যবেক্ষণ

author img

By

Published : May 23, 2021, 10:42 PM IST

দেওবাৰে বজালীত উপস্থিত হয় ৰাজ্যিক বিজেপিৰ সভাপতি তথা অসম চৰকাৰ কেবিনেট মন্ত্ৰী ৰঞ্জিত দাস ৷ বজালীত উপস্থিত হৈ মন্ত্ৰী গৰাকীয়ে ক’ভিডত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ ঘৰত উপস্থিত হৈ পৰিয়ালক সাক্ষাৎ কৰে ৷

বজালীত ক’ভিড পৰিস্থিতি পৰ্যবেক্ষণ মন্ত্ৰী ৰঞ্জিত দাসৰ

বজালী, 23 মে’: ৰাজ্যত ক’ভিডৰ ভয়াৱহ সংক্ৰমণে ৰাইজক আতংকিত কৰি তোলাৰ সময়তে প্ৰতিষেধকৰ নাটনিয়ে আন এক শংকাৰ সৃষ্টি কৰিছে । উল্লেখ্য যে, ক’ভিড অতিমাৰীৰ পৰা ৰক্ষা পোৱাৰ ক্ষেত্ৰত প্ৰতিষেধক একমাত্ৰ ৰক্ষাকৱচ হিচাপে চিহ্নিত হৈছে । কিন্তু এই ৰক্ষাকৱচৰ নাটনি হোৱাত সৰ্বসাধাৰণ ৰাইজৰ মাজত শংকাই দেখা দিছে । কিয়নো ৰাজ্যত শেহতীয়াকৈ ক’ভিডত মৃত্যু হোৱা লোকৰ হাৰ অস্বাভাৱিকভাৱে বৃদ্ধি পোৱাত নাগৰিকসকল শংকিত হৈ পৰিছে । সকলোৱে বিচাৰিছে প্ৰতিষেধকৰ ৰক্ষাকৱচ ।

তাৰ মাজতে দেওবাৰে বজালীত উপস্থিত হয় ৰাজ্যিক বিজেপিৰ সভাপতি তথা অসম চৰকাৰ কেবিনেট মন্ত্ৰী ৰঞ্জিত দাস ৷ বজালীত উপস্থিত হৈ মন্ত্ৰীগৰাকীয়ে ক’ভিডত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ ঘৰত উপস্থিত হৈ পৰিয়ালৰ লোকক সাক্ষাৎ কৰে ৷

বজালী জিলাৰ নিৰ্মল হালৈ মহাবিদ্যালয়, তিতকা আই আই টি, সৰুপেটাৰ BHB মহাবিদ্যালয় আৰু বাঘমাৰা মহাবিদ্যালয়ত ক’ভিড কেয়াৰ চেন্টাৰ স্থাপন কৰাৰ কথাও মন্ত্ৰীগৰাকীয়ে সদৰী কৰে ৷ একেদৰে যিকেইটা অঞ্চলত ক’ভিড পজিটিভ ৰোগীৰ সংখ্যা আছে সেই অঞ্চল সমূহৰ দাঁতি-কাষৰীয়া অঞ্চল সমূহত ছাৰ্জিকেল মাস্ক বিতৰণ কৰিবলৈ পঞ্চায়ত সমূহক আহ্বান জনাই মন্ত্ৰী ৰঞ্জিত দাসে ৷

প্ৰত্যেকখন পঞ্চায়ততে টাস্ক ফৰ্চ সমিতি গঠন কৰিবলৈও আহ্বান জনাই মঙলবাৰৰ পৰা সমগ্ৰ অসমতে চেনিটাইজেশ্যন প্ৰক্ৰিয়া আৰম্ভ হ'ব বুলি দাসে সদৰী কৰে ৷

লগতে পঢ়কঃ ক'ভিডক ভেটা দিবলৈ ভেকচিনৰ নাটনি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.