চোৰক আকৃষ্ট কৰিব পৰা কোনো সম্পত্তি সত্ৰত ৰাখিব নালাগে: ভাস্কৰজ্যোতি মহন্ত

author img

By

Published : Sep 19, 2022, 9:04 PM IST

চোৰক আকৃষ্ট কৰিব পৰা কোনো সম্পত্তি সত্ৰত ৰাখিব নালাগে: ভাস্কৰজ্যোতি মহন্ত

সত্ৰসমূহত ঘটনাই চুৰিকাণ্ড সংঘটিত হ’বলৈ ধৰিছে ৷ ইয়াৰ পৰা পৰিত্ৰাণৰ উপায় দিলে আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্য়োতি মহন্তই ৷ আনহাতে সৰু সৰু কাজিয়াতে আৰক্ষীৰ কাষষ চপা কাৰ্যকো ভালনোপোৱা বুলি জনালে আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে(DGP Bhaskarjyoti Mahanta) ৷

বৰপেটা, ১৯ ছেপ্টেম্বৰ: অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তৰ বৰপেটা সত্ৰ দৰ্শন ৷ সপত্নীক বৰপেটা সত্ৰ দৰ্শনৰ সময়ত আৰক্ষীৰ শীৰ্ষ বিষয়াগৰাকীৰ সৈতে বৰপেটাৰ আৰক্ষী অধীক্ষকো উপস্থিত থাকে ৷ বৰপেটা সত্ৰত উপস্থিত হৈ ভাস্কৰজ্যোতি মহন্তই সত্ৰত সেৱা জনোৱাৰ লগতে বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়া বশিষ্ঠ দেৱ শৰ্মাৰ বাসগৃহত উপস্থিত হৈ সত্ৰীয়াগৰাকীকো সেৱা জনায় (Bhaskarjyoti Mahanta at Barpeta Satra)৷

বৰপেটা সত্ৰৰ ঐতিহ্যৰ কথা প্ৰকাশ কৰি বৰপেটাৰ সত্ৰসমূহ দৰ্শন কৰি থকাৰ কথা প্ৰকাশ কৰে আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে (DGP Bhaskarjyoti Mahanta)৷ বৰপেটা সত্ৰ দৰ্শনৰ পাছতে অসম আৰক্ষীৰ সঞ্চালক প্ৰধানগৰাকীয়ে সত্ৰসমূহৰ সমস্যা সমাধানৰ ক্ষেত্ৰত অসম আৰক্ষী আগ্ৰহী বুলি মন্তব্য কৰে ৷ বিশেষকৈ সত্ৰসমূহত চিচি কেমেৰা লগোৱা, সত্ৰৰ প্ৰণামীসমূহ বেংকত জমা কৰাৰ বাবে পৰামৰ্শ আগবঢ়ায়ই তেওঁ কয় যে চোৰক আকৃষ্ট কৰিব পৰা কোনো সম্পত্তি সত্ৰত ৰাখিব নালাগে ৷

চোৰক আকৃষ্ট কৰিব পৰা কোনো সম্পত্তি সত্ৰত ৰাখিব নালাগে: ভাস্কৰজ্যোতি মহন্ত

আনকি বহুকেইখন সত্ৰত অসম আৰক্ষীয়ে চিচি কেমেৰা প্ৰদান কৰাৰ কথাও প্ৰকাশ কৰে ভাস্কৰজ্যোতি মহন্তই ৷ সত্ৰসমূহৰ সংৰক্ষণ অতি জৰুৰী বুলি উল্লেখ কৰি চিচি কেমেৰা স্থাপন, পুলিচ পেট্ৰ'লিঙৰ ব্যৱস্থা আদি বিষয়তো মন্তব্য মন্তব্য কৰে আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে ৷ বৰপেটা সত্ৰ সত্ৰীয়া ঐতিহ্যৰ ধ্বজাবাহক বুলি উল্লেখ কৰি যুৱ প্ৰজন্মক সত্ৰৰ সৈতে জড়িত কৰোৱাব লাগে বুলি মন্তব্য কৰে ভাস্কৰজ্যোতি মহন্তই ৷

তেওঁ কয় যে ‘‘সত্ৰসমূহক হাব চেন্টাৰ হিচাবে গঢ়ি তুলিব লাগে ৷ এসময়ত সত্ৰসমূহ ন্যায় পঞ্চায়ত আছিল ৷ আজিকালি সৰু সৰু কাজিয়াতে মানুহবোৰ থানালৈ যায় ৷ এইবোৰ সঠিক কথা নহয়’’৷ থানালৈ যোৱাৰ পৰিৱৰ্তে সৰু সৰু বিষয়বোৰ সত্ৰতে নিস্পত্তিৰ আহ্বান জনায় আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে ৷

লগতে তেওঁ কয়, ‘‘সত্ৰসমূহত সৰু-সুৰা বিষয়বোৰৰ সমাধান কৰি দণ্ড বিহা বা প্ৰায়শ্চিত্ত কৰাৰ চিন্তা কৰিব লাগে ৷ এইবোৰত সত্ৰসমূহে গুৰুত্ব দিব লাগে’’৷ অসম আৰক্ষীৰ নিযুক্তি(Assam police recruitment) সন্দৰ্ভতো মন্তব্য আগবঢ়ালে অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তই ৷ নিযুক্তিৰ ক্ষেত্ৰত বেইমানি কৰা নাই বুলি মন্তব্য কৰে ভাস্কৰজ্যোতি মহন্তই ৷ সম্পূৰ্ণ ন্যায় আৰু মেধাৰ ভিত্তিত নিযুক্তি হোৱা বুলি মন্তব্য কৰি তেওঁ কয় যে তেওঁৰ কাৰ্যকালত পূৰ্বেও প্ৰায় ৯,৬০০ পদত নিযুক্তি দিয়া হৈছিল ৷

নিযুক্তি ন্যায় আৰু মেধাৰ ভিত্তিত হৈছে বুলি মন্তব্য কৰি ভিক্টৰ দাসৰ(Teacher Victor Das) ঘটনাটোৰ ভিতৰলৈ আৰক্ষী সঞ্চালক প্ৰধানগৰাকী সোমোৱা নাই বুলি উল্লেখ কৰে ৷ ভিক্টৰ দাসক গ্ৰেপ্তাৰ কৰাৰ নিশ্চয় কাৰণ থাকিব বুলি মন্তব্য কৰি তেওঁ কয় যে ভিক্টৰ দাসৰ ঘটনাটোৰ বিষয়ত প্ৰতিবেদন বিচৰা বুলি মন্তব্য কৰে ভাস্কৰজ্যোতি মহন্তই ৷

উল্লেখ্য যে, বৰপেটা সত্ৰৰ পৰা ভাস্কৰজ্যোতি মহন্তই বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়া বশিষ্ঠ শৰ্মাৰ(Bura Satriya of Barpeta Satra) বাসগৃহলৈ যায় আৰু বুঢ়াসত্ৰীয়াগৰাকীক সেৱা জনায় ৷ আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে সম্প্ৰতি অসুস্থ হৈ থকা বুঢ়াসত্ৰীয়া বশিষ্ঠ দেৱ শৰ্মাৰ সৈতে বহু ধেমেলীয়া কথা পতাও দেখা যায় ৷

লগতে পঢ়ক: অৱশেষত খোল গালে আঠখেলীয়া নামঘৰৰ তলা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.