ETV Bharat / state

Ganja Seized at Tamulpur : তামুলপুৰ আৰক্ষীৰ জালত তিনি গাঞ্জা সৰবৰাহকাৰী

author img

By

Published : Dec 9, 2021, 2:21 PM IST

নাগ্ৰীজুলিত তিনিটা গাঞ্জা সৰবৰাহকাৰী আৰক্ষীৰ জালত ৷ প্ৰায় 36 কেজি গাঞ্জা কঢ়িয়াই নিছিল ধৃত সৰবৰাহকাৰী কেইটাই (police arrested 3 ganja supplier with 36kg ganja) ৷

ganja seized at tamulpur
গাঞ্জা জব্দ কৰি তামুলপুৰ আৰক্ষীৰ সফলতা

বাক্সা, 9 ডিচেম্বৰ : বাক্সাৰ তামুলপুৰ আৰক্ষীৰ বৃহৎ সাফল্য ৷ এক গোপন সূত্ৰৰ পম খেদি চলোৱা অভিযানত বুধবাৰে পুৱা তামুলপুৰ আৰক্ষীয়ে গাঞ্জাৰ সৈতে তিনিটা সৰবৰাহকাৰীক কৰায়ত্ব কৰে (police arrested 3 ganja supplier with 36kg ganja) ৷

ganja seized at tamulpur
গাঞ্জা জব্দ কৰি তামুলপুৰ আৰক্ষীৰ সফলতা

নাগ্ৰীজুলি আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া মনোজ দাসৰ নেতৃত্বত আৰক্ষীৰ এটা দল আৰু এছ এছ বিৰ এটা দলে বুধবাৰে পুৱাৰে পৰা নাগ্ৰীজুলি অঞ্চলৰ বিভিন্ন স্থানত নিয়মীয়া তালাচী চলায় ৷ তালাচীৰ সময়ত নাগ্ৰীজুলিৰ 19 নম্বৰ লাইনত AS 13 L 8555 নম্বৰৰ এখন বাহনৰ পৰা আৰক্ষীয়ে 36.4 কিল’গ্ৰাম গাঞ্জা জব্দ কৰে (police seized 36 kg ganja at tamulpur) ৷

গাঞ্জা জব্দ কৰি তামুলপুৰ আৰক্ষীৰ সফলতা

গাঞ্জা সৰবৰাহকাৰী তিনিজন ক্ৰমে নীতিশ দৈমাৰী, নিপুণ দৈমাৰী আৰু বিমল দৈমাৰীক আৰক্ষীয়ে আটক কৰি নিজৰ জিম্মাত ৰাখিছে ৷ আৰক্ষীয়ে ধৃত সৰবৰাহকাৰী কেইটাক সোধ-পোছ অব্যাহত ৰাখিছে ৷

লগতে পঢ়ক : Illegal cattle pound at Diffloo tea estate:বাতৰি সংগ্ৰহৰ বাবে যোৱা সাংবাদিকক আক্ৰমণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.