ETV Bharat / state

মাজদিয়া আৰক্ষীৰ জালত ড্ৰাগছ সৰবৰাহকাৰী

author img

By

Published : Jun 26, 2021, 3:47 PM IST

Drugs peddler arrested in Barpeta
বৰপেটাৰ মাজদিয়াত ড্ৰাগছ সৰবৰাহকাৰী আটক

বৰপেটাৰ মাজদিয়াত ড্ৰাগছ সৰবৰাহকাৰী আটক । ধৃত সৰবৰাহকাৰীটো কুকাৰপাৰৰ মহিদুল ইছলাম । শনিবাৰে ধৃত মহিদুল ইছলামক বৰপেটা আদালতলৈ প্ৰেৰণ কৰা হয় ।

বৰপেটা, ২৬ জুন : ড্ৰাগছৰ ক'লা বেহাৰ বিৰুদ্ধে বৰপেটা আৰক্ষীৰ অভিযান । শুকুৰবাৰে বিয়লি কুকাৰপাৰত অভিযান চলাই মাজদিয়া আৰক্ষীয়ে এটা ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰে । গোপন খবৰৰ ভিত্তিত মাজদিয়া আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া প্ৰণৱ কুমাৰ দাসৰ নেতৃত্বত আৰক্ষীৰ এটা দলে অভিযান চলাইছিল ।

অভিযান কালত আৰক্ষীয়ে মহিদুল ইছলাম নামৰ এটা ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰে । এই সন্দৰ্ভত সৰ্থেবাৰী থানাত 209/2021 নম্বৰৰ এক গোচৰ ৰুজু কৰা হয় । মাজদিয়া আৰক্ষীয়ে শনিবাৰে বালাপাৰা আৰক্ষীক গতাই দিয়ে ধৃত মহিদুল ইছলামক ।

Drugs peddler arrested in Barpeta
বৰপেটাৰ মাজদিয়াত ড্ৰাগছ সৰবৰাহকাৰী আটক

বালাপাৰা আৰক্ষীয়ে শনিবাৰে ধৃত মহিদুল ইছলামক বৰপেটা আদালতলৈ প্ৰেৰণ কৰে । উল্লেখ্য যে, বৰ্তমান ৰাজ্যৰ ভিন্ন প্ৰান্তত আৰক্ষীয়ে ড্ৰাগছ সৰবৰাহকাৰীৰ বিৰুদ্ধে অভিযান চলাই আছে । শুকুৰবাৰৰ দিনটোত কোকৰাঝাৰ, তিনিচুকীয়া আদি জিলাতো ড্ৰাগছ জব্দ কৰে আৰক্ষীয়ে ।

লগতে ড্ৰাগছ সৰবৰাহকাৰী আৰক্ষীৰ জালত পৰিছে । মুঠতে ড্ৰাগছ সৰবৰাহকাৰীক নাকী লগাবলৈ অভিযান তীব্ৰতৰ কৰি তুলিছে আৰক্ষীয়ে । পৰৱৰ্তী সময়ত এই ব্যৱসায়ৰে জড়িত আন বহু লোকক কৰায়ত্ত কৰিবলৈ সক্ষম হ'ব বুলি আৰক্ষীয়ে আশা ব্যক্ত কৰিছে । আৰক্ষীৰ অভিযান অব্যাহত থকাৰ পিছতো একাংশ অসাধু ব্যৱসায়ীয়ে ড্ৰাগছৰ বেহা চলাই আছে ।

লগতে পঢ়ক: পত্নী পুত্ৰক পাই আবেগিক অখিল গগৈ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.