ETV Bharat / state

সাংবাদিকৰ মহানুভৱতাঃ উদ্ধাৰ কৰিলে এগৰাকী বৃদ্ধাক

author img

By

Published : Nov 4, 2020, 9:38 PM IST

নলবাৰীৰ সাংবাদিক মজিবুৰ ৰহমানৰ দ্বাৰা পৰিচালিত শান্তি নিবাস বৃদ্ধাশ্ৰমত আশ্ৰয় গ্ৰহণ কৰি আছে 30 গৰাকীকৈ লোকে ৷ সাংবাদিকগৰাকীয়ে বৰ্তমানলৈকে 570 গৰাকীৰো অধিক আশ্ৰয়হীন ব্যক্তিক উদ্ধাৰ কৰি আশ্ৰয় প্ৰদান কৰিছে ৷ শেহতীয়াকৈ বৰপেটা জিলাৰ বৰভিটা অঞ্চলৰ পৰা এগৰাকী বিশেষভাৱে সক্ষম মহিলাক উদ্ধাৰ কৰি সাংবাদিকগৰাকীয়ে আশ্ৰয় প্ৰদান কৰে ৷

An old helpless women recovered by journalist jania barpeta assam etv bharat news
সাংবাদিকৰ মহানুভৱতা

বৰপেটা,4 নৱেম্বৰ: বৰপেটাৰ বৰভিটা অঞ্চলৰ এগৰাকী মহিলাই সুদীৰ্ঘ তিনি বছৰে আশ্ৰয় গ্ৰহণ কৰি আহিছিল চান্দমামা আদৰ্শ চিকিৎসালয়ৰ বাৰান্দাত ৷ বিশেষভাৱে সক্ষম মহিলাগৰাকীৰ পৰিয়াল বুলিবলৈ নাছিল কোনো ৷ মহিলাগৰাকী এই গাঁওখনলৈ কেনেদৰে আহিল তাৰ বিষয়েও অজ্ঞাত গাঁওবাসী ৷ মহিলাগৰাকীৰ এনে অৱস্থা দেখি চিকিৎসালয়খনৰ বাৰান্দাত থকাৰ ব্যৱস্থা কৰি দিছিল চিকিৎসালয়খনত ফাৰ্মাচিষ্ট হিচাপে কৰ্মৰত আব্দুল হামিদে ৷ পৰৱৰ্তী সময়ত গাঁওখনৰ কেইগৰাকীমান সচেতন ব্যক্তিয়ে মহিলাগৰাকীক কাপোৰ, তেল-চাবোনকে ধৰি কিছু অত্যাৱশ্যকীয় সামগ্ৰী ক্ৰয় কৰি দিয়ে ৷ ক্ৰমাৎ বৃদ্ধাগৰাকীয়ে বিভিন্ন ৰোগত আক্ৰান্ত হ’বলৈ ধৰে ৷ বৃদ্ধাগৰাকীৰ এনে অৱস্থাৰ বিষয়ে কেইগৰাকীমান সচেতন ব্যক্তিয়ে অৱগত কৰে নলবাৰী জিলাৰ শান্তি নিবাস বৃদ্ধাশ্ৰমৰ গৰাকী তথা সাংবাদিক মজিবুৰ ৰহমানক ৷

বিশেষভাৱে সক্ষম বৃদ্ধা উদ্ধাৰ

সাংবাদিক ৰহমানে বৰভিটাত উপস্থিত হৈ বৃদ্ধাগৰাকীৰ স্বাস্থ্য পৰীক্ষাৰ অন্তত উদ্ধাৰ কৰি বৃদ্ধাশ্ৰমখনলৈ নিয়ে ৷ উল্লেখ্য যে, সাংবাদিকগৰাকীয়ে বৰ্তমানলৈকে 570 গৰাকীৰো অধিক আশ্ৰয়হীন ব্যক্তিক উদ্ধাৰ কৰি আশ্ৰয় প্ৰদান কৰিছে ৷ সম্প্ৰতি বৃদ্ধাশ্ৰমখনত আশ্ৰয় গ্ৰহণ কৰি আছে 30 গৰাকীকৈ লোকে ৷

সাংবাদিকৰ মহানুভৱতা

লগতে চাওকঃ নগাঁও বন বিভাগৰ অভিযানত জব্দ অবৈধভাৱে কাঠ কঢ়িওৱা বাহন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.