ETV Bharat / state

Scam in PM Kisan Nidhi: প্ৰধানমন্ত্ৰী কিষাণ নিধি আঁচনিৰ নামত ধন দাবী গাঁওবুঢ়াৰ; কেমেৰাত বন্দী দৃশ্য

কলগাছিয়াত প্ৰমাণ পত্ৰ দিয়াৰ নামত ৰাইজৰ পৰা ধন সংগ্ৰহ গাঁও প্ৰধানৰ । প্ৰমাণ পত্ৰ ল’বলৈ যোৱা এজন লোকে গোপনে কেমেৰাত আৱদ্ধ কৰিলে ধন দাবী কৰাৰ দৃশ্য । জিলাৰ উপায়ুক্ত, ৰাজহ চক্ৰৰ চক্ৰ বিষয়াক বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ ভুক্তভোগী, আমছুৱে দাবী জনায় (Alligation of corruption in Kolgasia PM Kishan scheme)।

Allegation of irregularities in PM Kisan Nidhi
প্ৰধানমন্ত্ৰী কিষান নিধি আঁচনিত দুৰ্নীতি

Published : March 12, 2023 at 1:57 PM IST

Choose ETV Bharat
প্ৰধানমন্ত্ৰী কিষান নিধি আঁচনিত দুৰ্নীতি

বৰপেটা, 12 মাৰ্চ : ৰাজ্য চৰকাৰখনে দুৰ্নীতিমুক্ত ৰাজ্য হিচাপে অসমখনক গঢ় দিবলৈ বিভিন্ন প্ৰচেষ্ঠা অব্যাহত ৰাখিছে যদিও প্ৰতিদিনে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ বিভিন্ন বিভাগত সংঘটিত হৈ অহা দুৰ্নীতি, কেলেংকাৰীৰ খবৰ পোহৰলৈ আহিয়েই থকা পৰিলক্ষিত হৈছে ৷ এইবাৰ বৰপেটা জিলাৰ কলগাছিয়াত তৃণমূল পৰ্যায়তে সংঘটিত হৈছে দুৰ্নীতি ৷ প্ৰমাণ পত্ৰ নামত গাঁও প্ৰধানে ধন দাবী কৰাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় তথা ভুক্তভোগী ৰাইজে (Allegation of irregularities in PM Kisan Nidhi) ৷

বৰপেটা জিলাৰ কলগাছিয়াৰ ৰাজহ চক্ৰৰ অন্তৰ্গত ১১ নং চাৰ্জৰ জমেৰকুৰ, বৰদাংগা, খাটাকুচি গাঁৱৰ গাঁও প্ৰধান আব্দুছ ছামাদৰ বিৰুদ্ধে উত্থাপিত হৈছে প্ৰমাণ পত্ৰ দিয়াৰ নামত ধন সংগ্ৰহৰ গুৰুতৰ অভিযোগ । উল্লেখ্য যে, বৰদাংগা গাঁৱৰ প্ৰধানমন্ত্ৰী কিষান নিধি আঁচনিৰ হিতাধিকাৰী ৰফিকুল ইছলামক প্ৰমাণ পত্ৰ প্ৰদানৰ নামত ধন নিদিয়াত দুৰ্ব্যৱহাৰ কৰি গাঁও প্ৰধান আব্দুছ ছামাদে তেওঁৰ ঘৰৰ পৰা উলিয়াই দিয়াৰ অভিযোগ উত্থাপন কৰিছে ভুক্তভোগী ৰফিকুল ইছলামে ।

আনফালে প্ৰধানমন্ত্ৰী কিষান নিধি আঁচনিৰ হিতাধিকাৰীসকলক প্ৰমাণ পত্ৰ জমা দিবৰ বাবে চৰকাৰী নিৰ্দেশনা প্ৰদান কৰা হৈছে ৷ এই প্ৰমাণ পত্ৰৰ নামত গাঁও প্ৰধান আব্দুছ ছামাদে আঁচনিখনৰ পৰা হিতাধিকাৰীয়ে লাভ কৰিবলগীয়া ধনৰ আধা অংশ ধন তেওঁক দিব লাগিব বুলি দাবী কৰাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ভুক্তভোগী ৰাইজে (Alligation of corruption in PM Kishan scheme) ।

লগতে পঢ়ক : Rowta Encounter Update : ৰহস্য ফাদিল; ৰৌতাৰ এনকাউণ্টাৰত নিহত হৈছিল ডিম্বেশ্বৰ মুছাহাৰী

আনকি গাঁও প্ৰধান আব্দুছ ছামাদে প্ৰমাণ পত্ৰ প্ৰদানৰ নামত ৰাইজৰ পৰা ৫০-১০০ টকা লোৱাৰ উপৰিও ৰাইজৰ লগত বিভিন্ন সময়ত দুৰ্ব্যৱহাৰ কৰাৰো গুৰুতৰ অভিযোগ উত্থাপন হৈছে । আনহাতে অৰুণোদয় আঁচনি প্ৰদানৰ নামতো এটা দালাল চক্ৰৰ সৈতে মিলি ধন সংগ্ৰহ কৰাৰো গাঁও প্ৰধান আব্দুছ ছামাদৰ বিৰুদ্ধে অভিযোগ আছে বুলি স্থানীয় সূত্ৰত প্ৰকাশ ।

ভুক্তভোগী তথা স্থানীয় ৰাইজে বৰপেটা জিলাৰ উপায়ুক্ত, কলগাছিয়া ৰাজহ চক্ৰৰ চক্ৰ বিষয়াক গাঁও প্ৰধান আব্দুছ ছামাদৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰাৰ লগতে উচিত শাস্তি দিবলৈ ভুক্তভোগী ৰফিকুল ইছলামৰ লগতে আৰু আমছুৱে দাবী জনাইছে (Demanding Money for PM Kisan Nidhi) ।