ETV Bharat / state

বৰপেটাৰ বিদ্যালয় সমূহত অষ্টম শ্ৰেণীলৈ পাঠদান বন্ধ

author img

By

Published : Apr 27, 2021, 3:34 PM IST

বৰপেটা জিলাৰ উপাযুক্ত মুনিন্দ্ৰ শৰ্মাই জানিব দিয়া মতে, বৰপেটা জিলাত একে দিনাই শতাধিক কʼভিড পজিটিভ চিনাক্ত হোৱাৰ পৰিপ্ৰেক্ষিতত মঙলবাৰৰ পৰা অষ্টম শ্ৰেণী আৰু ইয়াৰ তলৰ সকলো শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ বাবে শ্ৰেণীকোঠাৰ পাঠদান বন্ধ থাকিব । ছাত্ৰ-ছাত্ৰীসকল যাতে ক্ষতিগ্ৰস্ত নহয় তাৰ বাবে অনলাইন যোগে পাঠদান কৰিবলৈ শিক্ষানুষ্ঠান সমূহক নিৰ্দেশ দিছে প্ৰশাসনে ।

বৰপেটাত অষ্টম শ্ৰেণীলৈ বিদ্যালয়ৰ পাঠদান বন্ধ

জনীয়া,২৭ এপ্ৰিল: বৰপেটা জিলাত ক'ভিড পজিটিভ ৰোগীৰ সংখ্যা ক্ৰমাৎ বৃদ্ধি পাই অহাৰ পৰিপ্ৰেক্ষিতত জিলাখনত মঙলবাৰৰ পৰা অষ্টম শ্ৰেণী আৰু ইয়াৰ তলৰ সকলো শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ বাবে শ্ৰেণীকোঠাৰ পাঠদান বন্ধ থাকিব । এই নিৰ্দেশ চৰকাৰী আৰু বেচৰকাৰী উভ‌য় ক্ষেত্ৰতে প্ৰযোজ্য হ'ব । অৱশ্যে ছাত্ৰ-ছাত্ৰীসকল যাতে ক্ষতিগ্ৰস্ত নহয় তাৰ বাবে অনলাইন যোগে পাঠদান কৰিবলৈ শিক্ষানুষ্ঠান সমূহক নিৰ্দেশ দিছে প্ৰশাসনে ।

বৰপেটা জিলাৰ উপাযুক্ত মুনিন্দ্ৰ শৰ্মাই জানিব দিয়া মতে, বৰপেটা জিলাত একে দিনাই শতাধিক কʼভিড পজিটিভ চিনাক্ত হোৱাৰ পৰিপ্ৰেক্ষিততে এনে সিদ্ধান্ত গ্ৰহণ কৰা হয় । অহা ৮ মে'লৈকে এই নিৰ্দেশ প্ৰযোজ্য হ'ব বুলি তেওঁ জানিবলৈ দিয়ে । অৱশ্যে নৱম শ্ৰেণীৰ পৰা উচ্চতৰ পৰ্যায়ৰ শ্ৰেণীৰ বিদ্যালয়ত ৫০ শতাংশ ছাত্ৰ-ছাত্ৰীয়ে পাঠদানত অংশ লোৱাৰ অনুমতি বাহাল ৰখা হৈছে ।

লগতে পঢ়ক:মঙলবাৰৰ নিশাৰ পৰা ৰাজ্যত বলৱৎ হ'ব সান্ধ্য আইন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.